ETV Bharat / state

APSC cash for job scam: কাৰ্যকাল বাঢ়িল ন্যায়াধীশ শৰ্মা আয়োগৰ

author img

By

Published : Feb 4, 2022, 5:12 PM IST

ৰাকেশ পালৰ চাকৰিৰৰ বজাৰৰ ন্যায়িক তদন্ত (Judicial Probe Into APSC Scam)বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে ৷ ৭ জানুৱাৰীত ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল শেষ হৈছিল যদিও তদন্ত প্ৰতিবেদন দাখিল কৰাৰ বাবে ৩১ মাৰ্চলৈকে চৰকাৰে সময়সীমা বৃদ্ধি কৰিছে (Assam govt extends term of Justice Sharma Commission) ।

Judicial probe of APSC Scam
কাৰ্যকাল বাঢ়িল ন্যায়াধীশ শৰ্মা আয়োগৰ

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: বৰ্তমানে জেলত থাকি ঘৰৰ ভাত খাই থকা কুখ্যাত ৰাকেশ পালে(Prime accused in APSC scam Rakesh Paul) অসম লোকসেৱা আয়োগত বহুওৱা চাকৰিৰ বজাৰখনৰ ন্যায়িক তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে (Judicial Probe Into APSC Scam)। বিগত ৭ জানুৱাৰীত ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল শেষ হৈছিল যদিও তদন্ত প্ৰতিবেদন দাখিল কৰাৰ বাবে ৩১ মাৰ্চলৈকে চৰকাৰে এই সময়সীমা বৃদ্ধি কৰিছে (Assam govt extends term of Justice Sharma Commission)।

উল্লেখযোগ্য যে, ২০১৩ আৰু ২০১৪ দুয়োটা বৰ্ষৰে লোকসেৱা আয়োগৰ পৰীক্ষাত সেই সময়ৰ আয়োগৰ অধ্যক্ষ ৰাকেশ পালে কোটি কোটি টকাৰ চাকৰিৰ বজাৰ বহুৱাইছিল । তাৰেই পৰিপ্ৰক্ষিতত ২০১৬ চনত ডিব্ৰুগড় আৰক্ষী থানাত ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল । সেই গোচৰত ২০১৩ আৰু ২০১৪ এই দুয়োটা বৰ্ষৰে কেলেংকাৰী সাঙোৰ খাই আছিল যদিও ৰাজ্য চৰকাৰে কিন্তু ন্যায়াধীশ শৰ্মা আয়োগক কেৱল ২০১৩ ৰহে তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল । কি কাৰণত চৰকাৰে ২০১৪ ৰ ন্যায়িক তদন্তৰ ভাৰ আজিও কাকো ন্যস্ত নকৰিলে সেয়া ৰহস্য হৈয়েই থাকিল ।

মনকৰিবলগীয়া যে, ২০১৩ আৰু ২০১৪ দুয়োটা বৰ্ষৰে তদন্ত আৰক্ষীয়ে চলাইছিল আৰু ২০১৩ চনত ৰাকেশ পালৰ কৃপাত চাকৰি লোৱা ৩৯ গৰাকী আৰু ২০১৪ চনত একেই পথেৰে চাকৰি গোটাই লোৱা ২১ গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । শৰ্মা আয়োগে দায়িত্ব লৈয়েই ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা উক্ত ৩৯ গৰাকী পৰীক্ষাৰ্থীৰ বহীসমূহ পৰীক্ষা কৰি একেই বিসংগতি ধৰা পেলাইছিল । শৰ্মা আয়োগে পৰবৰ্তী পৰ্যায়ত সেই ৩৯ গৰাকীৰ উপৰিও ২০১৩ চনত চাকৰিৰ বাবে নিৰ্বাচিত হোৱা মুঠ ২৪১ গৰাকী প্ৰাৰ্থীৰে উত্তৰবহী আৰু টেবুলেশ্বন শ্বীট পৰীক্ষা কৰাত পুণৰ ৩৮ গৰাকীৰ একেই বিসংগতি ধৰা পৰে । সম্প্ৰতি তদন্তৰ প্ৰতিবেদন আয়োগে প্ৰায় সম্পূৰ্ণ কৰিছে আৰু ৩১ মাৰ্চৰ পূৰ্বেই চৰকাৰক দাখিল কৰিব বুলি আজি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ই টিভি ভাৰতৰ আগত স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক: NEET PG exam postponed: এনইইটি পিজি পৰীক্ষা ২০২২ পিছুৱাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.