ETV Bharat / state

Assam direct recruitment: তদন্তৰ নামত চাকৰি লাভৰ পৰা বঞ্চিত তিনি শতাধিক প্ৰাৰ্থী; কেতিয়া পাব নিযুক্তি ?

author img

By

Published : May 10, 2023, 5:24 PM IST

Qualified Candidate  press meet in Guwahati
এবছৰতে মানসিক ভাৱে ভাগি পৰিছো

ভুৱা প্ৰমাণপত্ৰৰ পুনৰীক্ষণৰ নামত নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰায় 350 গৰাকী প্ৰাৰ্থী ৷ অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ আহ্বান এইসকল বঞ্চিত প্ৰাৰ্থীৰ (Assam direct recruitment) ৷

এবছৰতে মানসিক ভাৱে ভাগি পৰিছো

গুৱাহাটী, ১০ মে’ : দুবছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে (2nd anniversary of HBS Govt) ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই 2021 চনত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিচতেই তেওঁ ৰাজ্যৰ 1 লাখ নিৱনুৱাক নিকাভাৱে নিযুক্তি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছিল (Assam Direct Recruitment ) ৷ ইয়াৰ পিচতেই ৰাজ্যজুৰি কেইবাটাই চৰকাৰী বিভাগৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ৷ বিগত বৰ্ষৰ ১২ মে’ত অসম আৰক্ষীত ৯১৭১ টা পদৰ বাবে ফলাফল ঘোষণা কৰিছিল । তাৰ পিচতেই ৪১৪ গৰাকী প্ৰাৰ্থীক ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট দিয়াৰ সন্দেহত নিযুক্তি দিয়া নহ’ল ।

সেই সময়ৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই CID ত এটা গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাটোত তদন্ত আৰম্ভ কৰিছিল । এই তদন্তৰ পৰা প্ৰায় ৯-১০ মাহৰ অন্তত ৩৫ জনক কম্পিউটাৰৰ ভুৱা চাৰ্টিফিকেট দিয়া প্ৰমাণিত হোৱাত গ্ৰেপ্তাৰ কৰিছিল । কিন্তু আজিলৈকে বাকী ৰোৱা প্ৰাৰ্থীসকলক চাকৰিত নিযুক্তি দিয়া নহ’ল ৷

বুধবাৰে এই সমগ্ৰ বিষয় সন্দৰ্ভত বঞ্চিত প্ৰাৰ্থীসকলে এখন সংবাদমেলৰ আয়োজন কৰি কয় যে, শেহতীয়াভাৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে যোগ্য প্ৰাৰ্থীসকলক পৰৱৰ্তী বেটছত নিযুক্তি দিয়াৰ লগতে প্ৰশিক্ষণ দিয়া হ’ব বুলি মন্তব্য কৰিছে (Qualified Candidate Demand Appointment to govt)। কিন্তু এই পৰৱৰ্তী বেটছ কেতিয়া হ’ব ?

তেওঁলোকে লগতে কয়, ‘‘সদ্য ঘোষিত আৰক্ষীৰ ফলাফলৰ লগত যদি আমাক নিযুক্তি দিয়ে তেতিয়াহলে আমাৰ কোনো আপত্তি নাই (Qualified Candidate press meet)। কিন্তু যদি পৰৱৰ্তী বেটছ দুই তিনি বছৰ পিছত হয় তেতিয়া কি কৰিম ? এবছৰতেই আমি ভাঙি গৈছো । আৰু দুই তিনি বছৰ ৰ’বলৈ আমাৰ ধৈৰ্য নাই । আমি এই সন্দৰ্ভত কথা পাতিবলৈ বাৰম্বাৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছো ৷ আমি তেওঁৰ ব্যক্তিগত সচিবকো লগ কৰি এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগত পোনপটীয়াকৈ কথা পতাৰ আগ্ৰহ প্ৰকাশ কৰিছিলো ৷ আমি মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিছো যে আমাক এবাৰ পোনপটীয়াকৈ লগ কৰি আমাৰ মনৰ কথাৰ বুজ লওক ৷ আমাৰ ক’বলগীয়া বহু আছে ৷’’

বঞ্চিত প্ৰাৰ্থীসকলে লগতে যোগ্যতা থকা প্ৰাৰ্থীখিনিক নিযুক্তি দিবলৈ আহ্বান জনোৱাৰ লগতে CID এ জব্দ কৰি ৰখা চাৰ্টিফিকেটখিনি ঘূৰাই দিবলৈ দাবী উত্থাপন কৰে ৷

ইফালে অহা 11 মে'ত চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এক বিশাল অনুষ্ঠান আয়োজন কৰা হৈছিল যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব নোৱাৰাৰ বাবে অহা 26 মে’ত অমিত শ্বাহৰ উপস্থিতি ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব (Assam Direct Recruitment Grade 4 Result 2023) । সেইবাবে এই সংবাদমেলৰ জৰিয়তে বঞ্চিত প্ৰাৰ্থীসকলে তেওঁলোককো অন্যান্য প্ৰাৰ্থীসকলৰ দৰে 26 মে’ত নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Assam Grade 4 Result : খানাপাৰাৰ খেলপথাৰত আনুষ্ঠানিকভাৱে বিতৰণ কৰিব নিযুক্তি পত্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.