ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাৱত মাহেকীয়া 'বাৰ্তাপখিলী'ৰ বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Nov 3, 2020, 6:42 PM IST

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয় মাহেকীয়া 'বাৰ্তাপখিলী'ৰ বঁটা প্ৰদান এক অনুষ্ঠান ৷ এই অনুষ্ঠানটিত পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা প্ৰদান কৰা হয় লেখিকা ড॰ ৰাজশ্ৰী বৰাক ৷

'Bartapakhili' award ceremony in the metropolis
মহানগৰীত 'বাৰ্তাপখিলী' বঁটা প্ৰদান অনুষ্ঠান

কামৰূপ মেট্ট,2নৱেম্বৰ: মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায় মাহেকীয়া 'বাৰ্তাপখিলী'ৰ বঁটা প্ৰদান এক অনুষ্ঠান ৷ এই অনুষ্ঠানত পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা প্ৰদান কৰা হয় লেখিকা ড॰ ৰাজশ্ৰী বৰাক ৷

উল্লেখ্য যে, সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী ‘মাহেকীয়া 'বাৰ্তাপখিলী’ য়ে ২০১২ চনৰ পৰা 40ৰো উৰ্ধৰ লেখিকা পুষ্পাদেৱী জালানৰ সোঁৱৰণত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । পুষ্পাদেৱী জালানৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে ২০২০ বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচক মণ্ডলীয়ে ‘ৰহা মহাবিদ্যালয়’ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা তথা বিভাগীয় মুৰব্বী অধ্যাপিকা ড॰ ৰাজশ্ৰী বৰাক নিৰ্বাচিত কৰি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় এই বঁটা । ‘ভাষা-সাহিত্য আৰু সমাজ-সংস্কৃতিৰ জিলিঙনি’ শীৰ্ষক প্ৰবন্ধ সংকলনৰ বাবে ডঃ বৰালৈ এই বঁটা আগবঢ়োৱা হয় ।

অন্য এক খবৰৰ বাবে: মূল্যবৃদ্ধি ৰোধৰ দাবীত উত্তাল বৰপেটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.