ETV Bharat / state

APSC কেলেংকাৰী PNRD আৰু SI কেলেংকাৰীৰ মূল পৃষ্ঠভূমিঃ মানস প্ৰতিম বৰুৱা

author img

By

Published : Nov 28, 2020, 10:04 PM IST

এ পি এছ চি কেলেংকাৰীৰ গোচৰৰ তদন্ত এতিয়া সোণোৱাল চৰকাৰৰ মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ দলিল ৷ বিজেপি চৰকাৰ শাসনলৈ আহিয়েই শূন্য সহনশীল নীতি গ্ৰহণ কৰিছিল ৷ তাৰ হয়তো আটাইতকৈ স্পষ্ট প্ৰতিফলন আছিল এ পি এছ চি কেলেংকাৰীৰ তদন্ত ৷ কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত কেৱল এ পি এছ চি গোচৰত চৰকাৰে দুৰ্বল আৰু ৰহস্যজনক স্থিতি গ্ৰহণ কৰিলেঃ মানস প্ৰতিম বৰুৱা ৷

APSC case
APSC কেলেংকাৰী PNRD আৰু SI কেলেংকাৰীৰ মূল পৃষ্ঠভূমিঃ মানস প্ৰতিম বৰুৱা

গুৱাহাটী, 28 নৱেম্বৰ : "এ পি এছ চি কেলেংকাৰীৰ গোচৰৰ তদন্ত এতিয়া সোণোৱাল চৰকাৰৰ মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ দলিল ৷ বিজেপি চৰকাৰ শাসনলৈ আহিয়েই শূন্য সহনশীল নীতি গ্ৰহণ কৰিছিল ৷ তাৰ হয়তো আটাইতকৈ স্পষ্ট প্ৰতিফলন আছিল এ পি এছ চি কেলেংকাৰীৰ তদন্ত ৷ কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত কেৱল এ পি এছ চি গোচৰত চৰকাৰে দুৰ্বল আৰু ৰহস্যজনক স্থিতি গ্ৰহণ কৰিলে ৷ " এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফাইট এগেইন্ষ্ট ইনজাষ্টিচ অৱ এ পি এছ চিৰ সদস্য মানস প্ৰতিম বৰুৱাই ৷

APSC কেলেংকাৰী PNRD আৰু SI কেলেংকাৰীৰ মূল পৃষ্ঠভূমিঃ মানস প্ৰতিম বৰুৱা

শনিবাৰে এ পি এছ চি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াত চৰকাৰৰ আওকণীয়া মনোভাৱৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে মানস প্ৰতিম বৰুৱাই ৷ সংবাদমেলত বৰুৱাই অভিযোগ উত্থাপন কৰি কয় যে. “ এ পি এছ চি গোচৰৰ প্ৰায় চাৰি বছৰৰ পলাতক অভিযুক্ত ডঃ মৃগেন শইকীয়াই কেনেকৈ ৰাজসাক্ষীৰ নামত ৰাজ আতিথ্য লাভ কৰি জামিন পাবলৈ সক্ষম হ’ল ? APSC গোচৰত চৰকাৰৰ শেহতীয়া দুৰ্বল স্থিতিৰ পৰা আৰম্ভ কৰি PNRD ৰ দৰে নিযুক্তি কেলেংকাৰীৰ গোচৰত চৰকাৰৰ আন্তৰিকতাৰ অভাৱেই প্ৰকৃততে জন্ম দিলে SI নিযুক্তি কেলেংকাৰীৰ পৃষ্ঠভূমি ৷ সমগ্ৰ কেলেংকাৰীৰ মূল অভিযুক্তক চৰকাৰে তদন্তৰ আওতালৈ নানে ৷ বৰঞ্চ তেওঁলোকক ৰাজ আতিথ্যহে দিয়ে ৷ ”

লগতে পঢ়ক: সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.