ETV Bharat / state

Assam Flood: বান-খহনীয়াগ্ৰস্তক ৰক্ষাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব জলনীতি

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:58 PM IST

Assam Flood
বান-খহনীয়াগ্ৰস্তক ৰক্ষাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব জলনীতি

জলনীতিৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ‘ফ্লাড এণ্ড ৰিভাৰ ইৰ'চন মেনেজমেণ্ট এজেঞ্চি অব আছাম’ চমুকৈ ‘ফ্ৰেমা'ই আহ্বান কৰিছে নিবিদা । নিবিদা অনুসৰি প্ৰস্তুত কৰা হ’ব জলনীতিৰ ৰোডমেপ । অসমৰ বৃহৎ জল ভাণ্ডাৰৰ সদব্যৱহাৰৰে ৰাজ্যবাসীৰ উন্নয়ন সাধনৰ ওপৰত বিশেষ গুৰুত্ব জলনীতিত । বিগত সাত বছৰত এনে ধৰণৰ দুটা কাম কৰা প্রতিষ্ঠানকহে জলনীতি প্ৰস্তুতৰ দায়িত্ব দিব চৰকাৰে ।

গুৱাহাটী, ৪ অক্টোবৰ: কৃষিপ্ৰধান ৰাজ্য অসমে প্ৰত্যেক বছৰেই ভয়াৱহ বান আৰু খহনীয়াৰে যুঁজ দি আহিছে । প্ৰত্যেক বছৰেই বান-খহনীয়াই ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰে । বছৰৰ পাছত বছৰ ধৰি কেইবা দশকৰ পৰা ৰাজ্যখনে এই সমস্যাৰে জৰ্জৰিত হৈ আহিছে ।

সময়ে সময়ে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও কোনো সুফল পৰিলক্ষিত হোৱা নাই । শেহতীয়াকৈ ৰাজ্য চৰকাৰে বান-খহনীয়াত জৰ্জৰিত ৰাজ্যবাসীক উদ্ধাৰ কৰাৰ বাবে বিশেষ জলনীতি প্ৰস্তুতৰ বাবে অগ্ৰসৰ হৈছে ।

ইতিমধ্যে জলনীতিৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ‘ফ্লাড এণ্ড ৰিভাৰ ইৰ'চন মেনেজমেণ্ট এজেঞ্চি অব আছাম’ চমুকৈ ‘ফ্ৰেমা'ই নিবিদা আহ্বান কৰিছে । এই নিবিদা অনুসৰি প্ৰস্তুত কৰা হ’ব জলনীতিৰ ৰোডমেপ ।

উল্লেখ্য যে প্ৰত্যেক বছৰ বাৰিষা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে ৰাজ্যত প্ৰলয়ৰ সৃষ্টি কৰে । প্ৰত্যেক বছৰ দেখা দিয়া এই ভয়াৱহ পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব পৰা যাব তথা কিদৰে ক্ষয়-ক্ষতি হ্ৰাস কৰিব পাৰি তাৰ বাবে ৰাজ্য চৰকাৰে জলনীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে ।

তদুপৰি অসমৰ বৃহৎ জল ভাণ্ডাৰক কিদৰে সদব্যৱহাৰ কৰি ৰাজ্যবাসীৰ উন্নয়ন সাধিব পাৰি তাৰ বাবেও জলনীতিত সৰ্বাধিক গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ বাবে আহ্বান কৰা নিবিদা দাখিলৰ শেষ সময় হৈছে অহা ২২ ডিচেম্বৰ ।

আনহাতে ৰাজ্যৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগ্রহ প্ৰকাশ কৰা ৰাজ্য চৰকাৰখনে বিগত সাত বছৰত এনে ধৰণৰ দুটা কাম কৰা প্রতিষ্ঠানকহে জলনীতি প্ৰস্তুতৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লৈছে । লক্ষণীয় বিষয় যে অসমত প্ৰতি বছৰে খহনীয়াৰ ফলত প্ৰায় আঠ হাজাৰ হেক্টৰ ভূমি নদীত জাহ যায় ।

চৰকাৰী তথ্য অনুসৰিয়েই ১৯৫০ চনৰ পৰা এতিয়ালৈকে ৰাজ্যখনত প্ৰায় চাৰে চাৰি লাখ হেক্টৰ ভূমি নদীত জাহ গৈছে । একেদৰে প্ৰতি বছৰে হোৱা বানতো ৰাজ্যখনৰ লাখ লাখ লোক ক্ষৰিগ্ৰস্ত হোৱাৰ উপৰি সা-সম্পত্তিৰো বিস্তৰ ক্ষতি হৈ আহিছে ।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যৰ এই জ্বলন্ত সমস্যাটোৰ সমাধানৰ প্ৰাৰম্ভিক কাম হিচাপে জলনীতি প্রস্তুত কৰিবলৈ লোৱা সিদ্ধান্ত এক আশাৰ বতৰা হিচাপে বিবেচিত হৈছে । কিয়নো অসমৰ এই ভয়াৱহ সমস্যাৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে বিশেষ কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

উল্লেখ্য যে বছৰৰ পাছত বছৰ ধৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ বুকুত জাহ গৈছে ৰাজ্যৰ বিশাল ভূ-সম্পদ । ইফালে ঘৰ-মাটি হেৰুৱাই বিধ্বস্ত হৈ আহিছে নৈপৰীয়া লোকসকল । বছৰৰ পাছত বছৰ ধৰি বান-খহনীয়াই ৰাজ্যৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও জ্বলন্ত সমস্যা হিচাপে পৰিচিত ৰাজ্যৰ এই সমস্যাটোক আজিলৈকে সমাধান কৰিবলৈ সক্ষম হোৱা নাই কোনো এখন চৰকাৰে ।

ক’বলৈ গ'লে অসমৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে বান আৰু খহনীয়া । খহনীয়াৰ বাবেই সলনি হ'বলৈ ধৰিছে অসমৰ ভৌগোলিক মানচিত্রও । চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত প্ৰতিবছৰে প্ৰায় ৮০০০ হেক্টৰ স্থলভূমি খহনীয়াত জাহ যায় ।

এনেদৰে প্ৰতি বছৰে খহনীয়া চলি থকাৰ বাবেই বিগত ৭২ বছৰত অসমৰ প্ৰায় ৪.২৭ লাখ হেক্টৰ ভূমি নদীৰ বুকুত জাহ গৈছে । খহনীয়াত নিঃশেষ হৈছে ২৫০০খনকৈ গাঁও ।

আনহাতে বছৰি হোৱা বানপানীৰ বাবেও প্ৰতি বছৰে ৰাজ্যখনৰ কোটি কোটি টকাৰ সা-সম্পত্তিৰ লোকচান হৈ আহিছে । কিন্তু ইমানৰ পাছতো আজিলৈকে অসমৰ এই ভয়াৱহ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নহ'ল । এইবাৰ চৰকাৰে গ্ৰহণ কৰা জলনীতিৰ পদক্ষেপে কেনেধৰণৰ সফলতা লাভ কৰে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Silchar News: আজৱ ! চিকিৎসকে মৃত ঘোষণা কৰা নৱজাতক জীৱিত হ’ল শ্মশানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.