T20 Cricket in Guwahati: ভাৰত-দক্ষিণ আফ্ৰিকাৰ T-20 মেচৰ বাবে সাজু অসম ক্ৰিকেট সন্থা

author img

By

Published : Aug 6, 2022, 8:50 PM IST

T20 Cricket in Guwahati

২ অক্টোবৰত বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া T20 খেলখনৰ (India vs South Africa T20 at Barsapara stadium) বাবে সাজু হৈছে অসম ক্ৰিকেট সন্থা ৷

গুৱাহাটী, ৬ আগষ্ট: শনিবাৰে মহানগৰীৰ বোন্দাৰ চপাইদাংস্থিত আইকণ (ICON) স্কুলত '' আইকণ ইন্দোৰ ক্ৰিকেট এৰিণা'' নামেৰে এটি ইণ্ড’ৰ ক্ৰিকেট প্ৰেক্টিছ গ্ৰাউণ্ড মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ইণ্ড’ৰ প্ৰেক্টিছ গ্ৰাউণ্ডখন মুকলি কৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা তথা অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই (Assam Cricket Association secretary)।

অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ তথা ৰঞ্জী খেলুৱৈ উপস্থিত থাকে । অনুষ্ঠানত ভাগ লৈ দেৱজিৎ শইকীয়াই ইণ্ড’ৰ ক্ৰিকেট প্ৰেক্টিছ গ্ৰাউণ্ডখনৰ জৰিয়তে ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহী উঠি অহা প্ৰজন্ম উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ T-20 মেচৰ বাবে সাজু অসম ক্ৰিকেট সন্থা

ইফালে ২ অক্টোবৰত বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া T20 খেলখনৰ(India vs South Africa Guwahati T20 Ticket) বাবে অসম ক্ৰিকেট সন্থা সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয়, যোৱা শুকুৰবাৰে BCCI ৰ টেলিকাষ্ট টিম এটা আহি সম্পূৰ্ণ ষ্টেডিয়ামখন পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰিছে ।

ইতিমধ্যে টিকট বিক্ৰী সম্পৰ্কে Book my Show আৰু Paytm ৰ সৈতে আলোচনা কৰিছে অসম ক্ৰিকেট সন্থাই । সকলো দিশ চালি জাৰি চাই যিকোনো এটা প্ৰতিষ্ঠানক দিয়া হ’ব টিকট বিক্ৰীৰ দায়িত্ব ।

লগতে পঢ়ক: Cricket in 2028 Olympic : ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.