ETV Bharat / state

Assam TET: এইবাৰৰ পৰা টেট পৰীক্ষা নহয়, কৈ দিলে শিক্ষামন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 9:44 PM IST

এতিয়াৰে পৰা ৰাজ্যত অনুষ্ঠিত নহয় টেট পৰীক্ষা ৷ শিক্ষামন্ত্ৰীয়ে ক’লে এই কথা ৷ টেটৰ পৰিৱৰ্তে শিক্ষা বিভাগে নিযুক্তিৰ বাবে সুকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব ।‌

Assam TET
এইবাৰৰ পৰা টেট পৰীক্ষা নহয়, ক’লে শিক্ষামন্ত্ৰীয়ে

গুৱাহাটী, ৭ অক্টোবৰ : এইবাৰৰ পৰা শিক্ষা বিভাগে টেট পৰীক্ষা অনুষ্ঠিত নকৰে । এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ‌ পেগুয়ে ।‌ গুৱাহাটীত শনিবাৰে অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ এই কথা ঘোষণা কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ‌ পেগুয়ে কয় যে মাত্ৰ টেট পাছ কৰিলে প্ৰাৰ্থীয়ে চাকৰি নাপায় ।‌ এয়া এক শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা মাত্ৰ । তেওঁ কয় যে এইবাৰৰ পৰা শিক্ষা বিভাগে নিযুক্তিৰ বাবে আছুতীয়া পৰীক্ষা পাতিব ।‌ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আগন্তুক কিছুদিনৰ ভিতৰতে বিভাগে ১৩০০০ নতুন পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব । কিন্তু এইক্ষেত্ৰত আগৰ নিয়মাৱলীতকৈ নিযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত কিছু সালসলনি কৰি খালী পদ অনুযায়ী TET cum Recruitment Test পতা হ’ব । উক্ত টেষ্টত যিমানখিনি প্ৰাৰ্থী উত্তীৰ্ণ হ'ব সিমানখিনিয়েহে চাকৰি লাভ কৰিব ।

আনহাতে তেওঁ উল্লেখ কৰে যে নতুন মূল্যায়ন পৰীক্ষণৰ জৰিয়ত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত শিক্ষক নিযুক্তিৰ মুল্যায়নৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকৰ নম্বৰৰ ভিত্তিত ৫ শতাংশ, ডি.এল.এডৰ পৰা ৫ শতাংশ, টেটৰ নম্বৰৰ পৰা ৮০ শতাংশ আৰু স্নাতকৰ পৰা ১০ শতাংশ নম্বৰ প্ৰদান কৰা হ’ব ।‌

শিক্ষামন্ত্ৰী ডাঃ পেগুৱে লগতে কয় যে অসমৰ শিক্ষা ব্যৱস্থাক ডিজিটেলাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে । শিক্ষা সেতুৰ জৰিয়তে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাক ডিজিটেলাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে । এই ক্ষেত্ৰত শিক্ষা বিভাগ যথেষ্ট সফল‌ হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে শনিবাৰে শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তিপত্ৰ বিতৰণ কৰে । ভাষণত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমান চৰকাৰখনৰ তিনিটা বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক্-ক্ষণতে এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে । তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান চৰকাৰৰ কাৰ্যকালৰ অধীনত আজিৰ নিযুক্তিক সামৰি সৰ্বমুঠ শিক্ষা বিভাগত অকলে ৩০৮৫৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: Keshab Mahanta in Majuli : অসহায় মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ- মাজুলীলৈ চিকিৎসক নাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.