ETV Bharat / state

গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি-২০, মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Sep 2, 2022, 5:05 PM IST

Cricket
গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি ২০

জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টি-২০ ক্ৰিকেট খেলৰ আয়োজনৰ বুজ ল'লে (Ind vs SA at Guwahati)। শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি যান-জঁটৰ সমস্যা যাতে উদ্ভৱ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনক নিৰ্দেশ ।

গুৱাহাটী,২ ছেপ্টেম্বৰ : গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া টি-২০ ক্ৰিকেট খেলৰ (Ind vs SA T20 match at Guwahati) আয়োজনৰ শুকুৰবাৰে বুজ লয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্রীয়ে এখন বৈঠকত মিলিত হয় (CM review meeting on upcoming T20)। অসম ক্ৰিকেট সন্থা, লোক নিৰ্মাণ বিভাগ, ক্ৰীড়া বিভাগ, অগ্নি আৰু আপাতকালীন সেৱা, শক্তি বিভাগ আদিৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ খেলখন যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে বিস্তৃত আলোচনা কৰে ।

Cricket
গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি ২০

শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি যান-জঁটৰ সমস্যা যাতে উদ্ভৱ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনক মুখ্যমন্ত্রীয়ে নিৰ্দেশনা প্ৰদান কৰে । ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতুকে ধৰি বিভিন্ন নিৰ্মাণকাৰ্য সম্প্ৰতি চলি থকাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ আৰু দৰ্শকৰ যাতায়াতত যাতে ব্যাঘাত নজন্মে সেই দিশত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিয়ে । ষ্টেডিয়ামৰ চৌপাশে যথোচিত পোহৰৰ ব্যৱস্থা, সমগ্ৰ ষ্টেডিয়াম চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে খেল শেষ হোৱাৰ পাছতে চাফাই অভিযান চলাবলৈও জিলা প্ৰশাসন আৰু অন্যান্য বিভাগীয় বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রী ডঃ শৰ্মাই ।

বৈঠকত অতিৰিক্ত মুখ্য সচিবদ্বয় মণিন্দৰ সিং আৰু চৈয়দিন আব্বাছী, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা অগ্নি আৰু আপাতকালীন সেৱাৰ সঞ্চালক মুকেশ আগৰৱালা, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজেশ কেমপ্ৰাই আদিকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক :ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালীকৰণৰ দাবীত বিৰোধীৰ যৌথ আন্দোলনৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.