Bhupen Hazarika Solidarity Award: কিংবদন্তী গায়িকা ঊষা মংগেশকাৰলৈ ড° ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা-2022

author img

By

Published : Nov 19, 2022, 5:23 PM IST

Bhupen Hazarika Solidarity Award

২০২২ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় সমন্বয় বঁটা আগবঢ়োৱা হৈছে কিংবদন্তী গায়িকা ঊষা মংগেশকাৰলৈ (Singer Usha Mangeshkar) । ২২ নৱেম্বৰত গুৱাহাটীৰ নেডফি হাউচত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰদান কৰিব এই বঁটা ।

গুৱাহাটী, ১৯ নৱেম্বৰ : অসম সাহিত্য সভাৰ ২০২২ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় সমন্বয় বঁটা আগবঢ়োৱা হৈছে প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰলৈ (Usha Mangeshkar honoured with Bhupen Hazarika award)। ২২ নৱেম্বৰৰ আবেলি ৪ বজাত গুৱাহাটীৰ নেডফি হাউচত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰদান কৰিব এই বঁটা (Bhupen Hazarika International Solidarity Award )।

উক্ত বঁটাত থাকিব ৫ লাখ টকাৰ চেক আৰু মানপত্ৰ । নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ(Numaligarh Refinery Limited) সহযোগিতাত আগবঢ়োৱা হ’ব এই বঁটা । অসম সাহিত্য সভা ভৱনত শনিবাৰে আয়োজিত সংবাদমেলত এই কথা সদৰী কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই । শইকীয়াই কয় যে, ২ বছৰৰ মূৰে মূৰে অসম সাহিত্য সভাই ড৹ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় সমন্বয় বঁটা প্ৰদান কৰি আহিছে । পূৰ্বেও বহুকেইগৰাকী খ্যাতনামা ব্যক্তিক প্ৰদান কৰা হৈছে এই বঁটা ।

কিংবদন্তী গায়িকা ঊষা মংগেশকাৰলৈ ড° ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা-2022

উল্লেখ্য যে, ২০২২ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় সমন্বয় বঁটাৰ বাবে নিৰ্বাচিত ঊষা মংগেশকাৰ ২১ নৱেম্বৰত গুৱাহাটীত উপস্থিত হ’ব । আনহাতে অসম সাহিত্য সভাৰ নিৰ্বাচন সম্পৰ্কে সংবাদিকে সোধা প্ৰশ্নত বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই কয় যে, ২৪ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহক (Asom sahitya sabha executive meeting)।

কাৰ্যনিৰ্বাহক সভাখন নলবাৰীত অনুষ্ঠিত হ’ব । উক্ত সভাতে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণৰ গণনা কৰা হ’ব (Asom sahitya sabha election)। আনহাতে ৪ ডিচেম্বৰ দেওবাৰ হোৱাৰ বাবে ৫ ডিচেম্বৰত তলা মৰা হ'ব বেলট বাকচত ।

ইপিনে দুজন ব্যক্তিয়ে বেলট বাকচ নিজ হাতেৰে লৈ আনিছিল বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভতো কুলধৰ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ উক্ত অভিযোগ স্বীকাৰ কৰি কয় যে, বিষয়টো নিৰ্বাচনী বিষয়াই চোৱা-চিতা কৰি আছে ৷ যদিহে অভিযোগ প্ৰমাণিত হয়, তেন্তে বিষয়টো কাৰ্যনিৰ্বাহকত উথাপন কৰা হ’ব বুলি কয় কুলধৰ শইকীয়াই(Kuladhar Saikia)৷

লগতে তেওঁ কয় যে, সাংবিধানিক নীতি অনুসৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আনহাতে জগদীশ পাটগিৰিয়ে তৰা গোচৰটো আদালতৰ মজিয়াতে আছে বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : Lachit Borphukan Handang: আউনিআটী সত্ৰত আজিও আছে লাচিতৰ হেংদাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.