Bhupen Bora slams HBS: হিমন্ত বিশ্ব শৰ্মাক দুমুখীয়া আখ্যা ভূপেন বৰাৰ

author img

By

Published : Jan 24, 2023, 7:48 PM IST

Bhupen Bora slams HBS

উচ্ছেদ অভিযান আৰু উজনি অসমত ব্যাপক হাৰত চলি থকা কয়লাৰ খনন আৰু কয়লাৰ চোৰাং ব্যৱসায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ হিমন্ত বিশ্ব শৰ্মাক দুমুখীয়া মুখ্যমন্ত্ৰী বুলিও আখ্যা ভূপেন বৰাৰ ৷

হিমন্ত বিশ্ব শৰ্মাক দুমুখীয়া আখ্যা ভূপেন বৰাৰ

গুৱাহাটী, 24 জানুৱাৰী: ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যত চলি থকা ভয়ংকৰ বনভূমি ধ্বংসৰ(Deforestation in Dibru Saikhowa) ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নীৰৱতা অৱলম্বন কৰিছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(APCC president Bhupen Bora) । ইয়াক লৈ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা ভূপেন বৰাৰ ৷

মঙলবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাক ‘দুমুখীয়া চৰিত্ৰ’ৰ মানুহ বুলি তীব্ৰ কটাক্ষ কৰে(Bhupen Bora slams Himanta Biswa Sarma) । তেওঁ কয় যে, ৰামায়ণত আমি দহখন মুখৰ ৰাৱণক দেখিছিলোঁ । কিন্তু দুখন মুখৰ মুখ্যমন্ত্ৰী আমি দেখা নাছিলোঁ, এতিয়া দেখিলোঁ । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন দুখন মুখৰ মুখ্যমন্ত্ৰী । এফালে উত্তৰ অসমৰ পাভৈ অভয়াৰণ্যৰ অবৈধ দখল উচ্ছেদ(Eviction derive in Assam) কৰাৰ কথা কৈ তেওঁ বাঃ বাঃ ল'ব খোজে আৰু সত্ৰৰ মাটি অবৈধ দখলমুক্ত কৰাৰ বাবে চেষ্টা কৰা বুলি দাবী কৰে ।

সমান্তৰালভাৱে, মুখ্যমন্ত্ৰীয়ে দিহিং-পাটকাই অভয়াৰণ্যত মুকলিকৈ অবৈধ কয়লা খনন(Coal mining in Dehing Patkai) চলাই বনভূমি ধ্বংস কৰা সকলক ৰক্ষণাবেক্ষণ দিয়ে । কয়লাৰ অবৈধ সৰবৰাহ, চোৰাং কাঠৰ সৰবৰাহ দেখিও নেদেখাৰ ভাও দিয়ে একেজন মুখ্যমন্ত্ৰীয়ে বুলিও কটাক্ষ ভূপেন বৰাৰ ৷ মুখ্যমন্ত্ৰীৰ চৰকাৰে নগাঁও, লখিমপুৰত প্ৰশাসনক ব্যৱহাৰ কৰিছে বনভূমিৰ অবৈধ দখল উচ্ছেদ কৰিবলৈ । আনহাতে তিনিচুকীয়া, মাৰ্ঘেৰিটাত জিলা বন বিষয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষক, মহকুমাধিপতিক ব্যৱহাৰ কৰিছে ‘ৰেট হল মাইনিং’ কৰি কয়লাৰ চোৰাং কাৰবাৰ(Coal syndicate in Assam) কৰি এফালৰ পৰা বৰ্ষাৰণ্যখন ধ্বংস কৰিবলৈ লোৱা দুষ্কৃতিকাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷

মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ সম্পূৰ্ণ জ্ঞাতসাৰে দিহিং-পাটকাই, লিডু আদিত কয়লাৰ(Coal mining in Lidu) অবৈধ খনন আৰু বনধ্বংস অভিযান চলাটো হয় নে নহয় অসমৰ ৰাইজক তাৰ সদুত্তৰ অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়ক বুলি প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । লগতে কয়, ‘‘যদি অসমৰ মুখ্যমন্ত্ৰীৰ সাহস আছে তেন্তে বিৰোধী ৰাজনৈতিক দলক লগত লৈ দিহিং-পাটকাইৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ ব্যৱস্থা কৰক, ইয়াৰ দ্বাৰা ওলাই পৰিব কোন সঁচা কোন মিছা ।’’

লগতে মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন কৰি কয় যে, অবৈধ কাঠ সৰবৰাহ কৰা ১৬ খন বৃহৎ ট্ৰাক সেনা বাহিনীয়ে জব্দ কৰাৰ পিচত জিলা বন বিষয়াই দিছপুৰৰ নিৰ্দেশত কিয় মুকলি কৰি দিছিল ? মুখ্যমন্ত্ৰীক পুনৰ দুখন মুখৰ মুখ্যমন্ত্ৰী আখ্যা দি তেওঁ কয় যে, ডিব্ৰুগড়ত এজন ‘খান’ৰ ঘৰ ভাঙে আৰু আন এজন ‘খান’ক অবৈধ কয়লা খননত লগাই দিয়ে । মুখ্যমন্ত্ৰীক বিৰোধী দলক লগত লৈ শীঘ্ৰে দিহিং পাটকাই ভ্ৰমণ কৰিবলৈয়ো প্ৰত্যাহ্বান ভূপেন বৰাৰ ৷

লগতে পঢ়ক: PIL against constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ, 30 জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ত পুনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.