ETV Bharat / state

বিধানসভাৰ অধ্যক্ষ পদৰ বাবে বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন

author img

By

Published : May 20, 2021, 9:07 PM IST

bishwajit-daimary
বিধানসভাৰ অধ্যক্ষ পদৰ বাবে বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন

পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষ পদৰ বাবে আজি মনোনয়ন দাখিল কৰিলে পানেৰী সমষ্টিৰ বিজেপি বিধায়ক তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ বিশ্বজিৎ দৈমাৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাজনো কেবিনেট মন্ত্ৰীয়ে ৷

গুৱাহাটী, ২০ মে': পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষ হ'ব পানেৰী সমষ্টিৰ বিজেপি বিধায়ক তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী । আনুষ্ঠানিকভাৱে আজি বিয়লি অধ্যক্ষ পদৰ বাবে বিধানসভাৰ প্ৰধান সচিবৰ হাতত মনোনয়ন দাখিল কৰে দৈমাৰীয়ে ।

মনোনয়ন দাখিলৰ সময়ত দৈমাৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাস, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, উৰ্খাওগৌৰা ব্ৰহ্ম, অশোক সিংঘাল, পীযুষ হাজৰিকাৰ উপৰিও ভালেসংখ্যক বিজেপি বিধায়কে । মনোনয়ন দাখিল কৰাৰ পাচতে সাংবাদিকক সম্বোধন কৰি বিশ্বজিৎ দৈমাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

বিধানসভাৰ অধ্যক্ষ পদৰ বাবে বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন

" মোৰ বাবে নতুন অভিজ্ঞতা হ'ব । বিধায়ক আৰু সাংসদ হিচাপে কাম কৰাৰ অভিজ্ঞতা মোৰ আছে যদিও বিধানসভাৰ অধ্যক্ষৰ দৰে এখন মৰ্যাদাপূৰ্ণ আসনত বহিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা ।" সাংবাদিকৰ আগত এইদৰে কয় বিশ্বজিৎ দৈমাৰীয়ে ৷ লগতে আগন্তুক দিনত অধ্যক্ষৰ আসনখনৰ মৰ্যাদা আৰু সন্মানৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি যাব বুলিও আশ্বাস দিয়ে বিশ্বজিৎ দৈমাৰীয়ে ৷

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা পৰা অনুষ্ঠিত হ'ব পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিবেশন । অধিবেশনৰ প্ৰথম দিনাই দৈমাৰীক নতুন অধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ক'ভিড-১৯: বিগত চাৰি দিনৰ তুলনাত মৃ্ত্যুৰ সংখ্যা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.