Assam Book Fair: গুৱাহাটীকে ধৰি ৰাজ্যৰ ৫ স্থানত অসম গ্ৰন্থমেলা

author img

By

Published : Oct 28, 2022, 2:23 PM IST

Updated : Oct 28, 2022, 3:23 PM IST

Book Fair
Book Fair ()

ধেমাজিৰ পৰা আৰম্ভ হৈ নলবাৰী, যোৰহাট, গুৱাহাটী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা (Assam Book Fair) । অংশগ্ৰহণ কৰিব ৰাজ্যৰ বাহিৰৰ গ্ৰন্থ বিপণীয়ে । ইচ্ছা প্ৰকাশ কৰিছে বিদেশৰো গ্ৰন্থ বিপণীয়ে । ডিফুতো অসম গ্রন্থমেলা আয়োজনৰ চিন্তা-চৰ্চা কৰা হৈছে । অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ (Assam Publication Board Literature Award) মাননী বৃদ্ধি । প্ৰকাশকে ৩ লাখ টকাৰ লগতে লেখকে পাব ৫ লাখ টকা ।

গুৱাহাটী, ২৮ অক্টোবৰ : গ্ৰন্থপ্ৰেমীৰ বাবে সুখবৰ । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যাগত ৰাজ্যৰ পাঁচটা স্থানত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে (Assam Book Fair in 5 places) । এই উপলক্ষে আজি অসম প্ৰকাশন পৰিষদৰ (Assam Publication Board) গুৱাহাটীৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰা হয় ।

গুৱাহাটীকে ধৰি ৰাজ্যৰ ৫ স্থানত অসম গ্ৰন্থমেলা

সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতা আৰু অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ (Assam Book Publishers and Sellers Association) সভাপতি নগেন শৰ্মা, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্রবোধ দাসে অসম গ্ৰন্থমেলাৰ বিষয়ে সবিশেষ সদৰী কৰে ।

অসম গ্ৰন্থমেলাৰ (Assam Book Fair 2022) প্ৰসংগত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে ৰাজ্যখনত গ্রন্থ আন্দোলনক অধিক বিস্তাৰিত কৰাৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত আয়োজিত অসম গ্রন্থমেলাৰ এইবাৰ আৰম্ভণি হ'ব ধেমাজিৰ পৰা । ধেমাজিৰ কাছাৰী ময়দানত ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ১০ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অসম গ্রন্থমেলা ।

৪ নৱেম্বৰৰ বিয়লি ৪ বজাত 'অসম গ্রন্থমেলা, ধেমাজি'ৰ শুভ উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সম্মানীয় অতিথি আৰু লেখক, গৱেষক প্রদীপজ্যোতি মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ধেমাজিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গ্রন্থমেলাত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ ১০০খন গ্ৰন্থ বিপণীৰ অংশগ্রহণ নিশ্চিত হৈছে ।

দিল্লী আৰু কলকাতাৰ কেইবাখনো আগশাৰীৰ গ্ৰন্থ বিপণীয়ে এই গ্রন্থমেলাত অংশগ্ৰহণৰ সিদ্ধান্ত লৈছে । গ্রন্থমেলাৰ ১০ দিনীয়া কাৰ্যসূচীৰ ভিতৰত থাকিব সাহিত্য বিষয়ক বিভিন্ন আলোচনা সত্ৰ, কবি সন্মিলন, শিশুৰ দিন, অৰুণাচলৰ অসমীয়া লেখকসকলৰ অন্তৰংগ আলাপ, ধেমাজি জিলাৰ প্ৰতিভাধৰসকলৰ সমাৰোহ, যুৱ লেখকৰ সাহিত্যানুষ্ঠান তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ।

তেওঁ লগতে কয় যে এইবাৰ ধেমাজিৰ লগতে যোৰহাট, গুৱাহাটী, নলবাৰী আৰু বঙাইগাঁৱত দুয়োটা প্রতিষ্ঠানৰ যৌথ উদ্যোগত একোখনকৈ গ্রন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ধেমাজি গ্রন্থমেলাৰ সমান্তৰালভাৱে নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত ৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ 'অসম গ্রন্থমেলা, নলবাৰী’ অনুষ্ঠিত হ'ব । নলবাৰীৰ হৰি মন্দিৰ বাকৰিত ৮ নৱেম্বৰত অসম গ্রন্থমেলা, নলবাৰী আনুষ্ঠানিকভাবে উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ।

এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিশিষ্ট অভিধান প্রণেতা সুমন্ত চলিহা আৰু লেখক প্রশান্ত চক্রৱর্তী উপস্থিত থাকিব । প্রায় ৫০খন গ্রন্থ বিপণীয়ে অংশগ্ৰহণ কৰিবলগা এই গ্ৰন্থমেলাৰ বাবে ইতিমধ্যে সাহিত্য, গ্রন্থ তথা সংস্কৃতি বিষয়ক বিভিন্ন কার্যসূচী প্রস্তুত কৰি তোলা হৈছে ।

আনহাতে, ২ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হ'বলগা 'অসম গ্রন্থমেলা, যোৰহাট'ৰ আয়োজনো পূর্ণ গতিত চলি আছে বুলি তেওঁ কয় । অসম গ্রন্থমেলা, যোৰহাটত যোৰহাটৰ অসম শৈক্ষিক কেন্দ্ৰও সহযোগী হিচাপে আছে । ২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, হিমাচল প্রদেশ বিশ্ববিদ্যালয়ৰ উপাচার্য কুলদীপ চান্দ অগ্নিহোত্ৰীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ সন্মতি দিছে । ডেৰশৰো অধিক গ্রন্থ বিপণীৰ বাবে প্রস্তুত হৈ উঠিবলগা অসম গ্ৰন্থমেলা, যোৰহাটৰ লাইখুঁটা ১৫ নবেম্বৰত স্থাপন কৰা হ'ব ।

যোৰহাটৰ পাছতে ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত 'দ্বিতীয় অসম গ্রন্থমেলা, গুৱাহাটী’ অনুষ্ঠিত হ'ব (2nd Assam Book Fair Guwahati) । ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা উদ্বোধনী অনুষ্ঠানলৈ মুখ্যমন্ত্রী, শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যখনৰ প্ৰথিতযশা লেখকক আমন্ত্ৰণৰ দিহা কৰা হৈছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অসম গ্রন্থমেলা, গুৱাহাটীত ৰাজ্যখনৰ উপৰি দিল্লী, কলকাতা তথা বিদেশৰো গ্ৰন্থ বিপণীয়ে যোগদানৰ বাবে ইচ্ছা প্রকাশ কৰিছে ।

গুৱাহাটীৰ পাছতে বঙাইগাঁও চহৰত পঞ্চমখন অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব । বঙাইগাঁও গ্ৰন্থমেলাৰ বাবে তাৰিখ ধার্য কৰা নাই যদিও শতাধিক গ্রন্থ বিপণীয়ে যোগদান কৰিব পৰাকৈ মণ্ডপ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, ডিফুতো অসম গ্রন্থমেলা আয়োজনৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে বিগত বছৰ যথেষ্ট সফলতা লাভ কৰিছিলে প্ৰকাশন পৰিষদে । বিগত বৰ্ষত গ্ৰন্থমেলাৰ বাবে ৭০ লাখ টকা ব্যয় কৰা হৈছিল আৰু আয় হৈছিল প্ৰায় ১৮ লাখ টকা । গ্ৰন্থ বিক্ৰী হৈছিল ৫ কোটি টকাৰো অধিক । প্ৰসংগক্ৰমে তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ মাননী বৃদ্ধি কৰা হৈছে । বিগত বৰ্ষত লেখকক ২ লাখ টকা আৰু প্ৰকাশকক ২ লাখ টকা দিয়া হৈছিল ।

এইবাৰ এই বঁটাত প্ৰকাশকক ৩ লাখ টকাৰ দিয়াৰ লগতে লেখকক দিয়া হ'ব ৫ লাখ টকা । বিগত ৩ বছৰৰ ভিতৰত প্ৰকাশিত গ্ৰন্থৰ লেখক আৰু প্ৰকাশকে অংশগ্ৰহণ কৰিব পাৰিব । আবেদনৰ বাবে প্ৰকাশন পৰিষদৰ ফালৰ পৰা এটা মোবাইল এপ মুকলি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । সংবাদমেলযোগে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ বিষয়ববীয়াসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা এই গ্রন্থমেলাত গ্রন্থপ্রেমী ৰাইজৰ পূৰ্ণ সহযোগিতা তথা দিহা-পৰামৰ্শ কামনা কৰে ।

লগতে পঢ়ক :Veteran actor Nipon Goswami : বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ অন্তিম যাত

Last Updated :Oct 28, 2022, 3:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.