ETV Bharat / state

ৰাজসাক্ষী হোৱাৰ ইচ্ছা APSC কেলেংকাৰীত অভিযুক্ত চিকিৎসক মৃগেন শইকীয়াৰ

author img

By

Published : Aug 25, 2020, 8:37 PM IST

তিনি বছৰ পিছত ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ অন্যতম সংগী পশু চিকিৎসক মৃগেন শইকীয়াই ৷ সোমবাৰে ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰি আদালতত উপস্থিত হয় চিকিৎসকগৰাকী ৷

APSC scam accused Dr. Mrigen Saikia voluntarily want to be Govenment witewss
ৰাজসাক্ষী হোৱাৰ ইচ্ছা APSC কেলেংকাৰীত অভিযুক্ত চিকিৎসক মৃগেন শইকীয়াৰ

গুৱাহাটী, 25 আগষ্টঃ তিনি বছৰৰ পিছত সম্বিৎ আহিল APSC কেলেংকাৰীত অভিযুক্ত মৃগেন শইকীয়াৰ ৷ তিনি বছৰ পিছত ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ অন্যতম সংগী পশু চিকিৎসক মৃগেন শইকীয়াই ৷ APSC কেলেংকাৰীত দালালৰ ভূমিকাত নাম সাঙোৰ খোৱাৰ পিছত বিগত তিনি বছৰে বহিঃৰাজ্যত আত্মগোপন কৰি আছিল মৃগেন শইকীয়াই ৷ সোমবাৰে ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰি আদালতত উপস্থিত হৈছিল চিকিৎসকগৰাকী ৷ কিন্তু কোভিড 19ৰ স্বাস্থ্যবিধি মানি চলি ন্যায়িক কাম কাজ চলি থকাৰ বাবে আহা 19 চেপ্তেম্বৰলৈ মৃগেন শইকীয়াৰ ৰাজসাক্ষীৰ বাবে জনোৱা আবেদনৰ শুনানি স্থগিত ৰাখিছে ন্যায়ালয়ে ৷

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ চাকৰি দিয়াৰ নামত ৰাকেশ পালৰ মধ্যস্থতাকাৰী হিচাপে পৰিচিত হৈছিল পশু চিকিৎসক মৃগেন শইকীয়া ৷ কিন্তু আশ্চৰ্যকৰ বিষয় যে, ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ সহায়ত 2016 চনৰে পৰা বহিঃৰাজ্যত আত্মগোপন কৰি থকাৰ কথা বিশেষ তদন্তকাৰী বিষয়াৰ ওচৰত স্বীকাৰ কৰিছে মৃগেন শইকীয়াই ৷ যোৱা ফেব্ৰুৱাৰী মাহত তেখেতে ৰাজসাক্ষী হোৱাৰ চৰ্তেৰে অন্তৱৰ্তীকালীন জামিনৰ আবেদন জনাইছিল ৷ উচ্চ ন্যায়ালয়ে আবেদন মঞ্জুৰ কৰাৰ পিছতে ৰাজসাক্ষী হোৱাৰ বাবে আবোদন দাখিল কৰে চিকিৎসকগৰাকীয়ে ৷

আনহাতে, APSC কেলেংকাৰীৰ তদন্তৰ বাবে প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত বিশেষ তদন্তকাৰী আয়োগ গঠন কৰি দিয়া হৈছিল। সম্প্ৰতি আয়োগে নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ অভিযুক্তৰ ভাষ্য, সাক্ষীৰ ভাষ্যৰ লগতে সকলো নথি-পত্ৰ অসম আৰক্ষীৰ পৰা বিচাৰিছে ৷ আয়োগৰ তদন্ত প্ৰক্ৰিয়াৰ ক্ষীপ্ৰতাই APSC কেলেংকাৰিৰ ন্যায়িক তদন্ত আৰম্ভ শীঘ্ৰে হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ।

লগতে পঢ়ক-গোলাঘাটত কৰ'ণাত আক্ৰান্ত হৈ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.