ETV Bharat / state

Flood Situation in Assam: বানৰ কৱলত প্ৰায় ৪.৮৯ লাখ লোক, মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি

author img

By

Published : Jun 24, 2023, 12:33 PM IST

Updated : Jun 24, 2023, 5:31 PM IST

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ বৃহস্পতিবাৰে ৰাজ্যত বানত প্ৰথমগৰাকী লোকৰ মৃত্যু হোৱাৰ পাচত শুকুৰবাৰে মৃত্যু হয় আন এজন লোকৰ ৷ আনহাতে শেহতীয়াকৈ বানত প্ৰভাৱাম্বিত হৈছে ৪,৮৮,৫২৫ জন লোক ৷

Nearly 4.89 lakh people affected in 16 districts
বানৰ কৱলত প্ৰায় ৪.৮৯ লাখ লোক

নিউজ ডেস্ক, ২৪ জুন : ৰাজ্যত বানে সংহাৰ ৰূপ ধাৰণ কৰিছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদনত নিশ্চিত কৰা তথ্য অনুসৰি শুকুৰবাৰে ৰাজ্যখনত পুনৰ বানত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে ৰাজ্যখনত শেহতীয়াকৈ বান ৪,৮৮,৫২৫ জন লোক প্ৰভাৱাম্বিত হৈছে ৷ ইয়াৰে ২,১৮,৫৪৩ জন পুৰুষ, ২০৩,৮১৩ গৰাকী মহিলা আৰু ৬৬,১৬৯ টা শিশু ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বানত ৰাজ্যখনৰ ১৯ খন জিলাৰ ৫৪ টা ৰাজহ চক্ৰৰ ১,৫৩৮ খন গাঁও প্ৰভাৱিত হৈছে । বানৰ ফলত ১০৭৮২.৮০ হেক্টৰ কৃষিভূমি নষ্ট হৈছে ৷ বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, তামুলপুৰ আৰু ওদালগুৰি জিলা সম্প্ৰতি বানৰ কৱলত আছে ৷

বানাক্ৰান্ত লোকসকলক প্ৰশাসনৰ তৰফৰ পৰা নাৱেৰে স্থানান্তৰ কৰা হৈছে ৷ ইফালে বানৰ ফলত ১৪ খন জিলাৰ ২১৩ টা পথ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এই অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে । বানাক্ৰান্ত লোকৰ সাহাৰ্যৰ্থে মুঠ ২১৫ টা সাহায্য শিবিৰ আৰু কেন্দ্ৰ মুকলি কৰা হৈছে ৷ ইয়াৰ ভিতৰত ১৪০ টা সাহায্য শিবিৰ আৰু ৭৫ টা হৈছে সাহায্য বিতৰণ কেন্দ্ৰ । শিবিৰসমূহত বৰ্তমান ৩৫,১৪২ জন লোকে আশ্ৰয় লৈছে ৷

বানৰ ফলত মানুহৰ লগতে জীৱ-জন্তুও গুৰুতৰভাৱে প্ৰভাৱিত হৈছে । ইফালে সম্প্ৰতি বিপদসীমাৰ ওপৰেদি বৈছে মানস, পগলাদিয়া, পুথিমাৰী আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ৷

লগতে পঢ়ক: Flood Situation in Assam: ৰাজ্যত বানত প্ৰথমগৰাকী লোকৰ মৃত্যু; প্ৰায় 5 লাখ লোক আক্ৰান্ত

Last Updated : Jun 24, 2023, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.