ETV Bharat / state

লাইলাপুৰৰ ছয়গৰাকী শ্বহীদ পৰিয়াললৈ নিযুক্তি পত্র অসম চৰকাৰৰ

author img

By

Published : Aug 20, 2021, 7:13 PM IST

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই লাইলাপুৰত শ্বহীদ হোৱা 6 জনৰ প্ৰতিজনৰ পৰিয়ালৰ 1 জন সদস্যক প্ৰদান কৰে অনুকম্পামূলক নিযুক্তি পত্র । গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত নিযুক্তি পত্র প্ৰদান কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Appointment letter to 1 family member of each of the six martyred in Lailapur
লাইলাপুৰৰ ছয়গৰাকী শ্বহীদৰ পৰিয়াললৈ নিযুক্তি পত্র প্ৰদান মুখ্যমন্ত্রীৰ

গুৱাহাটী, ২০ আগষ্টঃ কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত শ্বহীদ হোৱা অসম আৰক্ষীৰ ছয়গৰাকী বীৰ জোৱানৰ পৰিয়ালৰ এজন কৈ সদস্যক শুকুৰবাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিযুক্তি পত্র প্ৰদান কৰা হয়। অনুকম্পামূলক নিযুক্তি প্ৰদান কৰা হয় শ্বহীদ বীৰ জোৱানৰ পৰিয়ালৰ এজন কৈ সদস্যক ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্র প্ৰদান কৰে ৷

Appointment letter to 1 family member of each of the six martyred
লাইলাপুৰৰ ছয়গৰাকী শ্বহীদ পৰিয়াললৈ নিযুক্তি পত্র অসম চৰকাৰৰ

উল্লেখ যে, ২৬ জুলাইত কাছাৰৰ লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত অসম আৰক্ষীৰ ছয়জন জোৱান নিহত হোৱাৰ উপৰি কাছাৰৰ আৰক্ষী অধীক্ষকসহ অসম আৰক্ষীৰ ৪৬ গৰাকী বিষয়া-জোৱান আহত হৈছিল । তদুপৰি দহগৰাকী সাধাৰণ নাগৰিক আহত হৈছিল উক্ত ঘটনাত। লাইলাপুৰ হিংসাত্মক ঘটনাত শ্বহীদ হোৱা ছয়গৰাকী জোৱানৰ আত্মীয়ক চৰকাৰী চাকৰি প্ৰদান কৰা হয় আশ্বাস দিছিল আসম চৰকাৰৰ ফালৰ পৰা ৷

লগতে পঢ়ক: ১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ

শ্বহীদ হোৱা উপ-পৰিদৰ্শক স্বপন কুমাৰ ৰয়ৰ হৈ পত্নী মিতালী ৰয়, কনিষ্টবল লিটন শুক্লবৈদ্যৰ হৈ ভগ্নী লিপিকা ৰাণী শুক্লবৈদ্য, কনিষ্টবল মজৰুল হক বৰভূঞাৰ হৈ পত্নী সুনীতা পাৰবিন বৰভূঞা, কনিষ্টবল নজমুল হুছেইনৰ হৈ পত্নী ৰৌজী আখটাৰ খানাম লস্কৰ, কনিষ্টবল ছামছুল জামান বৰভূঞাৰ হৈ পত্নী হেনা চৌধুৰী আৰু হাবিলদাৰ শ্যাম সুন্দৰ দৌচাদৰ হৈ পুত্র চানী দৌচাদক নিযুক্তি পত্র প্ৰদান কৰা হয়।

Appointment letter to 1 family member of each of the six martyred
লাইলাপুৰৰ ছয়গৰাকী শ্বহীদ পৰিয়াললৈ নিযুক্তি পত্র অসম চৰকাৰৰ

উল্লেখ যে, লাইলাপুৰত শ্বহীদ হোৱা ছয়গৰাকী জোৱানৰ পৰিয়ালক ৰাজ্য চৰকাৰে ৫০ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদকেৰে সন্মান জনোৱা হয়।

লগতে পঢ়ক: মায়ঙত দুই জেষ্ঠ ভাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিলে বৃদ্ধ ভাতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.