ETV Bharat / state

দীৰ্ঘ বিৰতিৰ অন্তত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ অনুশীলন

author img

By

Published : Nov 30, 2020, 8:19 AM IST

লক্ ডাউন কিছু পৰিমাণে শিথিল হোৱাৰ পাচত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতো অনুশীলনত ভাগ লোৱা পৰিলক্ষিত হৈছে যুৱ ক্ৰিকেটাৰসকলক । পূৰ্বৰ দৰে কঠোৰ অনুশীলনত নামি পৰিছে 19 বছৰ অনুৰ্ধৰ খেলুৱৈসকলে ৷

ACA cricket stadium opened after lockdown
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন আৰম্ভ

গুৱাহাটী,30 নৱেম্বৰ : লক্ ডাউনৰ ফলত দেশৰ সকলো অনুষ্ঠান-প্রতিষ্ঠান দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল যদিও লাহে লাহে শিথিল হৈ আহিছে লক্ ডাউন । ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে আনলক ৷

বিগত 8 মাহজোৰা নিষেধাজ্ঞাৰ অন্তত ক’ভিড প্ৰট'কল মানি খুলিবলৈ আৰম্ভ কৰিছে প্ৰায়বোৰ অনুষ্ঠান-প্রতিষ্ঠান । সকলো খণ্ডৰ লেখীয়াকৈ ক্ৰীড়া ক্ষেত্ৰতো অনুৰূপ শিথিলতা প্ৰযোজ্য হোৱাত এতিয়া অনুশীলনকাৰীয়ে ভিৰ কৰিছে ইণ্ডোৰ-আউটড’ৰ ষ্টেডিয়ামসমূহত ।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন আৰম্ভ

গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামতো অনুশীলত ভাগ লোৱা দেখা গৈছে যুৱ ক্ৰিকেটাৰসকলক । 19 বছৰ অনুৰ্ধৰ ক্ৰিকেটাৰসকলে পূৰ্বৰ দৰে পুনৰ কঠোৰ অনুশীলনত নামি পৰিছে । কোনো কোনো ক্ৰিকেটাৰক যদি ইণ্ডোৰ ষ্টেডিয়ামত দেখা গৈছে, আন কিছুমান বেটমিণ্টন খেলুৱৈক কঠোৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে । দীৰ্ঘদিনীয়া লক্ ডাউনৰ ফলত বন্ধ হৈ থকা অনুশীলনস্থলীসমূহ পুনৰ খুলি দিয়াত স্বাভাৱিকতে উৎফুল্লিত হৈছে অনুশীলনকাৰীসকল ৷

লগতে পঢ়ক : অসমলৈ অনা হ’ল JEE কাণ্ডৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.