উপভোক্তাক আন্ধাৰত ৰাখি মাচুল বৃদ্ধি কৰিলে এ পি ডি চি এলে

author img

By

Published : Sep 17, 2022, 10:27 PM IST

APDCL hikes electricity charges without informing consumers in Assam

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । হঠাতে বৃদ্ধি হোৱা বিদ্যুতৰ মাচুলে জোঁকাৰণিৰ সৃষ্টি কৰি থকাৰ সময়তে এ পি ডি চি এলে ক'লে যে তিনিমাহৰ বাবে প্ৰতি ইউনিট বিদ্যুতত বৃদ্ধি কৰা হৈছে ৩০ পইচাকৈ(APDCL increased electricity bill) । বিদ্যুৎ মাচুলৰ অস্বাভাৱিক বৃদ্ধিৰ প্ৰকৃত ৰহস্য এতিয়াও অন্ধকাৰত । আকৌ ক’লে যে, বেয়া মিটাৰ এ পি ডি চি এলক দিলে ঠিক কৰি দিব ।

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বৃদ্ধি পোৱা সন্দৰ্ভত বিভিন্ন বক্তব্য আগবঢ়োৱা হৈছে । কিন্তু কোনোটো বক্তব্যই গ্ৰহণযোগ্য নোহোৱা বাবে ৰাইজৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া । অৱশেষত মাচুল বৃদ্ধিৰ প্ৰকৃত কাৰণ ৰাজহুৱাকৈ প্ৰকাশ কৰিলে এ পি ডি চি এলৰ বিষয়াই । বিগত তিনি মাহে বিদ্যুৎ বিল বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল প্ৰতি ইউনিট বিদ্যুৎ বিলত ৩০ পইচাকৈ বৃদ্ধি (APDCL increased electricity bill) ।

উল্লেখ্য যে, বিদ্যুৎ বিল বৃদ্ধি কৰিলে এ পি ডি চি এলে বিজ্ঞাপন অথবা জাননীৰ জৰিয়তে আগতীয়াকৈ উপভোক্তাক জনায় যদিও বিগত তিনিমাহৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত উপভোক্তাক আগতীয়াকৈ কোনো কথা জনোৱা হোৱা নাছিল । আনহাতে বিদ্যুৎ বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ কাৰণ সম্পৰ্কে এ পি ডি চি এল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৃথক পৃথক কাৰণ ব্যাখ্যা কৰাৰ লগতে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই আকৌ এই সম্পৰ্কে কোনো কথা নাজানে বুলি মন্তব্য কৰিছিল (APDCL increased electricity bill without informing consumers) ।

ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ আঁত ধৰি এ পি ডি চি এলে ১৬ ছেপ্টেম্বৰত কাকতৰ জৰিয়তে এক জাননী প্ৰকাশ কৰি অত্যাধিক গৰম আৰু বিগত মাহবোৰৰ তুলনাত কম বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যুতৰ ব্যৱহাৰ অধিক হোৱাৰ বাবেই বিদ্যুৎ বিল বৃদ্ধি পাইছে বুলি যুক্তি দিছিল । আনহাতে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কিহৰ বাবে বিদ্যুৎ বিল বৃদ্ধি পাইছে সেই সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰি ইয়াৰ বাবে এখন কমিটী গঠন কৰাৰ কথাও ঘোষণা কৰিছিল ।

আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পায় বাবেই বিদ্যুতৰ বিলো বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল । একেদিনাই পুনৰ নিজৰ বক্তব্যৰ সালসলনি ঘটাইছিল মন্ত্ৰী হাজৰিকাই । ইয়াৰ মাজতে আকৌ ১৬ ছেপ্টেম্বৰৰ বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবেই বিদ্যুৎ বিল বৃদ্ধি পোৱা বুলি উল্লেখ কৰি এ পি ডি চি এলক শীঘ্ৰেই এই সমস্যা দূৰ কৰবলৈ টুইটাৰৰ জৰিয়তে নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে আজি এ পি ডি চি এলৰ বিষয়াই ৰাজহুৱা কৰিলে বিদ্যুৎ বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ ৰহস্য (APDCL hikes electricity charges)।

এ পি ডি চি এলৰ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিগত তিনিমাহৰ বাবে প্ৰতি ইউনিট বিদ্যুৎ বিলত ৩০ পইচাকৈ বৃদ্ধি কৰা হৈছে । এ পি ডি চি এলৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে সকলো মিটাৰ বেয়া নহয় । তেওঁৰ মতে ক'ৰবাত দুই এটা মিটাৰ বেয়া হ’ব পাৰে । সেই বেয়া মিটাৰ এ পি ডি চি এলক দিলে তেওঁলোকে ঠিক কৰি দিব ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ নিৰ্দেশ সম্পৰ্কত কয় যে মুখ্যমন্ত্ৰীয়ে কোৱা কথা একেবাৰে অসত্য নহয় । দুই-এটা মিটাৰ বেয়া হ'ব পাৰে । কিন্তু সকলো মিটাৰ বেয়া নহয় । তেওঁৰ মতে বিদ্যুতৰ প্ৰতি ইউনিটৰ মাচুল বৃদ্ধিত বিদ্যুৎ নিয়ামক আয়োগে অনুমোদন জনাইছে। ইন্ধনৰ মূল্যবৃদ্ধি আৰু আনুসাংগিক কাৰণত বিদ্যুৎ মাচুল বৃদ্ধিত অনুমোদন জনোৱা হৈছে । কিন্তু তৎসত্বেও বিদ্যুৎ মাচুলৰ অস্বাভাৱিক বৃদ্ধিৰ প্ৰকৃত ৰহস্য এতিয়াও অন্ধকাৰত আছে ।

লগতে পঢ়ক: বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.