ETV Bharat / state

APSC scam: ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অসম চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:50 PM IST

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ৷

APSC scam
APSC scam

গুৱাহাটী, ৯ নৱেম্বৰ : অৱশেষত অসম চৰকাৰে APSCৰ ২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বাবে নিৰ্বাচিত ৩৪ জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে । এই কথা সদৰী কৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।‌ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি অনুসৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে ৰাজ্য চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰিছে ।

সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কঠোৰ স্থিতি লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে । একেদৰে ২০১৫ বৰ্ষৰ ১২ মে’ত ফলাফল ঘোষণা কৰা APSCৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ টেবুলেশ্বন শ্বীটত নম্বৰৰ বিসংগতিত নাম সাঙোৰ খোৱা বিষয়াৰ বিৰুদ্ধেও আয়োগৰ প্ৰতিবেদন মৰ্মে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে ।

উল্লেখ্য যে ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন ACS, APS আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি প্ৰেছ বিবৃতিত উল্লেখ কৰিছে । ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মাৰ দ্বাৰা এখন আয়োগ গঠন কৰিছিল ।

এই আয়োগে APSC ৰ পৰীক্ষা ব্যৱস্থা, নথি -পত্ৰ, সাক্ষী, ফৰেনচিকৰ প্ৰতিবেদন, ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰ আদি সকলো দিশৰ পৰা পুংখানুপুংখভাৱে তদন্ত কৰে ৷ প্ৰথম পৰ্যায়ত ২০১৩ বৰ্ষৰ APSC পৰীক্ষাত সংঘটিত দুৰ্নীতি আৰু ৰাকেশ পালক টকা দি চাকৰি লোৱা প্ৰাৰ্থী সকলৰ নাম উল্লেখ কৰি ২০২২ চনৰ ২ এপ্ৰিলত চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল । তাৰ পৰৱৰ্তী সময়ত যোৱা ২ নৱেম্বৰত আয়োগে চৰকাৰক দ্বিতীয়খন প্ৰতিবেদন দাখিল কৰিছিল ।

উল্লেখ্য যে কিছুদিন পূৰ্বে জনতা‌ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকে আয়োগৰ‌ প্ৰতিবেদনৰ‌ সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছিল । অসম চৰকাৰে APSCৰ ২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বাবে নিৰ্বাচিত ৩৪ জন বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল ।

উত্তৰত মুখ্যমন্ত্ৰীয়ে সাংবিদককক কৈছিল ‘‘বি কে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত কৈছে ২০১৩ৰ সকলো প্ৰাৰ্থীৰ সকলোকে চাকৰিৰ পৰা খেদিব লাগে । কিন্তু ‌মুখ্যমন্ত্ৰী হিচাপে সকলো দিশ আইনী‌আৰু মানবীয় দৃষ্টিভংগীৰে চাব লাগিব । গতিকে আদাতলৰ ৰায়লৈ বাট চাই আছো । আদালতে নিৰ্দেশ দিলে আদালতৰ মতে কাম‌ কৰিব‌ লাগিব ।’’

তেওঁ কয় যে তেওঁৰ দ্বিতীয় ‌প্ৰতিবেদনখন মই চোৱা নাই । তেওঁ প্ৰথম প্ৰতিবেদন ৩৪ জনক খেদিব দিব লাগে কোৱা নাই । আয়োগে যিহেতু সকলোকে চাকৰিৰ পৰা খেদিব দিছে ।‌ গতিকে বিষয়টো সকলো দিশ চাই তদন্ত কৰি থকা হৈছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে বিভিন্ন দল‌ সংগঠন বিশেষকৈ আম আদমী পাৰ্টীয়ে মুখ্যমন্ত্ৰীৰ এই মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰিছিল । তাৰ পিছতে আজি হঠাৎ অসম চৰকাৰে APSCৰ ২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বাবে নিৰ্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ কথা ঘোষণাই‌ বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: FIR Against Badruddin Ajmal: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তাৰাবাৰী থানাত গোচৰ তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.