ETV Bharat / state

কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

author img

By

Published : Jun 21, 2021, 5:21 PM IST

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে কৰ’ণা সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ৷ নতুন ক’ভিড নিৰ্দেশনা অনুসৰি ৰাজ্যত আন্তঃজিলা যাতায়াত বৰ্তমান বন্ধ থাকিব ৷ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা । আনহাতে কামৰূপ(ম) ত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷

Assam government issues new Covid SOP
ৰাজ্যত ক’ভিডৰ নতুন নিৰ্দেশনা জাৰি: কি কি ক্ষেত্ৰত থাকিব শিথিলতা ?

নিউজ ডেস্ক, 21 জুন : সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ এতিয়াও বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সময়ে সময়ে জাৰি কৰি আহিছে ক’ভিড নিৰ্দেশনা ৷

শেহতীয়াকৈ অসমত কৰ’ণা ভাইৰাছৰ প্ৰকোপ পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে যদিও ৰাজ্য চৰকাৰে এতিয়াও ক’ভিড প্ৰট’কল সম্পূৰ্ণভাৱে শিথিল কৰি দিয়া নাই ৷ শেহতীয়াভাৱে সোমবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে কৰ’ণা সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ৷ নতুন নীতি নিৰ্দেশনা মতে, ৰাজ্যত আন্তঃজিলা যাতায়াত বৰ্তমান বন্ধ থাকিব ৷ পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ।

আনহাতে, আজিৰ প্ৰকাশিত ক’ভিডৰ নতুন নিৰ্দেশনাতো সকাহ নাপালে মহানগৰবাসীয়ে ৷ কামৰূপ(ম) ত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷ তদুপৰি দিনৰ ১ বজাত বন্ধ কৰিব লাগিব মহানগৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ।

ইয়াৰ বিপৰীতে দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাত সান্ধ্য আইন কিছু শিথিল কৰা হৈছে । উক্ত জিলাকেইখনত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব । কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁও জিলাত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোপোৱাত জিলাকেইখনত অঞ্চল ভিত্তিত আংশিক লক ডাউন দিয়াৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । নতুন নিৰ্দেশনা অনুসৰি প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক ।

গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে Work From Home ৰ সুবিধা ৷ এইসকল মাতৃৰ Work From Home বে-চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব । আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

মন কৰিবলগীয়া যে, দেশত কৰ’ণাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতো দেশজুৰি কৰ’ণাৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে ৷ সোমবাৰৰ পৰা কেন্দ্ৰ চৰকাৰে সকলোৰে বাবে ভেকচিন বিনামূলীয়া কৰিছে । পূৰ্বতে ১৮-৪৪ বছৰৰ লোকৰ বাবে অসম চৰকাৰে ভেকচিন ক্ৰয় কৰিবলগীয়া হৈছিল । এতিয়াৰে পৰা কেন্দ্ৰই যোগান ধৰিব সকলো ভেকচিন ।

লগতে পঢ়ক: শীঘ্ৰে ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'ব দেশত ! ভাৰতবাসী সাজু নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.