৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে দেশৰ পঞ্চম স্থানত অসম

author img

By

Published : Sep 8, 2021, 3:46 PM IST

৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে অসম দেশৰ পঞ্চম স্থানত
৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে অসম দেশৰ পঞ্চম স্থানত ()

আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস ৷ অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৯০.১০ আৰু ৮০.২০ শতাংশ ৷ অসমত ১৯৯২-৯৩ চনৰ পৰা ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ অধীনত সাক্ষৰতা অভিযান আৰম্ভ হয় ৷ চৰকাৰে গ্ৰহণ কৰা সাক্ষৰতা অভিযানৰ ফলত অসমত তুলনামূলকভাৱে বৃদ্ধি পাইছে সাক্ষৰতাৰ হাৰ ৷

গুৱাহাটী, 8 ছেপ্তেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো আজি পালন কৰা হৈছে আন্তৰ্জাতিক সাক্ষৰতা দিৱস ৷ প্ৰতি বছৰে বিশ্বজুৰি ৮ ছেপ্তেম্বৰত অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক সাক্ষৰতা দিৱস ৷ ১৯৬৫ চনৰ ছেপ্তেম্বৰত তেহৰাণত নিৰক্ষৰতা দূৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীসকলৰ অনুষ্ঠিত বিশ্ব সন্মিলনত গ্ৰহণ কৰা প্ৰস্তাৱৰ পাছত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপন আৰম্ভ হৈছিল ৷

Assam ranks fifth in the country with literacy rate of 85.9 per cent etv bharat news
৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে অসম দেশৰ পঞ্চম স্থানত

সন্মিলনত প্ৰস্তাৱ কৰা হৈছিল যে সন্মিলনৰ উদ্বোধনৰ তাৰিখ অৰ্থাৎ ৮ ছেপ্তেম্বৰত আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰূপে ঘোষণা কৰাৰ লগতে বিশ্বব্যাপী পালন কৰা হওক ৷ ইউনেস্ক’ৰ দ্বাৰা ১৯৬৬ চনৰ নৱেম্বৰত পেৰিছত আয়োজিত সাধাৰণ সন্মিলনৰ ১৪ সংখ্যক অধিৱেশনত ৮ ছেপ্তেম্বৰক আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰা হয় ৷ তাৰপাছৰে পৰা প্ৰত্যেক বছৰে দিৱসটো উদযাপন কৰা হয় ৷

Assam ranks fifth in the country with literacy rate of 85.9 per cent etv bharat news
১৯৯২-৯৩ চনৰ পৰা ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ অধীনত সাক্ষৰতা অভিযান আৰম্ভ হয়

ভাৰতবৰ্ষত বিশেষকৈ স্বাধীনতাৰ পাছৰ পৰা সাক্ষৰতা আৰু বিশেষভাৱে প্ৰাপ্তবয়স্ক শিক্ষাক এক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে বিবেচনা কৰি পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে ৷ নিৰক্ষৰতা দূৰীকৰণ আৰু প্ৰাপ্তবয়স্ক শিক্ষাক কাৰ্যকৰী সাক্ষৰতা আৰু আজীৱন শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১৯৮৮ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান আৰম্ভ কৰিছিল ৷

অসমতো ১৯৯২-৯৩ চনৰ পৰা ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ অধীনত সাক্ষৰতা অভিযান আৰম্ভ হয় ৷ জিলা সাক্ষৰতা অভিযানৰ মূল লক্ষ্য হৈছে নিৰক্ষৰসকলক লিখা-পঢ়া আৰু সংখ্যাজ্ঞান প্ৰদান কৰা ৷ নিজে ক’ত ক’ত বঞ্চিত হৈছে তাক জনা, সংগঠিত হৈ উন্নয়নমূলক কামৰ জৰিয়তে নিজৰ আৰু দহৰ উন্নতি সাধন কৰা, জীৱন ধাৰণৰ মান আৰু অৰ্থনৈতিক অৱস্থা উন্নত কৰা ৷

Assam ranks fifth in the country with literacy rate of 85.9 per cent etv bharat news
অসমত তুলনামূলকভাৱে বৃদ্ধি পাইছে সাক্ষৰতাৰ হাৰ

একতা, পৰিৱেশ সংৰক্ষণ, নাৰী-পুৰুষৰ সমতা, সৰু পৰিয়াল আদিৰ যোগেদি প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ সাক্ষৰতা অভিযানৰ উক্ত লক্ষ্যসমূহ পূৰণৰ প্ৰয়াস চলোৱাৰ সমান্তৰালভাৱে নতুনকৈ নিৰক্ষৰ লোকৰ যাতে সৃষ্টি নহয়, তাৰ প্ৰতিও বিশেষ ব্যৱস্থা লোৱা হৈছে ৷ যিসকলে প্ৰাথমিক বিদ্যালয়ৰ চৌপাশ দেখাই নাই বা যিসকলে আধাতে বিদ্যালয় ত্যাগ কৰিছে তেওঁলোকৰো পুনৰ বিদ্যাৰম্ভৰ বাবে চেষ্টা চলোৱা হৈছে ৷

কিন্তু দেশৰ বৰ্তমান অর্থনৈতিক প্ৰেক্ষাপটত দৰিদ্ৰ জনসাধাৰণৰ মনত এনেধৰণৰ ধাৰণা দৃঢ়তাৰে সোমাই পৰিছে যে, এই প্ৰতিযোগিতাৰ যুগত লিখা-পঢ়া শিকিলেও তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে কোনোধৰণৰ সুযোগ-সুবিধা বা সংস্থান নাপায় ৷

Assam ranks fifth in the country with literacy rate of 85.9 per cent etv bharat news
অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৯০.১০ আৰু ৮০.২০ শতাংশ

চৰকাৰে নতুন নতুন প্ৰকল্প, আঁচনি আদিৰে নিৰক্ষৰতা দূৰীকৰণৰ প্ৰচেষ্টা চলাইছে যদিও ই অধিক কাৰ্যকৰী আৰু ফলপ্ৰসূ হোৱাৰ প্ৰয়োজন আছে ৷ চৰকাৰে গ্ৰহণ কৰা সাক্ষৰতা অভিযানৰ ফলত অসমত তুলনামূলকভাৱে বৃদ্ধি পাইছে সাক্ষৰতাৰ হাৰ ৷ মাত্ৰ এটা দশকৰ ভিতৰত সাক্ষৰতাৰ নিৰিখত দেশৰ ২৬ সংখ্যক ৰাজ্যৰ পৰা ২১ সংখ্যক স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নত হৈছে অসম ৷

ক'ভিড কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে ৷ উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ আছিল ৭২.২ শতাংশ ৷ কিন্তু বিগত বৰ্ষত প্ৰকাশিত ৰাষ্ট্ৰীয় নমুনা সমীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে, অসমৰ সাক্ষৰতাৰ হাৰ ৮৫.৯ শতাংশলৈ বৃদ্ধি পাইছে ৷ ২০১১ চনত অসম দেশৰ ২৬ নম্বৰ ৰাজ্য আছিল আৰু এতিয়া ২০২০ চনৰ পৰিসংখ্যাত সাক্ষৰতাৰ হাৰত অসম দেশৰ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হ’ল ৷

Assam ranks fifth in the country with literacy rate of 85.9 per cent etv bharat news
৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে অসম দেশৰ পঞ্চম স্থানত

উল্লেখযোগ্য কথাটো হৈছে যে, সামগ্ৰিকভাৱে অসমত মহিলা আৰু পুৰুষ উভয় শাখাতেই সাক্ষৰতাৰ হাৰ ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ক্ৰমে ৭৭.৮ আৰু ৬৬.৩ শতাংশ ৷ ২০২০ চনৰ পৰিসংখ্যাত দেখা গৈছে অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পালে ক্ৰমে ৯০.১০ আৰু ৮০.২০ শতাংশলৈ ৷

ৰাজ্যৰ ৭ বছৰৰ ঊৰ্ধৰ লোকৰ মাজত ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে চলাইছিল এই সমীক্ষা ৷ লক্ষণীয়ভাৱে ২০১১ চনৰ দৰে শেহতীয়া ২০২০ চনৰ সমীক্ষাতো দেশৰ আটাইতকৈ সাক্ষৰতাৰ হাৰ বেছি থকা ৰাজ্যখন হৈছে কেৰালা ৷ ২০১১ চনতো কেৰালাত সাক্ষৰতাৰ হাৰ আছিল ৯৬.২ শতাংশ আৰু শেহতীয়া সমীক্ষাতো দেখা গ’ল ৰাজ্যখনত সাক্ষৰতাৰ হাৰ ৯৬.২ শতাংশ অটুট আছে ৷ পিছে দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম স্থানত নতুন নতুন ৰাজ্যই উন্নত ফল প্ৰদর্শন কৰা পৰিলক্ষিত হৈছে ৷

Assam ranks fifth in the country with literacy rate of 85.9 per cent etv bharat news
আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস

২০১১ চনত সাক্ষৰতাৰ হাৰত দেশৰ দ্বিতীয়খন ৰাজ্য আছিল লাক্ষাদ্বীপ (৯১.৮) ৷ ২০২০ ৰ পৰিসংখ্যাত দ্বিতীয় স্থান লাভ কৰিছে দিল্লীয়ে (৮৮.৭) ৷ পূৰ্বতে তৃতীয় স্থানত আছিল মিজোৰাম (৯১.৩) আৰু এইবাৰ তৃতীয় স্থান দখল কৰিছে উত্তৰাখণ্ডই (৮৭.৬) ৷ চতুর্থ স্থানত আছিল গোৱা (৮৮.৭) আৰু এইবাৰ উক্ত স্থান লাভ কৰিছে হিমাচল প্ৰদেশে (৮৬.৬) ৷ ২০১১ চনত পঞ্চম স্থানত উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা (৮৭.২) আছিল যদিও এইবাৰ এই স্থান দখল কৰিছে অসমে ৷

তালিকাৰ অন্তিম ৫ টা স্থানতো ব্যাপক সালসলনি হোৱা পৰিলক্ষিত হৈছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি তালিকাৰ অন্তিম পাঁচখন ৰাজ্য আছিল ক্ৰমে বিহাৰ (৬১.৮), অৰুণাচল প্ৰদেশ (৬৫.৪), ৰাজস্থান (৬৬.১), ঝাৰখণ্ড (৬৬.৪) আৰু অন্ধ্ৰ প্ৰদেশ (৬৭.০) ৷ ২০২০ চনৰ পৰিসংখ্যা অনুসৰি অন্তিম পাঁচখন ৰাজ্য হৈছে ক্ৰমে অন্ধ্ৰ প্ৰদেশ (৬৬.৪), ৰাজস্থান (৬৯.৭), বিহাৰ (৭০.৯), তেলেংগানা (৭২.৮) আৰু উত্তৰ প্ৰদেশ (৭৩.০) ৷

লক্ষণীয়ভাৱে সৰ্বভাৰতীয় পৰ্যায়ত বিগত এক দশকত দেশৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ আছিল ৭৪.০৪ শতাংশ ৷ ২০২০ চনৰ সমীক্ষাত সৰ্বভাৰতীয় সাক্ষৰতাৰ হাৰ ৭৭.৭ শতাংশলৈ বৃদ্ধি পালে ৷

লগতে চাওক: কঁহৰাত কোষাগাৰৰ পৰা 482 টা গঁড়ৰ খড়্গৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.