ETV Bharat / state

গ্ৰেপ্তাৰ এছ আই কেলেংকাৰী মূল অভিযুক্ত কুমুদ কলিতা

author img

By

Published : Nov 20, 2020, 7:10 PM IST

as_ghy_Assam_Police_SI_scam_vis_asc10028
গ্ৰেপ্তাৰ এছ আই কেলেংকাৰী মূল অভিযুক্ত কুমুদ কলিতা

বৃহস্পতিবাৰে নিশা অপৰাধ অনুসন্ধান শাখাৰ অভিযানত আটক হয় এছ আই কেলেংকাৰীৰ মূল অভিযুক্ত কুমুদ কলিতা ৷ ইতিমধ্যে এই সমগ্ৰ দুৰ্নীতিৰে জড়িত 24 গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷

গুৱাহাটী, 20 নৱেম্বৰঃ সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱা অসম আৰক্ষীৰ এছ আই কেলেংকাৰীৰ অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া ৷ তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে নিশা শুৱালকুছিৰ বামুন্দীৰ পৰা অপৰাধ অনুসন্ধান শাখাই আটক কৰে এই কেলেংকাৰীৰ মূল অভিযুক্ত কুমুদ কলিতাক ৷ পেছাত সংস্কৃত টোলৰ শিক্ষক কুমুদ কলিতা বহুদিন ধৰি পলাতক হৈ আছিল ৷

আৰক্ষী মহাপৰিদৰ্শক সুৰেন্দৰ কুমাৰৰ সংবাদমেল

ইয়াৰ পূৰ্বে আৰক্ষীৰ অভিযানত আটক হৈছিল কুমুদ কলিতাৰ খুলশালী কুশল দাস ৷ কুশল দাসৰ স্বীকাৰোক্তিতে স্পষ্ট হৈ পৰিছিল কুমুদ কলিতা এই কেলেংকাৰীত জড়িত হৈ থকাৰ কথা ৷ ইতিমধ্যে কুমুদ কলিতাকে ধৰি অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাত সংঘটিত কেলেংকাৰীত জড়িত 24 জনকৈ অভিযুক্তক কৰায়ত্ব কৰাৰ কথা শুকুৰবাৰে সংবাদমেলযোগে সদৰি কৰে আৰক্ষী মহাপৰিদৰ্শক সুৰেন্দৰ কুমাৰে ৷

লগতে পঢ়ক-দুলীয়াজান অধিৱেশনৰ লুৰিণজ্যোতি গগৈৰে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.