ETV Bharat / state

গান্ধী পৰিয়ালক ডুপ্লিকেট পৰিয়াল আখ্যা মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 7:23 PM IST

Bharat Jodo Nyay Yatra : গান্ধী পৰিয়ালক ডুপ্লিকেট পৰিয়াল আখ্যা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাটোক মিঞা যাত্ৰা বুলিও সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Bharat Jodo Nyay Yatra
ৰাহুল গান্ধীৰ ভাৰত জড়ো ন্যায় যাত্ৰাৰ‌ সমালোচনা মুখ্যমন্ত্ৰীৰ
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ‌ সমালোচনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৮ জানুৱাৰী : ‘‘মোৰ মতে দেশৰ ভিতৰত সকলোতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়ালটো হৈছে গান্ধী পৰিয়াল । গান্ধী পৰিয়াল অকল দুৰ্নীতিগ্ৰস্তই নহয় ডুপ্লিকেট পৰিয়ালো হয় ।‌ এই পৰিয়ালৰ নামটো গান্ধী নহয় । এই পৰিয়ালটোয়ে ডুব্লিকেট নাম লৈ চলি আছে ।’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত কৰা হয় বিজেপিৰ বুথ কমিটীৰ এখন সভা ৷ এই সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত গান্ধী পৰিয়াল সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ‌ সমালোচনা কৰি কয়, ‘‘এয়া ন্যায় যাত্ৰা নহয় । এয়া আচলতে মিঞা যাত্ৰাহে । কাৰণ য’ত মিঞা‌ মুছলমান আছে, তাতে ৰাহুল গান্ধীৰ এই যাত্ৰাৰ মানুহ হ'ব । য’ত মিঞা নাই, তেনে স্থানত মানুহ নহয় ৷ মিঞা মুছলমানৰ মহিলা-যুৱতীসকলো এই যাত্ৰালৈ নাহে । আগতে আহিছিল, এতিয়া নাহে ৷ মাত্ৰ ডেকা ল’ৰা কিছুমানহে আহিব এই যাত্ৰালৈ’’ ।

তেওঁ আৰু কয়, ‘‘বদৰুদ্দিন আজমলে কোৱাৰ দৰে ৰাহুল গান্ধীক চাবলৈ মহিলাসকল আহিব । কিন্তু মই কৈছো মহিলাসকলো ৰাহুল গান্ধীক চাবলৈ নাহে’’ ।

লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ ছোনিয়া গান্ধী নহাটো হ'ল কংগ্ৰেছৰ ৰাজনীতি । আহিলে সেয়া ৰাজনীতি কৰা নুবুজালেহেতেন । ৰাজনীতি বিজেপিয়ে কৰা নাই । কংগ্ৰেছেহে ৰাজনীতি কৰিছে’’ ।

লগতে পঢ়ক : ৰাহুলৰ ন্যায় যাত্ৰাই আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.