African swine fever : ৰাজ্যত ৪০,৪৮২ টা গাহৰিৰ মৃত্যু

author img

By

Published : Jul 19, 2022, 5:19 PM IST

African swine fever

ৰাজ্যৰ ২২ খন জিলাত ছোৱাইন ফিভাৰৰ পাদুৰ্ভাৱ । এই সন্দৰ্ভত পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল (Animal Husbandry Minister Atul Bora addressed press) । গাহৰি পালকক ক্ষতিপূৰণৰ বাবদ ১৪৮.০৮ লাখ টকা দিয়াৰ কথা প্ৰকাশ । তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত গাহৰি মাংসৰ বিক্ৰী বন্ধ (pork sale ban in Tinsukia and Sivasagar) কৰা হৈছে । শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত ২৯ খন জিলাৰ ৪৪,১১,৫৭৬ সংখ্যক পশুধন আৰু হাঁহ-কুকুৰা । মৃত্যু হৈছে ৪৬,৫০৭ সংখ্যক পশুধন আৰু হাঁহ-কুকুৰাৰ ।

গুৱাহাটী, ১৯ জুলাই : বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (African swine fever in Assam) । জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক । কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি (Pigs died in several Districts of Assam) । ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত বন্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী (Pork Sale ban in two districts of Assam) ।

ৰাজ্যৰ শেহতীয়া আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে পশুপালন মন্ত্ৰী অতুল বৰাই (Animal Husbandry Minister Atul Bora addressed press) । আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত তেওঁ কয় যে, ১৯২১ চনত এই ৰোগ আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল । আফ্ৰিকান ছোৱাইন ফিভাৰ এটা মাৰাত্মক ভাইৰাছজনিত ব্যাধি । ১০০ বছৰ পিছত বিগত দুটা বছৰ পূৰ্বে অসম তথা অৰুণাচলত এই ৰোগ আৰম্ভ হয় । শেহতীয়াকৈ ৰাজ্যৰ ২২ খন জিলাত ছোৱাইন ফিভাৰৰ পাদুৰ্ভাৱ ঘটিছে ।

আনহাতে, ৰোগৰ অভিকেন্দ্ৰ হিচাপে ৭২ টা স্থান চিহ্নিত কৰা হৈছে । মন্ত্রীগৰাকীয়ে কয় যে, এতিয়ালৈকে আক্ৰান্ত জিলাসমূহৰ ১৪,৫০০ টা পৰিয়ালৰ গাহৰি এই ৰোগত আক্ৰান্ত হৈছে আৰু ২০২০ চনৰ মাৰ্চৰ পৰা এতিয়ালৈকে ৪০,৪৮২ টা গাহৰিৰ মৃত্যু হৈছে । আনহাতে, ১৬ খন জিলাৰ ২৭ টা অভিকেন্দ্ৰ এলেকাত ১,৩৭৮ টা গাহৰি ইতিমধ্যে চৰকাৰীভাৱে নিধন কৰা হৈছে । এই ৰোগ প্ৰতিৰোধ কৰাৰ কোনো বিকল্প নাই । যাৰবাবে সংক্ৰমিত গাহৰি নিধন কৰ‍াৰ বাহিৰে বেলেগ উপায় নাই । তিনিদিনৰ ভিতৰত ৰোগ চিনাক্ত কৰি গাহৰি নিধন কৰাৰ লগতে দহ দিনৰ ভিতৰত গাহৰি পালকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

গাহৰি পালকক ক্ষতিপূৰণ হিচাপে ১৫ কিলোগ্ৰাম পৰ্যন্ত গাহৰিৰ বিনিময়ত ২,২০০ টকা, ১৫ কেজিৰ পৰা ৪০ কেজি পৰ্যন্ত গাহৰিৰ বিনিময়ত ৫,৮০০ টকা, প্ৰাপ্তবয়স্ক প্ৰজননক্ষম ৪০-ৰ পৰা ৭০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ৮,৪০০ টকা, ৭০-ৰ পৰা ১০০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ১২,০০০ আৰু ১০০ কেজিৰো অধিক প্ৰজননক্ষম ওজনৰ গাহৰিৰ বিনিময়ত ১৫,০০০ টকাকৈ প্ৰদান কৰা হৈছে । ইয়াৰ উপৰি বিনষ্ট কৰা দানাৰ বাবে প্ৰতিকেজিত ২২ টকাকৈ দিয়াকৈ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে ক্ষতিপূৰণৰ বাবদ ১৪৮.০৮ লাখ টকা দিয়া হৈছে বুলি মন্ত্রী বৰাই জানিবলৈ দিয়ে (Atul Bora press meet in Janata Bhawan) ।

এই ৰোগৰ ভেকচিন ভাৰত চৰকাৰে তৈয়াৰ কৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ (Infection of African swine fever) বাবেই তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰা হৈছে । আনহাতে, গঠন কৰা হৈছে ৪২৭ টা ৰেপিড ৰেচপনছ টীম (Rapid Respons Team)। চৰকাৰে গাহৰি ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ বিশেষ আঁচনিও গ্ৰহণৰ সিদ্ধান্ত লৈছে বুলি তেওঁ কয় । আনহাতে, ৰাজ্যখনৰ সাম্প্ৰতিক বানপানী সন্দৰ্ভত পশুপালন আৰু পশু চিকিৎসা বিভাগে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে মন্ত্রী বৰ‍াই ।

তেওঁ কয় যে ৰাজ্যখনৰ শেহতীয়া প্ৰলয়ংকৰী বানৰ কবলত পৰি ২৯ খন জিলাৰ মুঠ ৪৪,১১,৫৭৬ সংখ্যক পশুধন আৰু হাঁহ-কুকুৰা আক্রান্ত হৈছে আৰু তাৰ ভিতৰত ৪৬,৫০৭ সংখ্যক পশুধন আৰু হাঁহ-কুকুৰা মৃত্যুমুখত পৰে । বানাক্রান্ত এলেকাসমূহৰ পশুধন আৰু হাঁহ-কুকুৰাৰ যাৱতীয় চিকিৎসাৰ বাবে মুঠ ৪০২ টা পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । য'ত ১,৪৯,৭২৯ টা পশুধনক প্রয়োজনীয় চিকিৎসা প্রদান কৰাৰ লগতে ৯১,৫৪৫ সংখ্যক পশুধনক বিভিন্ন ৰোগৰ প্ৰতিষেধক চিটা প্ৰদান কৰা হয় । বর্তমানেও বিভিন্ন অঞ্চলত বানপানীৰ পৰৱৰ্তীকালত হ'ব পৰা বিভিন্ন ৰোগৰ চিকিৎসা তথা চিটাকৰণৰ কাম চলি আছে (Atul Bora addressed press on African swine fever) ।

তেওঁ লগতে কয় যে, ৰাজ্যখনৰ বানাক্ৰান্ত এলেকাসমূহৰ মুঠ ১৪ টা বিভাগীয় পশু চিকিৎসা প্রতিষ্ঠান ক্ষতিগ্রস্ত হৈছে । বানত মৃত্যু হোৱা অথবা উটি যোৱা পশুধনসমূহৰ ক্ষতিপূৰণৰ বাবে ইতিমধ্যে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ম অনুসৰি অচিৰেই কাৰ্যকৰী কৰা হ'ব । তেওঁ লগতে কয় যে, ৰাজ্যখনৰ পশুপালকসকলৰ সহায়ক হোৱাকৈ তিনিখন জিলা ক্রমে ডিব্ৰুগড়, গোলাঘাট আৰু কামৰূপ মহানগৰত তিনিখন অত্যাধুনিক সা-সুবিধাযুক্ত বিশেষ পশু চিকিৎসালয় স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে ।

ৰাজ্যৰ ১১ খন জিলালৈ ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা বাহন 'পশুধন সাৰথি' প্রদান কৰা হ'ব । মুঠ ১৮১ খন এনে বাহন প্রদান কৰা হ'ব । পশু চিকিৎসা খণ্ডৰ কার্যক্ষমতা বৃদ্ধিৰ বাবে বিভাগত খালী হৈ থকা ১৬২ গৰাকী পশু চিকিৎসক তথা ৩৭৮ জন ক্ষেত্র সহায়কৰ নিযুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে । তেওঁ কয় যে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত নাজিৰাত এটা অত্যাধুনিক মাংস সংসাধন প্রকল্প স্থাপন কৰা হ'ব । সংবাদমেলত তেওঁ চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Covid vaccination: সেচ্ছাসেৱী সংগঠনে আগবঢ়ালে ভ্ৰাম্যমাণ টীকাকৰণ ভান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.