ETV Bharat / state

অত্যধিক গৰমত ফেন, এচি ব্যৱহাৰৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে: APDCL

author img

By

Published : Sep 21, 2022, 8:05 PM IST

Updated : Sep 21, 2022, 10:32 PM IST

APDCLৰ ভুল নাই ৷ বিদ্যুতৰ বিল বৃদ্ধিৰ বাবে বতৰ আৰু এচি, ফেন এইবোৰেই দোষী ৷ তাকেই যেন ক’বলৈ বিচাৰিলে অসম শক্তি বিতৰণ কোম্পানীয়ে ৷ অৱশ্যে বিদ্যুৎ বিলৰ ক্ষেত্ৰত কাৰোবাৰ অভিযোগ থাকিলে জনাব পৰাকৈ দুটা হেল্পলাইন নম্বৰ মুকলি কৰি দিছে APDCLএ (APDCL shared helpline number) ৷

অত্যাধিক গৰমত ফেন, এচি ব্যৱহাৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে: APDCL
অত্যাধিক গৰমত ফেন, এচি ব্যৱহাৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে: APDCL

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতো টিঙৰ পৰা নানামি অদ্ভুত যুক্তি প্ৰদৰ্শন কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৷ অত্যাধিক গৰমত ফেন, এচি ব্যৱহাৰৰ বাবেহে হেনো বিদ্যুৎ মাচুল বৃদ্ধি হৈছে ৷ লক্ষ্যণীয়ভাৱে এপিডিচিএলৰ বিষয়াৰ হাতত নাই এচিবিহীন জীৱন কটোৱা গ্ৰাম্যাঞ্চলৰ লোকৰ বিল বৃদ্ধিৰ কাৰণ (APDCL electricity bill hike reason)।

APDCL ৰ গ্ৰাহক সম্পৰ্কে কোষৰ উপদেষ্টা অভিজিৎ শৰ্মা বৰুৱাই বুধবাৰে সংবাদ মাধ্যমৰ আগত কয় যে ভুল মিটাৰ ৰিডিং, অত্যাধিক গৰমত AC, ফেনৰ ব্যৱহাৰ আৰু স্মাৰ্ট মিটাৰৰ বাবে বহু বিল ভুলকৈ আহিছে । মিটাৰ ৰিডিং নকৰাকৈ আনুমানিক বিল প্ৰস্তুত কৰে একাংশ কৰ্মচাৰীয়ে । বিল বৃদ্ধিৰ লগত স্মাৰ্ট মিটাৰৰ কোনো সম্পৰ্ক নাই ।

ইয়াৰ বিপৰীতে স্মাৰ্ট মিটাৰত ভুল নহয় বুলি ক’ব নোৱাৰি বুলি কয় অভিজিৎ শৰ্মা বৰুৱাই (Fault of APDCL smart meter)। আনহাতে কিছু লোকৰ ঘৰত ৪/৫ লাখ টকাৰ বিল অহাটো ভুল হৈছে বুলি স্বীকাৰ কৰে APDCL ৰ গ্ৰাহক সম্পৰ্ক কোষৰ উপদেষ্টাগৰাকীয়ে । এই ভুল কম্পিউটাৰ অথবা ৰিডিঙৰ বাবে হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে অভিজিৎ শৰ্মা বৰুৱাই ।

আনহাতে মিটাৰৰ বিসংগতিৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে অভিজিৎ শৰ্মা বৰুৱাই । এতিয়ালৈ প্ৰায় ২০০ স্মাৰ্ট মিটাৰৰ অভিযোগ লাভ কৰা বুলি জানিবলৈ দিয়ে APDCL ৰ বিষয়াগৰাকীয়ে । লগতে তেওঁ কয় যে অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত তদন্ত কৰা হ'ব । যদি কোনো গ্ৰাহকৰ পৰা অতিৰিক্ত মাচুল আদায় কৰা হৈছে তেনেহ'লে বিষয়টো পৰীক্ষা কৰি পৰৱৰ্তী মাহৰ বিলৰ সৈতে উক্ত অতিৰিক্ত ধন মিলাই দিয়া হ’ব ।

উল্লেখ্য যে, এপিডিচি এলে ইতিমধ্যে অভিযোগ দাখিলৰ বাবে ১৯১২ আৰু ৭৫৭৫৯৯৯৬৬৬(হোৱাটছএপ নম্বৰ) হেল্প লাইন নম্বৰ দুটা মুকলি কৰিছে । বিদ্যুৎ বিল বৃদ্ধি পোৱা আৰু স্মার্ট মিটাৰ সংক্ৰান্তীয় অভিযোগ থকা গ্ৰাহকক এই নম্বৰ দুটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে APDCL কৰ্তৃপক্ষই(APDCL shared helpline number) ।

আনহাতে ছেপ্টেম্বৰৰ পৰা গ্ৰাহকৰ অজ্ঞাতে প্ৰতি ইউনিট বিদ্যুতত ৩০ পইচা বৃদ্ধি পাইছে (APDCL per unit electricity rate)৷ উল্লেখ্য যে মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ ছফ্টৱেৰ সংক্ৰান্তীয় ক্ৰুটি আৰু স্মাৰ্ট মিটাৰ সংস্থাপনৰ অনিয়ম আদি বহু তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: মন্দিৰৰ নামত মুছলমান দম্পতিৰ কোটি টকাৰ অনুদান

Last Updated : Sep 21, 2022, 10:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.