ছিপাঝাৰৰ ঘটনাৰ আঁৰত তৃতীয় শক্তি আছে : ৰাজ্যিক বিজেপি

author img

By

Published : Sep 24, 2021, 5:18 PM IST

ASSAM BJP PRESS CONFERENCE IN GUWAHATI

ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল । ছিপাঝাৰ সমষ্টিৰ ৩ নং ধলপুৰত সংঘটিত দুর্ভাগ্যজনক ঘটনা তৃতীয় পক্ষৰ ষড়যন্ত্রৰ বাবে হৈছে । ২১ ছেপ্টেম্বৰত শান্তিপূর্ণভাৱে উচ্ছেদ কার্যত স্থানীয় ৰাইজে আন্তৰিকতাৰে সহযােগ কৰিছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে ৷

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে । বৃহস্পতিবাৰৰ দৰং জিলাত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিধায়ক মৃণাল শইকীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশীয়ে এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত বিজেপিৰ নেতা কেইজনে কয়, ছিপাঝাৰ সমষ্টিৰ ৩ নং ধলপুৰত সংঘটিত দুর্ভাগ্যজনক ঘটনা তৃতীয় পক্ষৰ ষড়যন্ত্রৰ বাবে হৈছে । ২১ ছেপ্টেম্বৰত শান্তিপূর্ণভাৱে উচ্ছেদ কার্যত স্থানীয় ৰাইজে আন্তৰিকতাৰে সহযােগ কৰিছিল । একেদৰে ২২ ছেপ্টেম্বৰত ৩ নং ধলপুৰ ৰাইজে উচ্ছেদ কার্য সমর্থন জনাই নিজ ঘৰ-দুৱাৰ ভাঙি, বয়-বস্তু জিলা প্রশাসনে দেখুৱাই দিয়া নির্দিষ্ট এহেজাৰ বিঘা মাটিলৈ স্থানান্তৰ কৰিছিল ।

লগতে পঢ়ক: আজিও উপেক্ষিত স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জিউৰাম

পিছে ২২ ছেপ্তেম্বৰৰ নিশা আৰু ২১ ছেপ্তেম্বৰৰ পুৱাৰে পৰা এক তৃতীয় শক্তিৰ প্ৰৰােচনা আৰু ষড়যন্ত্রত বেদখলকাৰী এটা অংশই উচ্ছেদ চলাবলৈ যােৱা জিলা প্ৰশাসনক বাধা দি আক্রমণ কৰিলে । এই ষড়যন্ত্রৰ বাবেই জিলা প্রশাসনৰ ৯ গৰাকী আৰক্ষী বিষয়া আৰু কৰ্মচাৰী সৌভাগ্যবশতঃ মৃত্যুমুখৰ পৰা বাচিল যদিও ইয়াৰে দুগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে ।

প্রতিবাদকাৰীৰ একাংশ আঘাতপ্রাপ্ত হৈছে যদিও ইয়াৰে দুগৰাকী মৃত্যুমুখত পৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা ধলপুৰৰ ঐতিহ্যমণ্ডিত শিৱমন্দিৰলৈ যাওঁতে স্থানীয় ৰাইজে কৃষিপ্রকল্প আৰু মন্দিৰ নিৰ্মাণত সহযােগ কৰিব বুলি আশ্বাস দিছিল । মুখ্যমন্ত্রীয়ে অসম বিধানসভাতাে চৰ অঞ্চলৰ ৰাইজৰ সমস্যা, বিশেষকৈ ভূমিৰ অধিকাৰৰ সন্দৰ্ভতাে গুৰুত্বপূৰ্ণ আশ্বাস প্রদান কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে বিজেপিৰ নেতা কেইজনে ৷

লগতে পঢ়ক: দিল্লীৰ ৰোহিণী আদালত চৌহদত তিনিজনক গুলীয়াই হত্যা: দিল্লী আৰক্ষী

ইয়াৰ লগতে ৰাজ্যিক বিজেপিয়ে স্পষ্ট কৰি দিয়ে যে, গৰুখুটি কৃষি প্ৰকল্পৰ চৰকাৰী ভূমি এৰি দিলে নির্দিষ্ট স্থানত চৰকাৰী নীতি অনুসৰি তেওঁলােকক সংস্থাপন কৰা হ'ব তথা সকলাে যাৱতীয় সা-সুবিধা দিয়া হ'ব বুলি কোৱা হৈছিল । আনকি মুখ্যমন্ত্রীয়ে সুকীয়াকৈ এ আই ইউ ডি এফৰ সদস্য আৰু আমছুৰ সৈতেও আলােচনা কৰি একেখিনি আশ্বাস দিছিল ৷ কিন্তু হঠাৎ তৃতীয় পক্ষৰ প্ৰৰােচনাত এচামে গুৱাহাটী উচ্চ ন্যায়লয়ত উচ্ছেদৰ বিৰুদ্ধে গােচৰ তৰাৰ লগে লগে তথাকথিত সংখ্যালঘু ত্রাণকর্তাসকলে যে এই স্থানীয় লােকসকলক লৈ পূৰ্বৰ দৰে ৰাজনৈতিক লাভালাভতহে ব্যস্ত সেয়া প্রতিপন্ন হৈ পৰিল ।

এই ধলপুৰতেই অবৈধ বেদখলকাৰীক খিলঞ্জীয়া আৰু চৰকাৰী মাটি এৰি দিয়াৰ বাবে প্রতিবাদ সাব্যস্ত কৰিবলৈ যােৱা লােকক যিধৰণে আক্রমণৰ বেহু ৰচনা কৰি হত্যাৰ ষড়যন্ত্র কৰিছিল সেই অভিশপ্ত ৮৩ ৰ ১৫ ফেব্ৰুৱাৰীৰ ঘটনা পুনৰবাৰ ধলপুৰৰ ঘটনাই অসমবাসীৰ মন জাগ্রত কৰিলে । খিলঞ্জীয়াৰ অধিকৃত ভূমি আৰু চৰকাৰী ভূমি ৰক্ষাৰ বাবে প্রতিবাদী আন্দোলনত ধলপুৰ আৰু ৰঙামাটিৰ আশে পাশে সংঘটিত ঘটনাত প্রাণত্যাগ কৰা হৰগােবিন্দ গােস্বামী, ভবানী গােস্বামী, ধনবৰ দাস, থানেশ্বৰ শৰ্মা, ক্ষীতেশ্বৰ ডেকা, উমা শইকীয়া, ডিম্বেশ্বৰ ডেকা, দয়াৰাম শৰ্মা, মুজাৰাম বৰা, কাহিৰাম ডেকা আদি অসম আন্দোলনৰ শ্বহীদসকলক হত্যা কৰা ঘটনা অসমবাসীয়ে কেতিয়াও পাহৰিৱ নােৱাৰে ।

লগতে পঢ়ক: মঙলদৈত কংগ্ৰেছৰ বিশাল প্ৰতিবাদত বাধা আৰক্ষীৰ

সময়ে সময়ে এই সকল বেদখলকাৰী সংখ্যালঘুৱে থলুৱা লােকক কৰা অত্যাচাৰ সর্বজনবিদিত । চৰত বসবাস কৰা ভাৰতীয় লােকসকলক অসমীয়া আৰু ভাৰতীয় মহাসুঁতিৰ সৈতে একাত্ম কৰিবলৈ কৰা প্রচেষ্টাক কুঠাৰাঘাত কৰিলে তথাকথিত সংখ্যালঘূ ত্রাণকর্তা ধলপুৰৰ বাহিৰৰ তৃতীয় শক্তিয়ে । তাৎপর্যপূর্ণভাৱে বৃহস্পতিবাৰৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সৰহ সংখ্যক স্থানীয় লােকে নিশালৈকে চৰকাৰী পক্ষক সহযােগিতা আগবঢ়াই আছিল বুলি কয় ৰাজ্যিক বিজেপিৰ নেতা সকলে ।

অসম চৰকাৰে ইতিমধ্যে এই ঘটনাৰ বাবে যি নিৰপেক্ষ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰিছে তাক আদৰণি জনাই অতিশীঘ্ৰে চৰকাৰী বাহিনীক আক্রমণ কৰাৰ বাবে কুটিল ষড়যন্ত্রকাৰীসকলক বাচি উলিয়াই আটক কৰি উপযুক্ত শাস্তি বিহিবলৈ আহ্বান জনাইছে ৰাজ্যি বিজেপিয়ে ৷

"ধলপুৰৰ ঘটনাই ভৱিষ্যতে অসমৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে এক ভয়াৱহ আক্রমণৰ ষড়যন্ত্রৰ গােন্ধ আমি পাইছাে । কোনাে কাৰণতেই এইখন অসমত এই তৃতীয় অপশক্তিৰ ষড়যন্ত্র, প্রতিবাদ আমি সফল হ’ব নিদিও । সেই অঞ্চলৰ স্থানীয় সংখ্যালঘু লােকসকলৰ প্রতি শেষবাৰৰ বাবে আমাৰ আহ্বান যে চৰকাৰী ভূমি বেদখল কৰা প্ৰৱণতা পৰিত্যাগ কৰি জিলা প্রশাসনে নির্ধাৰণ কৰা সুনির্দিষ্ট সংৰক্ষিত ভূমিত বসবাস কৰক ।" সাংবাদিকৰ আগত এইদৰে কয় ৰাজ্যিক বিজেপিৰ নেতা সকলে ৷

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জালিয়াতি কৰি গ্ৰেপ্তাৰ পঞ্চতাৰকা হোটেলৰ মেনেজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.