ETV Bharat / state

Assam Cabinet: গ্ৰামাঞ্চলত বিজুলী সংযোগৰ বাবে চৰকাৰে 112 কোটি অনুমোদন কেন্দ্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:34 PM IST

Updated : Sep 1, 2023, 6:33 AM IST

Assam Cabinet
Assam Cabinet

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেট কেইবাটাও নিৰ্মাণ কাৰ্যৰ বাবে অতিৰিক্ত পুঁজি অনুমোদন জনোৱা হয় ৷ ইয়াৰ লগতে বিনামূলীয়া চাউল বিতৰণ কৰাৰ ক্ষেত্ৰত নতুন SOP নিৰ্ধাৰণ কৰা হয় । সৱিশেষ পঢ়ক-

গ্ৰামাঞ্চলত বিজুলী সংযোগৰ বাবে চৰকাৰে 112 কোটি অনুমোদন কেন্দ্ৰৰ

গুৱাহাটী, 31 আগষ্ট: বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক সম্বোধন কৰি কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ সদৰী কৰে ৷

কেবিনেটত আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে চলি থকা কেইবাটাও নিৰ্মাণ কাৰ্যত অতিৰিক্ত আৰ্থিক অনুমোদন জনায় ৷ নতুকৈ নিৰ্মাণ কৰি থকা গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ কাৰ্যালয়, গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভ, যোৰাহাটৰ মুক্তি যুঁজাৰু উদ্যান, লাচিত মৈদাম, আলাৱৈ ৰণ স্মৃতি ক্ষেত্ৰৰ বাবে অতিৰিক্ত আৰ্থিক অনুমোদন জনোৱা হয় ।‌

‌আকৌ কেবিনেটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে বিনামূলীয়া চাউল বিতৰণ কৰাৰ ক্ষেত্ৰত নতুন SOP নিৰ্ধাৰণ কৰা হয় । লগতে নাৰ্চিং কলেজ, ফাৰ্মাচী শিক্ষাৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত নতুন নিয়ম নিৰ্ধাৰণ কৰা হয় ।

গ্ৰামাঞ্চলত বিজুলী সংযোগৰ বাবে চৰকাৰে 112 কোটি টকাৰ অনুমোদন জনায় । টাই আহোমৰ জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত কেবিনেটত কেতবোৰ সিদ্ধান্ত লোৱা হয় । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনায় যে কেবিনেটত অসমৰ‌ বান পৰিস্থতি, চৰাইদেও মৈদাম ইউনেস্ক’ৰ হেৰিটেজ চাইট হিচাপে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত আৰু আৰোহন আঁচনিৰ‌ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় ।

উল্লেখ্য যে ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ 100 খন কেবিনেট বৈঠক সম্পন্ন হৈছে ৷ প্ৰতিখন কেবিনটে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি তাৰে অধিকাংশই কাৰ্যকৰী কৰা বুলি দাবী কৰিছে চৰকাৰে ৷ অৱশ্যে এই সন্দৰ্ভত বিৰোধীেয়ে চৰকাৰক প্ৰশ্ন উত্থাপন কৰি শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনাইছে ৷

লগতে পঢ়ক: 2024 Lok Sabha Election: অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি লোকসভালৈ সাজু নিৰ্বাচন আয়োগ; কাইলৈৰ পৰা আৰম্ভ EVM পৰীক্ষা

Last Updated :Sep 1, 2023, 6:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.