ETV Bharat / state

কৰ'ণা সজাগতাঃঅসম পুলিচৰ বিশেষ ভিডিঅ’ মুকলি

author img

By

Published : Mar 21, 2020, 11:06 PM IST

কৰ'ণা ভাইৰাছৰ সজাগতাক লৈ বিশেষ ভিডিঅ’ মুকলি অসম পুলিচৰ ৷ বৰ্তমান সময়ত চছিয়েল মিডিয়াত এই ভিডিঅ’টো বহুলভাৱে প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছে ৷

Assam police releases spacial video for COVID 19 awareness
কৰ'ণা সজাগতাঃঅসম পুলিচৰ বিশেষ ভিডিঅ’ মুকলি

কামৰূপ মেট্ৰ’,21 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সজাগতাক লৈ বিশেষ ভিডিঅ’ মুকলি অসম পুলিচৰ ৷ অসমৰ বিহু গীতৰ সুৰত প্ৰস্তুত কৰি উলিওৱা হৈছে ভিডিঅ’টো ৷ বৰ্তমান সময়ত চছিয়েল মিডিয়াত এই ভিডিঅ’টো বহুলভাৱে প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছে ৷ ভিডিঅ’টোৰ জৰিয়তে সকলো লোককে এই ভাইৰাছ সন্দৰ্ভত সতৰ্কতা অৱলম্বন কৰিবৰ বাবে আহ্বান জনায় ৷

অসম পুলিচৰ বিশেষ ভিডিঅ’ মুকলি

ইয়াৰ উপৰিও এক প্ৰেছ বিজ্ঞপ্তিযোগে 22 মাৰ্চৰ জনতা কাৰ্ফিউৰ সময়ত সকলো লোককে ঘৰতে থকাৰ বাবে আহ্বান জনায় অসম পুলিচে ৷ অসম পুলিচৰ সৈতে যিকোনো ধৰণৰ তথ্যৰ বাবে যোগাযোগ কৰিবলৈ মুকলি কৰা হৈছে +919435215029 হেল্পলাইন নম্বৰ আৰু admin@assampolice.gov.in ই-মেইল ৷ ইয়াৰ উপৰিও যিকোনো ব্যক্তিয়ে @assampolice ত টুইট যোগে, cyberdome@assampolice.gov.inত ই-মেইলৰ জৰিয়েত বা +919132699735 নম্বৰত হোৱাটচএপ যোগে যোগাযোগ কৰিব পাৰিব ৷

লগতে পঢ়ক-অংকিতা দত্তৰ ক'ৰণাক লৈ বিশেষ মন্তৱ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.