ETV Bharat / state

খানাপাৰাত বিজেপিৰ বুথ কমিটিৰ বিশাল সভা

author img

By

Published : Jan 4, 2020, 11:42 PM IST

শাসকীয় বিজেপি দলৰ বুথ কমিটিৰ সভা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৷ লাখ লাখ বিজেপি কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ দাস তথা বিজেপি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে.পি নড্ডা তথা ৰাম মাধৱকে ধৰি বহুজনে অংশগ্ৰহণ কৰে ৷

BJP rally in Khanapara
খানাপাৰাত বিজেপিৰ বুথ কমিটিৰ বিশাল সভা

গুৱাহাটী, 4 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ মাজতে শাসকীয় বিজেপি দলৰ বুথ কমিটিৰ সভা ৷ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত লাখ লাখ বিজেপি কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ দাস তথা বিজেপি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে.পি নড্ডা তথা ৰাম মাধৱকে ধৰি বহুজনে অংশগ্ৰহণ কৰে ৷

খানাপাৰাত বিজেপিৰ বুথ কমিটিৰ বিশাল সভা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই সভাৰ ভাষণত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ৷ অহা 7 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ বিজেপিৰ বুথে বুথে সম্পৰ্ক অভিযান চলিব বুলি উল্লেখ কৰে ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ চলা অপপ্ৰচাৰৰ ৰোধৰ বাবে ঘৰে ঘৰে এই সম্পৰ্ক অভিযান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷ আনহাতে 12 জানুৱাৰীত যুৱ সম্পৰ্ক অভিযান নামেৰে এক নতুন অভিযান আৰম্ভ কৰা হ’ব ৷ ইয়াৰোপৰি 17 জানুৱাৰীত সমূহ মণ্ডলতে শিল্পী দিৱস উদযাপিত কৰা হ’ব বুলিও তেওঁ মন্তব্য প্ৰদান কৰে ৷ আনহাতে অহা 20ৰ পৰা 25 জানুৱাৰীলৈ ভোটাৰ তালিকা পৰ্যবেক্ষণ কৰা হ’ব লগতে 26 জানুৱাৰীত মণ্ডল পৰ্যায়ত গণতন্ত্ৰ দিৱস পালন কৰিব বিজেপিয়ে। ইয়াৰোপৰি 30 জানুৱাৰীত মণ্ডল পৰ্যায়ত মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰিব বিজেপিয়ে ৷ আনহাতে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন সমৰ্থনত মিছ্ড ক’ল অভিযান আৰম্ভ কৰিছে ৷ 8866288662 নম্বৰত মিছ্ড ক’ল দি সমৰ্থন জনাব পাৰিব বুলিও মন্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি বিজেপি থকালৈকে অসমীয়া মানুহ সুৰক্ষিত । নাগৰিকত্ব সংশোধনী আইনে অসমীয়া মানুহৰ অস্বিত্ব বিপদাপন্ন কৰিব নোৱাৰে আৰু তাৰ বাবে কেন্দ্ৰীয় আৰু অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে কাৰোবাৰ ষড়যন্ত্ৰত পৰি আমাক সন্দেহ নকৰিব যোৱা তিনি বছৰত আমি কিবা বেয়া কাম কৰিছো নেকি? অনাহকত আমাক সন্দেহ নকৰিব বুলিও উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ৷

খানাপাৰাত বিজেপিৰ বুথ কমিটিৰ বিশাল সভা

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সভাত এই গণতান্ত্ৰিক আন্দোলনৰ নামত কোনোবাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে আৰু ৰাজনৈতিক দল খোলাৰ সপোন দেখিছে তাক বিজেপিয়ে ৰাজনৈতিক ভাৱে প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে ৷ আনহাতে কাৰোবাৰ পিতৃ-মাতৃক আক্ৰমণ কৰি আন্দোলন নহয়, অসম আন্দোলন চান্দাৰ ওপৰত চলা নাছিল। অসম আন্দোলনত ফাঁচী বজাৰৰ দোকান বন্ধ কৰিব লগা নাছিল বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰোপৰি কোনোবাই যদি কয় ভগৱান নাই মই ভগৱান নামানো তেন্তে আমি এইখন মঞ্চৰ মাজৰ পৰা কৈছো আমি ভগবান মানিম। বাঁওপন্থী চিন্তাৰে ভগবান নাই বুলি কৰা আন্দোলন নালাগে ৷ আছুয়ে ১৯৭১ চনৰ ভিত্তি বৰ্ষ কৰিব বুলি জনা হ’লে খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিলে হেতেন নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে 1951 ৰ পৰা 1971 কৰিছে সেয়া কি বিশ্বাসঘাতকতা নহয় নেকি? বুলিও উল্লেখ কৰে ৷
লগতে যিসকলে লতাশিলৰ তথআ চানমাৰিৰ পৰা আন্দোলনৰ তদাৰকী কৰি আছে সেইসকলক ক’ম এয়া কেৱল বিজেপিৰ জনপ্ৰতিনিধিৰ সভাহে । কাৰ্যকৰ্তা কল এতিয়াও ঘৰত বহিয়েই আছে । এই বুলি আছুক কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে প্ৰফুল্ল মহন্তক কটাক্ষ কৰি কয় যে অহাবাৰ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিৰ ৰাইজে বিশ্বাসঘাটকতাৰ প্ৰত্যুত্তৰ দিব বুলিও উল্লেখ কৰে ৷

আনহাতে এই সভাত বিজেপি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে.পি নড্ডা তথা ৰাম মাধৱেও নিজৰ ভাষণ প্ৰদান কৰে ৷

আৰু পঢ়কঃCAA ৰ বিৰুদ্ধে প্ৰতিবাদত অটল অসমীয়া

Intro:খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত বিজেপিৰ বুথ কমিটিৰ সভা । সভাত উপস্থিত লাখ লাখ বিজেপি কৰ্মীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মা , ৰঞ্জিত দাস , ৰাজ্য নেতৃত্বৰ লগতে কেন্দ্ৰয় নেতৃত্ব ।
মুখ্যমন্ত্ৰীৰ ভাষণ --
• ৭জানুৱাৰীৰ পৰা বিজেপিৰ বুথে বুথে সম্পৰ্ক অভিযান
১১জানুৱাৰী পৰ্যন্ত চলিব এই অভিযান
কা ক লৈ চলা অপপ্ৰচাৰ ৰোধৰ বাবে ঘৰে ঘৰে সম্পৰ্ক অভিযান ।১২জানুৱাৰীত যুৱ সম্পৰ্ক অভিযান ।
১৭ জানুৱাৰীত মণ্ডল সমূহত শিল্পী দিৱস ।
২০ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ ভোটাৰ তালিকা পৰ্যবেক্ষণ । ২৬ জানুৱাৰীত মণ্ডল পৰ্যায়ত গণতন্ত্ৰ দিৱস পালন কৰিব বিজেপিয়ে । ২৮ জানুৱাৰীত মহিলা মৰ্চাৰ মণ্ডলে মণ্ডলে আইদেউ বুলনী । ৩০জানুৱাৰীত গান্ধীৰ মৃত্যু দিৱস পালন আৰু মণ্ডলত বিষয় ববীয়া সভা— ৰণজিৎ দাস
সমগ্ৰ বছৰটোত বিৰামহীন কাৰ্যসূচী চলি থাকিব বিজেপিৰ
• BJPৰ CAA সমৰ্থনত মিছ্ড কল অভিযান
• 8866288662 নম্বৰত মিছ্ড কল দি সমৰ্থন জনাব CAAক


Body:হিমন্তৰ ভাষণ ---
• এই গণতান্ত্ৰিক আন্দোলনৰ নামত কোনোবাই মুখ্যমন্ত্ৰী সপোন দেখে ৰাজনৈতিক দল খোলাৰ সপোন দেখে তাক বিজেপিয়ে ৰাজনৈতিক ভাবে প্ৰত্যুত্তৰ দিব : হিমন্ত
• কাৰোবাৰ মাতৃ পিতৃক আক্ৰমণ কৰি আন্দোলন নহয়, অসম আন্দোলন চান্দাৰ ওপৰত চলা নাছিল। অসম আন্দোলনত ফাঁচী বজাৰৰ দোকান বন্ধ কৰিব লগা নাছিল : হিমন্ত
• কোনোবাই যদি কয় ভগৱান নাই মই ভগৱান নামানো তেন্তে আমি এইখন মঞ্চৰ মাজৰ পৰা কৈছো আমি ভগবান মানিম। বাওপন্থী চিন্তাৰে ভগবান নাই বুলি কৰা আন্দোলন নালাগে
• আছুয়ে ১৯৭১ চনৰ ভিত্তি বৰ্ষ কৰিব বুলি জনা হলে খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিলেহেতেননেকি ?
• ৫১ ৰ ৭১ কৰা সেয়া কি বিশ্বাসঘাতকতা নহয়নেকি?
• যিসকে লতাশিলৰ চানমাৰি ৰ পৰি আন্দোলন তদাৰক কৰি আছে সেই সকলক কম এয়া কেৱল বিজেপিৰ জনপ্ৰতিনিধিৰ সভাহে। কাৰ্যকৰ্তা সকল এতিয়াও ঘৰত বহিয়েই আছ।
• সমুজ্জ্বলে কৈ সেইসময়ত এইখনেই ভাল চুক্তি আছিল। কিন্তু ১৯৮৭ চনত নাগৰিকত্ব সংশোধনী কৰি ক'লে বাংলাদেশীৰ ল'ৰা ছোৱালী অসমত ভাৰতীয় হব। সেই সংশোধনীতেই অসম চুক্তিৰ মূল্য সেইদিনাই শেষ হৈছিল : হিমন্ত
• ৮৭ চনত আছু মনে মনে থাকিল । কাৰণ আন্দোলন কৰিবলৈ ভয় কৰি
• প্ৰফুল্ল মহন্ত ডাঙৰীয়া আপুনি অহাবাৰ নিৰ্বাচনত বৰহমপুৰ সমষ্টিৰ পৰা হাৰিব। বিশ্বাসঘাতকতাৰ প্ৰত্যুত্তৰ দিব।
• কিন্তু ২০০৩ চনত বাজপেয়ী আহি অসম চুক্তি ৰক্ষা কৰি আইন সংশোধন কৰিলে।
• ৰাহুল গান্ধীয়ে সংসদত কয় মুছলমানকো নাগৰিকত্ব দিব লাগে। কিন্তু অসমত আহি সেই কথা নকয়।
• ৯২ চনত পুনৰ সংশোধন কৰি ক'লে বাংলাদেশীৰ মাক বা বাপেক এজন বাংলাদেশী হয় নাগৰিক হব।
• এই মানুহ খিনি ১৯৭২ আৰু ২০১৪ চনৰ মাজত অহা মানহ। মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এজনো হিন্দু বাংলাদেশী অসমলৈ অহা নাই। সৰ্ব্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত এজনো হিন্দু বাংলাদেশী অসমলৈ অহা নাই । কাৰণ মোডীয়ে বাংলাদেশক কৈ দিছে হিন্দুৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব।
• কিছুমানৰ হিন্দু বুলি ক'লে গা খজুৱতি উঠে। তেওলোকৰ মতে মুছলমানৰ নাম বাদপৰাক লৈহে আন্দোলন কৰে।
• এই আইনৰ জৰিয়তে মাত্ৰ তিনি লাখৰ পৰা চাৰে তিনি অথবা চাৰি লাখ মানুহে নাগৰিকত্ব পাব। আপুনালোকে লিখি লৈ যাওঁক : হিমন্ত
Conclusion:• আন ৰাজ্যৰ দৰে ৰাজনৈতিক কাৰনত CAAক লৈ অসমত আন্দোলন হোৱা নাই
কিছু শংকাৰ বাবেহে ইয়াত আন্দোলন হৈছে
অসমৰ জনতা আশ্বস্ত হওক
মুখ্যমন্ত্ৰী সোণোৱালে জাতিৰ ক্ষতি নকৰে— ৰাম মাধৱ
• এজনো নতুন মানুহ নাহে। কাৰো মাটি নাযায়। মোডী ডাঙৰীয়াই দায়িত্ব ভাৰ লোৱাৰ পিছত এজনো হিন্দু বাংলাদেশীক ভাৰতলৈ আহিবলৈ দিয়া নাই।
• আজিৰ সভাতেই ২০২১ ৰ নিৰ্বাচনী ৰণডংকা বাজিল বুলি ধৰি লৈ বিজেপি ৰ কাৰ্যকৰ্তাই কাম কৰি যাওঁক- ৰাম মাধৱ
• অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী হ'ব— ৰাম মাধৱ

• BJP থকালৈকে অসমীয়া মানুহ সুৰক্ষিত। CAA এ অসমীয়া মানুহৰ অস্বিত্ব বিপদাপন্ন কৰিব নোৱাৰে । তাৰ বাবে কেন্দ্ৰীয় আৰু অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে: মুখ্যমন্ত্ৰী
• গভীৰ ষড়যন্ত্ৰ হৈ এই চৰকাৰ খনৰ বিৰুদ্ধে । ৰাজনৈতিক ষড়যন্ত্ৰ কৰি চৰকাৰখনক ভংগ কৰি কৰি ক্ষমতা দখল চেষ্টা কৰিছে এটা চক্ৰই।
• কাৰোবাৰ ষড়যন্ত্ৰত পৰি আমাক সন্দেহ নকৰিব
চাৰে তিনি বছৰত আমি কিবা বেয়া কাম কৰিছো নেকি?
অনাহকত আমাক সন্দেহ নকৰিব— মুখ্যমন্ত্ৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.