Lachit Divas 2022: লাচিত দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত নাও খেল প্ৰতিযোগিতা

author img

By

Published : Nov 23, 2022, 5:20 PM IST

Guwahati
গুৱাহাটীত নাও খেল প্ৰতিযোগিতা ()

লাচিত দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Lachit Divas organised in Assam)। গুৱাহাটীত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । বিভিন্ন জিলাৰ ৪ টাকৈ দলে অংশ ল'লে এই প্ৰতিযোগিতাত ।

গুৱাহাটী, ২৩ নৱেম্বৰ : অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী (Lachit Divas preparation)। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগতো জিলা ক্ৰীড়া বিভাগৰ সহযোগত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে (Indigenous Boat racing competition)।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলাৰ সহযোগত বুধবাৰে সদৌ অসম ভিত্তিত নাও খেলৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় (Boat racing competition in Guwahati)। মহানগৰীৰ দীঘলীপুখুৰীত আয়োজিত এই নাও খেল প্ৰতিযোগিতাত ৪ টা দলে অংশগ্ৰহণ কৰে ।

চূড়ান্ত খেলখন কামৰূপ আধিয়াপাৰা আৰু কামৰূপৰ ছয়গাঁৱৰ মাজত অনুষ্ঠিত হয় । নাওখেলত বিজয়ী হয় কামৰূপ আধিয়াপাৰাৰ দলটো । আনহাতে উক্ত প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰে কামৰূপ মেট্ৰ' ছয়গাঁৱৰ দলটোৱে । প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰত আছিল ১১ হাজাৰ টকা আৰু ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰত আছিল ৭ হাজাৰ নগদ ধন আৰু ট্ৰফী ৷

নাও খেল সন্দৰ্ভত ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে কয় যে নাও খেল এক পৰম্পৰাগত খেল । লাচিত বৰফুনকে নাৱেৰে যুদ্ধ কৰি মোগলক পৰাজয় কৰিছিল । সেয়েহে ৪০০ বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তীত গুৱাহাটীত প্ৰশাসনে তথা চৰকাৰে নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে । নাও খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ অসম চৰকাৰৰ বিভিন্ন কৰণীয় আছে বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে নতুন দিল্লীতো এইবাৰ অনুষ্ঠিত হ’ব বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary) । অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে । এই প্ৰদৰ্শনীখন বিত্ত মন্ত্ৰীয়ে উদ্বোধন কৰিব ।

লগতে পঢ়ক :Lachit Divas 2022: চাউলখোৱা নৈৰ পাৰত লাচিত বৰফুকন শীৰ্ষক নাট পৰিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.