ETV Bharat / state

Assam Love Jihad controversy: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে পানবজাৰ থানাত এজাহাৰ দাখিল

author img

By

Published : Jul 28, 2023, 7:11 PM IST

লাভ জিহাদৰ সৈতে মহাভাৰতক প্ৰসংগ উল্লেখ কৰি বিপদত পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ইতিমধ্যেই ভূপেন বৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছে কেইবাখনো এজাহাৰ ৷ শুকুৰবাৰে পানবজাৰ থানাত এজাহাৰ দাখিল ভাৰতীয় জনতা যুৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলা সমিতিৰ ৷

Assam Love Jihad controversy
Assam Love Jihad controversy

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে পানবজাৰ থানাত এজাহাৰ দাখিল

গুৱাহাটী, ২৮ জুলাই: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱান শ্ৰীকৃষ্ণ সম্পৰ্কে আৰু মহাভাৰত সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত বিৰুদ্ধে এজাহাৰ দাখিল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলাৰ তৰফৰ পৰা কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে পানবজাৰ থানাত শুকুৰবাৰে এজাহাৰ দাখিল কৰা হয় ।

এজাহাৰ দাখিল কৰি যুৱ মৰ্চাৰ সদস্য সকলে কয়, ‘‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাৰতীয় সংস্কৃতিৰ চিৰনমস্য সত্ত্বা ভগৱান শ্ৰীকৃষ্ণ সম্পৰ্কে আৰু মহাভাৰত সম্পৰ্কে কেইবাটাও বিতৰ্কিত মন্তব্য আগবঢ়াইছে ৷ প্ৰতিগৰাকী ভাৰতীয়ৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীক শ্ৰীকৃষ্ণ আৰু ভাৰতীয় ঐতিহ্যৰ অন্যতম মহাভাৰত সম্পৰ্কে কৰা অপমান অতি দুৰ্ভাগ্যজনক ৷ তেওঁ যি মন্তব্য কৰিছে ক্ষমাৰ যোগ্য নহয় ৷’’

কোনো কাৰণতে ৰাজনৈতিক কথাৰ বাবে যাতে ধৰ্মীয় অনুভূতিক আঘাত নাহানে তাৰ বাবে এফ এই আৰ দাখিল কৰা হৈছে বুলি উল্লেখ কৰি তেওঁলোকে লগতে কয় যে ভগৱান শ্ৰী কৃষ্ণক লৈ যি মন্তব্য কৰিছে সেই মন্তব্যই হিন্দু সভ্যতাক আঘাত দিয়াৰ লগতে ভাৰতীয় সংস্কৃতিক আঘাত দিছে । ৰাইজৰ আৱেগ, ধৰ্মীয় অনুভূতিত আঘাত নকৰিবলৈও সকীয়নি প্ৰদান কৰে ভূপেন বৰাক ৷

উল্লেখ্য যে ভূপেন বৰাৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদ জনাই ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত অসমৰ ৩৯ খন সাংগঠনিক জিলা আৰু মণ্ডল পৰ্যায়ত ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷

গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ জিহাদ সম্পৰ্কে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মহাভাৰতৰ যুগতো লাভ জিহাদ হৈছিল বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল ভূপেন বৰাই ৷

লগতে পঢ়ক: Bhupen Borah Controversy: ভূপেন বৰা ঔৰংগজেৱৰ বংশধৰ নেকি ! প্ৰশ্ন ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.