ETV Bharat / state

ATM fraud arrested: POS মেচিন লৈ ATM লুটিবলৈ গুৱাহাটীত সোমাইছে বিহাৰৰ ধুৰন্ধৰ

author img

By

Published : Feb 11, 2023, 7:23 PM IST

মহানগীৰৰ বেলতলাত ৰাইজে কৰায়ত্ত কৰে এটা ATM প্ৰৱঞ্চক(ATM fraud arrested in Beltala) । বেলতলা বজাৰত থকা HDFC আৰু SBI এটিমত কাৰ্ড ব্যৱহাৰ কৰি ধন লুটৰ চেষ্টা চলাওতেই ৰাইজে কৰায়ত্ত কৰে প্ৰৱঞ্চকটোক ।

ATM fraud arrested in Beltala
বেলতলাত ৰাইজে কৰায়ত্ত কৰে এটা ATM প্ৰৱঞ্চক

বেলতলাত ৰাইজে কৰায়ত্ত কৰে এটা ATM প্ৰৱঞ্চক

গুৱাহাটী,১১ ফ্ৰেব্ৰুৱাৰী: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । চিলনী চোৰ, ডকাইতিকাণ্ডই মহানগৰবাসীক ত্ৰাসিত কৰি ৰখাৰ মাজতে মহানগৰীত ওলাইছে ATM প্ৰৱঞ্চক(ATM fraud arrested in Beltala) । মহানগৰীৰ বেলতলাত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতালে প্ৰবঞ্চকটোক(ATM fraud arrested in Guwahati) । বেলতলা বজাৰত থকা HDFC আৰু SBI এটিমত কাৰ্ড ব্যৱহাৰ কৰি কৌশলেৰে ধন হৰলুকি কৰিবলৈ চেষ্টা কৰোঁতেই ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় প্ৰবঞ্চকটোক(Public beats the ATM fraud) ।

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে বিয়লিভাগত বেলতলা বজাৰত থকা HDFC আৰু SBI ATM ৰ সন্মুখত তিনিজন অচিনাকী যুৱকে অহা যোৱা কৰি আছিলে । যুৱক তিনিজনে ATMত ওলোৱা সোমোৱা কৰি থকা দেখি ওচৰতে থকা এগৰাকী সচেতন ব্যক্তিৰ সন্দেহে ওপজে । ফলত কিছুসময় অনুসৰন কৰি ব্যক্তিজনে যুৱক তিনিজনক ওচৰলৈ মাতি সোধপোছ আৰম্ভ কৰে । সোধপোছত তিনিওজনৰ কথাৰ মিল নথকাত দুজন যুৱক দৌৰি পলাই যায় । ইফালে এজন যুৱকক উপস্থিত ৰাইজে কৰায়ত্ব কৰি গতাই দিয়ে দিছপুৰ আৰক্ষীক(Dispur Police) ।

ধৃত যুৱককেইজনে ATM কাৰ্ডেৰে কৌশলেৰে ধন হৰলুকি কৰিবলৈ চেষ্টা কৰি আছিল বুলি আটকাধীন প্ৰৱঞ্চকটোৱে জানিবলৈ দিয়ে । ধৃত অভিষেক নামৰ প্ৰৱঞ্চকটোৰ ঘৰ বিহাৰৰ পাটনাত বুলি জানিব পৰা গৈছে । প্ৰবঞ্চকটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটাকৈ POS মেচিন । ইফালে আৰক্ষীৰ জেৰাত ছেগ বুজি পলায়ন কৰা অভিষেকৰ আন দুই সহযোগীৰ নাম বিবেক আৰু সন্তোষ বুলি স্বীকাৰ কৰিছে । তিনিওজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰৱঞ্চনাৰ ঘটনা । প্ৰৱঞ্চকৰ টাৰ্গেট হৈ পৰিছে যুৱতী, মহিলা তথা বয়োজ্যেষ্ঠ লোকসকল ৷ ATM ৰ পৰা ধন উলিয়াবলৈ যোৱা যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোকক সততে টাৰ্গেট কৰি লয় প্ৰৱঞ্চকৰ দলে । যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতাৰ কষ্টোপাৰ্জিত ধন এনেদৰেই প্ৰৱঞ্চকে লুট কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

লগতে পঢ়ক: Eviction in Borhat: উচ্ছেদৰ জাননীৰ পিচতে চৰাইদেউৰ বৰহাটত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.