ETV Bharat / state

ইটিভি ভাৰত অসমৰ সৈতে অভিনেতা ভাস্কৰ ৰঞ্জনৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 11:23 AM IST

Assamese Actor Bhaskar Ranjan interview : অভিনয়ৰ লগতে কিয় অন্য এটা পেচা থকাটো আৱশ্যক ? অভিনয়ৰ লগতে কিয় অন্য বিকল্পৰে সন্ধান কৰিলে অভিনেতা ভাস্কৰ ৰঞ্জনে ? ভাস্কৰ ৰঞ্জনৰ বিষয়ে কিছু কথা জানি লওক এই প্ৰতিবেদনত ৷

Assamese Actor Bhaskar Ranjan's exclusive interview with ETV Bharat Assam
অভিনেতা ভাস্কৰ ৰঞ্জনৰ সাক্ষাৎকাৰ

অভিনেতা ভাস্কৰ ৰঞ্জনৰ সাক্ষাৎকাৰ

গুৱাহাটী, 20 ডিচেম্বৰ: বহুকেইখন অসমীয়া ধাৰাবাহিকত নিজৰ অভিনয়েৰে অনুৰাগীৰ মন জয় কৰা অভিনেতা ভাস্কৰ ৰঞ্জনক হয়তো সকলোৱে চিনিয়েই পায় ৷ অৱশ্যে তেওঁ কেৱল ধাৰাবাহিকতেই নহয়, ৰিঙা ৰিঙা মন (তেওঁৰ প্ৰথম ভি চি ডি ছবি), হৰি ঔম, তুমি যদি কোৱা, চুমাৰ পৰশতে আদিৰ দৰে ছবিত উৎকৃষ্ট অভিনয় কৰি অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান অভিনয়ৰ লগতে এটা জীমৰ প্ৰশিক্ষক হিচাপেও কৰ্মৰত অভিনেতাগৰাকী । শেহতীয়াকৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেতা ভাস্কৰ ৰঞ্জনে নিজৰ ব্যক্তিগত জীৱন, পেচাগত জীৱনৰ বিষয়ে বহু কথা উল্লেখ কৰে ৷

অভিনয় জগতৰ সৈতে কেনেকৈ জড়িত হৈছিল ভাস্কৰ ৰঞ্জন ?

কলেজীয়া জীৱনত ষ্টেণ্ড আপ কমেডি কৰিছিল অভিনেতাগৰাকীয়ে । অভিনয়ৰ প্ৰতি সৰুৰে পৰা অপাৰ হেঁপাহ আছিল ভাস্কৰৰ ৷ অৱশ্যে অভিনয়ৰ লগত জড়িত হোৱাৰ পূৰ্বে স্ক্ৰীপ্ট লিখা কাম কৰিছিল অভিনেতাগৰাকীয়ে ৷ তাৰ পিচত ভি চি ডিত অভিনয়ৰ সুযোগ লাভ কৰিছিল আৰু যিটো আছিল তেওঁৰ সপোনৰ দিশত আগবঢ়াৰ প্ৰথম খোজ ৷ পৰৱৰ্তী সময়ত ধাৰাবাহিক আৰু ছবিত অভিনয়ৰ সুযোগ লাভ কৰিছিল । কিন্তু অভিনেতাগৰাকীৰ মতে কেৱল অভিনয়ৰে আৰ্থিক দিশত সম্পূৰ্ণকৈ স্বাৱলম্বী হোৱাটো বৰ কঠিন ৷ সেয়েহে, তেওঁ অভিনয়ৰ লগতে আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ বাচি লৈছে আন এটা পথ ৷

বৰ্তমান অভিনয়ৰ লগতে জীমৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত অভিনেতাগৰাকী । এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘‘অসমত অভিনয় কৰি সকলোৱে চলাটো সম্ভৱ নহয় । মোৰ ক্ষেত্ৰতো তেনেকুৱা । যদি অকল অভিনয়কে পেচা হিচাপে লওঁ, তেন্তে ভৱিষ্যতে অসুবিধা হ’ব পাৰে । সেইকাৰণে মই বিকল্প হিচাপে এই পথটো বাচি ললোঁ । বৰ্তমান বেছিভাগ সময় মই জীমৰ সৈতে জড়িত ।’’

অসমত কেৱল অভিনয়ক একমাত্ৰ পেচা হিচাপে ল’ব নোৱাৰি মন্তব্য কৰি অভিনেতাগৰাকীয়ে কয়, ‘‘বহুতে অভিনয় কৰিম বুলি সপোন লৈ আহে, মইও আহিছিলোঁ । আমাৰ ইয়াত ছবিৰ ইমান এটা সুবিধা নাই । সেয়ে, ছিৰিয়েল বা তাৰ পিচত থিয়েটাৰ কৰিবলগীয়া হয় । কেৱল নাম আৰু গ্লেমাৰেৰে পেট নভৰে । সেয়ে যিসকল লোক দূৰদৰ্শী তেওঁলোকে বিকল্পৰ সন্ধান কৰে । আগতে ছবি কৰি যিটো গ্লেমাৰ আছিল এতিয়া ছিৰিয়েল কৰি সেইটো গ্লেমাৰ নাপায় । ছিৰিয়েল এখন চলি থকা সময়লৈহে শিল্পীজনক মানুহে চিনি পায় ।’’

সাংস্কৃতিক জগতখনলৈ কিবা ক্ষোভ আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কয়, ‘‘ আমাৰ জগতখনৰ বেয়া পোৱা এটা দিশ হ’ল ইয়াৰ মানুহবোৰ সময়ানুৱৰ্ত্তী নহয় । অভিনয় কৰিলে কেৱল অভিনয়ে কৰিব লাগিব অন্য একো কৰিব নোৱাৰিব । যাৰ বাবে কিছু ক্ষেত্ৰত অসুবিধা হয় । নিৰ্দিষ্ট সময়সূচী নাই । সময়ক গুৰুত্ব দিয়া লোকসকলৰ বাবে কিছু অসুবিধা হয় ৷’’

লগতে পঢ়ক: আজি শুনক গান, কাইলৈ আমি লৈ আহিম ফেশ্বন টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.