ETV Bharat / state

Assamese lady held hostage In Nigeria : বিদেশ ভ্ৰমণেই কাল হ’ল অসমৰ এইগৰাকী মহিলাৰ !

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 3:52 PM IST

imprisoned player of assam in nigeria
নাইজেৰিয়াত বন্দী অসমৰ এগৰাকী বক্সাৰ

নাইজেৰিয়াত বন্দী অসমৰ এগৰাকী বক্সাৰ ৷ ভিছা, পাচপোৰ্ট কাঢ়ি লৈ যায় দুৰ্বৃত্তই । দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চক বিষয়টো লিখিত অভিযোগৰূপে দাখিল কৰে ভুক্তভোগী পৰিয়ালে । দিছপুৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ ৷

গুৱাহাটী, 15 নৱেম্বৰ: "অচিন কাঠৰ থোৰা নলগাবা" শীৰ্ষক অসমীয়াত এষাৰ জনপ্ৰিয় ফকৰা যোজনা আছে ৷ অচিন কাঠ যিকোনো সময়তে ভাগি যোৱাৰ সম্ভাৱনা ৷ চিনাকি কাঠৰ থোৰাহে কামত লগোৱা উচিত বুলি জ্যেষ্ঠজনে কয় । একেদৰে যি মানুহৰ পৰিচয়, স্বভাৱ-চৰিত্ৰ জনা নাযায় তেনে লোকৰ পৰা বিপদত পৰাৰ আশংকা থাকে, সেয়ে তেনে অপৰিচিত লোকৰ সৈতে কোনো কাম বা সম্পৰ্ক ৰক্ষা কৰা উচিত নহয় । ইয়ে আমাক বিপদৰ ওচৰ চপায় নিয়ে ৷

সদৃশ ঘটনা সংঘটিত হৈছে অসমৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ সৈতে ৷ দুদিন পূৰ্বে চিনাকি হোৱা সম্পৰ্কৰ প্ৰতি অধিক বিশ্বাসী হৈ বিদেশত বন্দী হ’বলগীয়া হ’ল অসমৰ বক্সাৰগৰাকী । জানিব পৰা মতে, নাইজেৰিয়াত দুৰ্বৃত্তই পণবন্দী কৰি ৰাখিছে বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াক । 28 অক্টোবৰত নাইজেৰিয়ালৈ ফুৰিবলৈ গৈছিল খেলুৱৈগৰাকী ৷

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, গুৱাহাটী কাহিলীপাৰাৰ ওদালবাক্ৰাৰ বিকাশ নগৰৰ বৰ্ণালীৰ প্ৰায় 6 মাহ গুৱাহাটীত চিনা-পৰিচয় ঘটিছিল নাইজেৰিয়ান যুৱক কিঙৰ সৈতে ৷ বৰ্ণালীৰ স্বামী নয়ন শইকীয়াৰ যোগেদি । সেই সূত্ৰে বৰ্ণালীৰ পৰিয়ালৰ লগত ঘনিষ্ঠতা বাঢ়ে বিদেশী বন্ধুৰ । সেই সূত্ৰে পৰ্যটন ভিছা লৈ নাইজেৰিয়ালৈ ফুৰিবলৈ গৈছিল বৰ্ণালী ।

ভাৰতৰ পৰা যোৱাৰ তিনিদিন পৰ্যন্ত পৰিয়ালৰ সৈতে কোনো যোগাযোগ স্থাপন কৰিব পৰা নাছিল বৰ্ণালীয়ে । তাৰ পিছত হোৱাটছ এপযোগে বৰ্ণালীয়ে পৰিয়ালৰ লোকক তেওঁৰ শিহৰণকাৰী বিদেশ যাত্ৰাৰ অভিজ্ঞতা সন্দৰ্ভত অৱগত কৰে ৷ বিমানবন্দৰ পৰা কিংঙে বৰ্ণালীক লৈ গৈ ভিছা, পাচপোৰ্ট কাঢ়ি লৈ যোৱা বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, 14 দিনৰ ভিছা লৈ নাইজেৰিয়ালৈ যোৱা বক্সাৰগৰাকীৰ সৈতে পৰিয়ালৰ কোনো লোকে যোগাযোগ কৰিব পৰা নাই ।

Attacked on Assamese people
পৰিয়ালৰ এজাহাৰ

উল্লেখ্য যে, সোমবাৰৰ নিশা 10.45 বজাত বৰ্ণালীক নাইজেৰিয়াৰ পৰা ভাৰতলৈ আহিবৰ বাবে স্বামী নয়ন শইকীয়াই বিমানৰ টিকট কাটি দিছিল যদিও কিং আৰু ডেনিয়েল নামৰ নাইজেৰিয়ান দুই দুৰ্বৃত্তই বৰ্ণালীক বিমানবন্দৰলৈ আহিবলৈ নিদিয়ে বুলি চাঞ্চল্যকৰ অভিজ্ঞতাৰ কথা সামাজিক মাধ্যমযোগে বিৱৰি কয় ৷

Attacked on Assamese people
অভিযুক্ত

ইয়াৰ পিছতে অসহায় বৰ্ণালীৰ পৰিয়ালে সহায় বিচাৰে আৰক্ষীৰ ৷ বৰ্ণালীৰ পুত্ৰ আৰু কন্যাই 13 নৱেম্বৰত এই সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে । বৰ্ণালীৰ স্বামী নয়ন শইকীয়াই দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চক বিষয়টো সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে ।

Attacked on Assamese people
অভিযুক্ত

লগতে পঢ়ক: Death threats to Minister : কোনে প্ৰদান কৰিলে কৃষি মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.