ETV Bharat / state

পাঞ্জাবাৰীত শঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ পালন

author img

By

Published : Oct 9, 2022, 10:57 PM IST

574th Birth anniversary of Srimanata Sankardeva
পাঞ্জাবাৰীত শঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ পালন

পাঞ্জাবাৰীৰ বতাহঘুলিত অনুষ্ঠিত হয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ (574th Birth anniversary of Srimanata Sankardeva)। যোৱা ৭ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই মহোৎসৱৰ দেওবাৰে সামৰণি পৰে ।

গুৱাহাটী, ৯অক্টোবৰ: শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ গুৱাহাটী মহানগৰ জিলা শাখাৰ অন্তৰ্গত নাৰায়ণ দাস ঠাকুৰ আতা আঞ্চলিক শাখাৰ উদ্যোগত 'বাসুদেৱ, মুকুন্দ মাধৱ, জনশিমলু-বিষ্ণুনগৰ' প্ৰাথমিক শাখাৰ আতিথ্যত গুৱাহাটীৰ পাঞ্জাবাৰীৰ বতাহঘুলিত পাব্লিক স্কুল খেলপথাৰ প্ৰাংগনত অনুস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ (574th Birth anniversary of Srimanata Sankardev)।

৭ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ আজি পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে নাৰায়ন দাস ঠাকুৰ আতা আঞ্চলিক শাখা ৰ সভাপতি কেশৱ বৰুৱাই (Birth anniversary of Sankardeva at Guwahati)।

আনহাতে, পুৱা ৯ বজাত উলিওৱা হয় এক ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা (Sankardeva Sangha program at Punjabari in Guwahati) । এই কাৰ্যসূচী উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন শৰণ সদস্য বৈকুণ্ঠ প্ৰসাদ দুৱৰাই ।ইয়াৰ পিছত দুপৰীয়া অনুস্থিত হোৱা মুকলি সভাত পৌৰোহিত্য কৰে নাৰায়ন দাস ঠাকুৰ আতা আঞ্চলিক শাখাৰ সভাপতি কেশৱ বৰুৱাই।

পাঞ্জাবাৰীত শঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ পালন

মুকলি সভাত প্ৰফুল্ল চন্দ্ৰ বৰুৱা, মুকুন্দ বৰদলৈ, ৰজনী ঠাকুৰীয়া, জ্যোতিষ মেধি, উৎপল কুমাৰ কলিতাকে ধৰি কেইবাগৰাকী শংকদেৱ সংঘৰ নেতা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সন্ধিয়াৰ ভাগত শিৱসাগৰ ভটিয়াপাৰ সূৰ্যোদয় সাংস্কৃতিক নাট্য গোষ্ঠীৰ দ্বাৰা ৰুক্মিণী হৰণ নাট ভাওনা প্ৰদৰ্শন কৰা হয়।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল ১৫-১৬ শতিকাৰ এগৰাকী সাধু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্যশিল্পী, অভিনেতা, সংগীতজ্ঞ, শিল্পী, সামাজিক-ধৰ্মীয় সংস্কাৰক আৰু অসম তথা ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব (Assamese polymath Srimanta Sankardeva) ।তেওঁক অতীতৰ লয় হ'ব ধৰা সাংস্কৃতিক পৰম্পৰাৰ পুনৰ নিৰ্মাণ কৰিছিল সংগীতৰ নতুন ৰূপ বৰগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰে (Borgeet by Sankardeva) । তেওঁ আৰম্ভ কৰা ভাগৱতী ধৰ্মীয় আন্দোলন (Bhagavatic religious movement), একশৰণ ধৰ্ম- যাক নৱ-বৈষ্ণৱ আন্দোলন (Neo Vaishnavite movement) বুলিও কোৱা হয়, দুই মধ্যযুগীয়া সাম্ৰাজ্য কোচ আৰু আহোমক প্ৰভাৱিত কৰিছিল ।

লগতে পঢ়ক:কানৈ মহাবিদ্যালয় উপস্থিত হৈ ছাত্ৰাৱস্থাৰ স্মৃতি সোঁৱৰিলে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.