ETV Bharat / state

মহানগৰীত বন্ধ হ'ব ৰেপিড' বাইক সেৱা

author img

By

Published : Feb 22, 2020, 10:42 PM IST

শনিবাৰে নথি-পত্ৰ নোহোৱাকৈ ৰেপিড' বাইক সেৱা চলাই থকাৰ অভিযোগত জোনালীস্থিত ৰেপিড বাইক সেৱাৰ মুখ্য কার্যালয় বন্ধ কৰি দিয়ে প্ৰশাসনে ৷ প্ৰশাসনৰ সিদ্ধান্তত নিবনুৱা হোৱাৰ পথত ৰাজ্যৰ 25 হাজাৰ যুৱক ৷

rapido bike service assam
মহানগৰীত বন্ধ হ'ব ৰেপিড' বাইক সেৱা

গুৱাহাটী, 22 ফেব্ৰুৱাৰীঃ নিবনুৱা সমস্যাই ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে পৰিবহন বিভাগৰ এটা কঠোৰ সিদ্ধান্তই চিন্তিত কৰি তুলিছে ৰাজ্যৰ 25 হাজাৰ যুৱকক ৷ কিয়নো পৰিবহন বিভাগে মহানগৰীত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেপিড' বাইক সেৱা । যাত্ৰী অনা নিয়াৰ কৰাৰ ক্ষেত্ৰত পৰ্যাপ্ত নথি-পত্ৰ নথকাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ শনিবাৰে নথি-পত্ৰ নোহোৱাকৈ ৰেপিড' বাইক সেৱা চলাই থকাৰ অভিযোগত জোনালীস্থিত ৰেপিড বাইক সেৱাৰ মুখ্য কার্যালয় বন্ধ কৰি দিয়ে প্ৰশাসনে ৷

মহানগৰীত বন্ধ হ'ব ৰেপিড' বাইক সেৱা

উল্লেখ্য যে, এই ৰেপিড' সেৱাৰ লগত জড়িত হৈ ৰাজ্যৰ প্ৰায় 25 হাজাৰ নিবনুৱা যুৱকে কৰ্মসংস্থাপনৰ বাট মোকলোৱাৰ লগতে পৰিয়াল পোহপাল দি আহিছে ৷ সেয়ে প্ৰশাসনৰ এই সিদ্ধান্তত যুৱক সকলে বিকল্প কৰ্মসংস্থাপনৰ কোনো ধৰণৰ আশা নেদেখি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে ৷ গুৰুত্বপূৰ্ণ যে, মহানগৰীৰ ৰেপিড বাইক সেৱা বন্ধ কৰাৰ বাবে ৰাজ্যৰ কেব সন্থাই চৰকাৰক এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰিছিল । গতিকে এনে প্ৰেক্ষাপটত ৰেপিড' সেৱাৰ লগত জড়িত এই যুৱক সকলৰ বাবে চৰকাৰে বিকল্প কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব নে নকৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক, পুনৰ মুকলি হ'ব নেকি ৰহাৰ টোল গেট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.