ETV Bharat / state

Assamese Movie Sri Raghupati: শ্ৰী ৰঘুপতিৰ চালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

author img

By

Published : Jun 29, 2023, 12:49 PM IST

অসমীয়া চলচ্চিত্ৰ জগতত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে শ্ৰী ৰঘুপতি ৷ বক্স অফিচত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৰবি শৰ্মা অভিনীত ছবি শ্ৰীৰঘুপতিয়ে ৷ বক্স অফিচত মাত্ৰ ২১ দিনতে ১০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে শ্ৰী ৰঘুপতিয়ে । ইয়াৰ পাচত বুধবাৰে মহানগৰীৰ ছবিঘৰত শ্ৰী ৰঘুপতি উপভোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

Assamese Movie Sri Raghupati
শ্ৰী ৰঘুপতিৰ চালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

শ্ৰী ৰঘুপতিৰ চালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

গুৱাহাটী ২৯ জুন: ৰাজ্যত এতিয়া অব্যাহত আছে ৰবি শৰ্মা অভিনীত শ্ৰী ৰঘুপতিৰ জ্বৰ । সফলতাৰে তিনিটা সপ্তাহ অতিক্ৰম কৰাৰ পিছত ভৰি দিছে চতুৰ্থটো সপ্তাহত । ভংগ কৰিছে অসমীয়া চিনেমাৰ পূৰ্বৰ বহুকেইটা অভিলেখ । সেয়েহে বুধবাৰে পলমকৈ হ’লেও ছবিখন চাবলৈ মহানগৰীৰ চুপাৰমাৰ্কেট স্থিত Aurus Inox ত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । ছবিখন চাবলৈ আহি সভাপতিগৰাকীয়ে কয়. "অসমীয়া চিনেমা শ্ৰী ৰঘুপতিয়ে এটা নতুন ধাৰা দিছে ৷ সেইবাবে চাবলৈ আহিছো । চিনেমা আমাৰ জাতিৰ দাপোণ স্বৰূপ । শিল্পী কলা-কুশলীসকল আমাৰ জাতিৰ মণিমুকুতা । যেতিয়া সুযোগ পাওঁ তেতিয়াই এখন ভাল চিনেমা চাবলৈ আহো ।"

ইয়াৰ লগতে ৰাজ্যৰ শেহতীয়া কেইবাটাও বিষয়ত মন্তব্য আগবঢ়াই সভাপতিগৰাকীয়ে । ইউনিফৰ্ম চিভিল Court Act ৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই তেওঁ কয়, UCC ৰ সম্পূৰ্ণ AICC লৈ এখন চিঠি লিখিছো । আমাৰ গোটেই দেশজুৰি এটাই স্থিতি হ’ব । সেইবাবে মই মোৰ ব্যক্তিগত স্থিতি ক’ব বিচৰা নাই ৷ হয়টো আজি সন্ধিয়া গম পাম । AICC ৰ পৰা খবৰ লৈ কাইলৈ ৰাজহুৱাকৈ জনাই দিম ।

লগতে ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই বৰাই কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা চৰকাৰ এটা বিভাগ আছে ৷ সেই বিভাগটো ৰাইজে কেতিয়াও দেখা নাই । এই বিভাগটোয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে । কাৰণ বিভাগীয় বিষয়াসকলে জানে প্ৰত্যেকবিধ সামগ্ৰী বিৰুদ্ধে এখন ডাঙৰ ক’লা বজাৰ চলি আছে । চিণ্ডিকেটৰ লগত BJP দলৰ কোনোবা বিধায়ক বা মন্ত্ৰী জড়িত হৈ আছে । বিধায়ক বা মন্ত্ৰী জড়িত থাকিলে কেনেকৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হ’ব । কেন্দ্ৰীয় চৰকাৰ নীতিমতে প্ৰতি মাহে বজাৰৰ মূল্যবৃদ্ধিৰ সম্পৰ্কত কেবিনেট মন্ত্ৰী নেতৃত্বত এখন সভা বহিব লাগে । ৰাইজে ভুগিও আছে ভোটো দি আছে আৰু সেইবাবে ক্ষমতাই চৰকাৰৰ মূৰত ধৰিছে । ২০২৪ ত কৰ্ণাটকৰ পাছত মধ্যপ্ৰদেশ, তেলেংগানা, ৰাজস্থানত যেতিয়া কংগ্ৰেছ জয়যুক্ত হ’ব, তাৰ পিছত চাব BJP ৰ পৰিস্থিতি কি হয় । তেওঁলোকে তেতিয়া মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হ’ব ।

আনহাতে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লোৱা নীৰৱ ভূমিকা সন্দৰ্ভত মন্তব্য আগবঢ়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই নিৰ্বাচনত বাৰে বাৰে আহিব পাৰে । কিন্তু এই বিপদৰ সময়ত মণিপুৰ এটা খবৰ ল’বলৈ তেওঁৰ আহৰি নাই । যদিও মণিপুৰত আমাৰ চৰকাৰ নাই তথাপিও আমাৰ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে নিজেই আহিব খবৰ ল’বলৈ ।

লগতে পঢ়ক: Minister Parimal Suklabaidya: পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.