ETV Bharat / state

Microfinance loan waive: মাইক্ৰ’ফাইনেন্সৰ ২.২ লাখ ঋণীৰ বিপৰীতে চৰকাৰে ঋণদাতাক পৰিশোধ কৰিলে ২৯১ কোটি টকা

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 7:34 PM IST

জনতা ভৱনত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় পৰ্যায়ত সাহায্য প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ২.২ লাখ হিতাধিকাৰীলৈ সকাহ প্ৰদান কৰা হয় । প্ৰায় ৩০০ কোটি টকাৰ সুদ ৰেহাইৰে ৰাজ্য চৰকাৰ ঋণদাতা প্ৰতিষ্ঠানসমূহক প্ৰদান কৰিলে মুঠ ২৯১ কোটি টকা । আঁচনিখনৰ চতুৰ্থ পৰ্যায়ত ৫০ হাজাৰ টকাৰ ঋণ থকাসকলক দিয়া হ'ব সকাহ । ২০২১চনৰ ৩১ মাৰ্চৰ পূৰ্বে ঋণ লোৱাসকলৰ ক্ষেত্রতহে চৰকাৰ দায়ৱদ্ধ ।

Microfinance loan waive
Microfinance loan waive

তৃতীয় পৰ্যায়ত ২.২ লাখ হিতাধিকাৰীলৈ সকাহ প্ৰদান

গুৱাহাটী,২৩ ছেপ্টেম্বৰ: নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে পৰ্যায়ক্ৰমে মহিলাসকলৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি আহিছে । আজি অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কৰা হয় ।

এই উপলক্ষ্যে জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় পৰ্যায়ত প্ৰায় ২.২ লাখ হিতাধিকাৰীলৈ সকাহ প্ৰদান কৰা হয় । তৃতীয় পৰ্যায়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰায় ২৯১ কোটি টকা প্ৰদানেৰে মাইক্ৰ'ফাইনেন্স ঋণৰ বোজাৰ পৰা ঋণ ধাৰকসকলক সকাহ প্ৰদান কৰা হয় ।

অনুষ্ঠানত তৃতীয় পৰ্যায়ৰ হিতাধিকাৰী সকললৈ 'No Due Certificate' প্ৰদান কৰা হয় । উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ অধীনত প্ৰায় ৩০০ কোটি টকাৰ সুদ ৰেহাই দিয়ে মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানসমূহে । ভাষণত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সুদৰ পৰা ৰেহাই দিয়াৰ বাবে মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানসমূহক ধন্যবাদ জ্ঞাপন কৰে ।

  • Fulfilling one of the key promises of Govt of Assam, HCM Dr @himantabiswa ceremonially distributed relief measures under Assam Microfinance Incentive & Relief Scheme, 2021 (Category - III) to around 2.22 lakh women loan borrowers.

    With a total relief cost of ₹291 cr under this… pic.twitter.com/3J1UvPSuXT

    — Chief Minister Assam (@CMOfficeAssam) September 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ঋণৰ পৰা মুক্তি লাভ কৰা মহিলাসকলক ১১ অক্টোবৰৰ পৰা জিলাই জিলাই গৈ No Dues Certificate প্ৰদান কৰা হ'ব । যাতে ভৱিষ্যতে তেওঁলোকে পুনৰ ঋণ লোৱাৰ পৰা বঞ্চিত নহয় ।

'কা' আন্দোলন আৰু ক'ভিড পৰিস্থিতিৰ বাবে ঋণ লোৱাসকলে ঋণ ঘূৰাই দিয়াৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ২৫ হাজাৰ টকালৈকে ঋণৰ বোজা থকাসকলৰ বোজা আজি আঁতৰ কৰা হৈছে । আজি ঋণদাতাসকলক চৰকাৰে ২৯১ কোটি টকা দিছে ।

ইয়াৰ দ্বাৰা ২,২২,৯৪৯ গৰাকী মহিলা উপকৃত হৈছে । মুখ্যমন্ত্রীয়ে কয় যে ঋণ ল'লে ঋণ ঘূৰাই দিব লাগে । পৰিস্থিতিৰ বাবে ঋণ ঘূৰাই দিব পৰা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে অসমীয়া মহিলাই ঋণ লৈ ঋণ ঘূৰাই দিয়াৰ সুনাম আছে ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আঁচনিখনৰ চতুৰ্থ পৰ্যায়ত ৫০ হাজাৰ টকাৰ ঋণ থকাসকলক সকাহ দিয়া হ'ব । এই গোটেই আঁচনিখনৰ যোগেদি মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা ২৪ লাখ মহিলা উপকৃত হ'ব ।

'কা' আন্দোলনৰ বাবেই উজনি অসমত সৰ্বাধিক ঋণ ঘূৰাই দিব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হৈছিল বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । মুখ্যমন্ত্রীয়ে লগতে কয় যে ২০২১চনৰ ৩১ মাৰ্চৰ পূৰ্বে ঋণ লোৱাসকলৰ ক্ষেত্রতহে চৰকাৰ দায়ৱদ্ধ । তাৰ পিছত ঋণ লোৱাসকলৰ ক্ষেত্রত জাননী আহিব পাৰে আৰু তাৰ বাবে চৰকাৰ দায়ী নহয় বুলি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে তৃতীয় পৰ্যায়লৈকে চৰকাৰে সকলোৰে ঋণ মাফ কৰিছে যদিও চতুৰ্থ পৰ্যায়ৰ ক্ষেত্রত কেতবোৰ দিশ নিৰীক্ষণ কৰা হ'ব । উল্লেখ্য যে অসম মাইক্র ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ সমগ্ৰ দেশৰ ভিতৰতেই ঋণৰ ক্ষেত্ৰত সকাহ প্রদান কৰা প্ৰথম আঁচনি ।

অসমৰ বিভিন্ন মাইক্রফাইনেন্স সংস্থা তথা বেংকৰ পৰা ক্ষুদ্র ঋণ লোৱা আর্থিকভাৱে পিছপৰা লোকক সকাহ প্রদান কৰাৰ লক্ষ্যৰে এই আঁচনিখন গ্ৰহণ কৰা হৈছে । ইতিমধ্যে প্রথম পর্যায়ত ৮ লাখতকৈ অধিক ঋণীৰ দ্বাৰা প্ৰায় ১,৬০০ কোটি টকাৰ সকাহ প্রাপ্তি দিয়া হৈছে ।

সেইদৰে দ্বিতীয় পর্যায়ত ১ লাখতকৈ অধিক ঋণীৰ দ্বাৰা প্ৰায় ১৯০ কোটি টকাৰ সকাহ প্রাপ্তি দিয়া হৈছে । জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজন কৰা এই অনুষ্ঠানত মন্ত্রী অজন্তা নেওগ, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিব পৱন বৰঠাকুৰৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Investment MoU: ছটা প্ৰতিষ্ঠানৰে ৩,১১৪ কোটি টকা বিনিয়োগৰ চুক্তিত স্বাক্ষৰ অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.