ETV Bharat / state

Russia Ukraine war: যুদ্ধভূমিৰ পৰা মাতৃভূমিত পদাৰ্পণ বহুকেইগৰাকী অসমীয়া শিক্ষাৰ্থীৰ

author img

By

Published : Mar 2, 2022, 9:25 PM IST

ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ৰাছিয়ান সেনাবাহিনীৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে দেশখনৰ বহু অঞ্চল ৷ ইয়াৰ মাজতে প্ৰাণৰ মমতাত ইউক্ৰেইন এৰিছে বিভিন্ন দেশৰ পৰা গৈ বাস কৰা লোকসকলে ৷ যাৰ মাজত আছে বহু ভাৰতীয় তথা অসমীয়া ৷ ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসে ইতিমধ্যে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী তথা আন ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ আনিছে (Assamese students studying in Ukraine) ৷

Russia Ukraine war
যুদ্ধভূমিৰ পৰা মাতৃভূমিত পদাৰ্পণ বহুকেইগৰাকী অসমীয়া শিক্ষাৰ্থীৰ

নিউজ ডেস্ক: শাম কটা নাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ৷ বুধবাৰে সাতদিন অতিক্ৰম কৰিলে এই যুদ্ধই ৷ এতিয়াও ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ৰাছিয়ান সেনাবাহিনীৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে দেশখনৰ বহু অঞ্চল ৷ ইয়াৰ মাজতে প্ৰাণৰ মমতাত ইউক্ৰেইন এৰিছে বিভিন্ন দেশৰ পৰা গৈ বাস কৰা লোকসকলে ৷ যাৰ মাজত আছে বহু ভাৰতীয় তথা অসমীয়া ৷ ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসে ইতিমধ্যে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী তথা আন ভাৰতীয়ক উদ্ধাৰ কৰি ভাৰতলৈ আনিছে (Assamese students studying in Ukraine)৷

যুদ্ধজৰ্জৰ পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ পৰা অসম আহি পাইছে প্ৰায় 30 গৰাকী ছাত্ৰ-ছাত্ৰী (Operation Ganga)৷ মাতৃভূমি পোৱাৰ পাচতহে যেন স্বস্তিৰ নিশ্বাস পেলাইছে তেওঁলোকৰ লগতে পৰিয়ালৰ লোকে ৷ তথ্য অনুসৰি বৰ্তমানলৈকে 32 গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি অনা হৈছে যদিও ইউক্ৰেইনত বৰ্তমানেও আৱদ্ধ হৈ আছে ডেৰ শতাধিক অসমৰ লোক ৷ ইউক্ৰেইনৰ পৰা সুকলমে ঘূৰি আহিবলৈ পোৱাত চৰকাৰক ধন্যবাদ জনালে ছাত্ৰ-ছাত্ৰীসকলে ৷

যুদ্ধভূমিৰ পৰা মাতৃভূমিত পদাৰ্পণ বহুকেইগৰাকী অসমীয়া শিক্ষাৰ্থীৰ

যুদ্ধৰ সময়ত হোৱা শিহৰণকাৰী প্ৰতিটো ঘটনাৰ বৰ্ণনা কৰিলে নলবাৰীৰ অংশুমানে । ইউক্ৰেইনৰ টাৰ্ণ’পিল নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ এইগৰাকী অংশুমান ৷ ৰঙিয়াৰ মণিষাই বৰ্ণনা কৰিলে কিদৰে ধন আৰু খাদ্যৰ অভাৱত এসাঁজ খাই এসাঁজ লঘোণে কটাইছিল বাংকাৰত ৷

কেতিয়া শেষ হ’ব এই যুদ্ধ ? তাৰ কোনো নিশ্চয়তা এতিয়াও পোৱা হোৱা নাই ৷ কিন্তু সকলোৱে আশা কৰিছে কুশলে থাকক ঘৰৰ-পৰৰ মানুহবোৰ ৷

লগতে পঢ়ক: Russia Ukraine war: যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.