ETV Bharat / state

ঋণৰ সুদৰ বাবদ বছৰি ৰাজকোষৰ ওপৰত ৮০০০ কোটি টকাৰ বোজা

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 7:27 PM IST

Assam govt borrowing
অসম চৰকাৰ ঋণ

ঋণ লোৱাৰ ক্ষেত্ৰত কৃপণালি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । ১২ ডিচেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'ব চৰকাৰে । বিগত তিনি মাহতে চৰকাৰখনে ল'লে ৪৫০০ কোটি টকাৰ ঋণ ।

গুৱাহাটী, ১০ ডিচেম্বৰ: থমকি ৰোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । অব্যাহত আছে ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে পুনৰ ১২ ডিচেম্বৰত এহাজাৰ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ জৰিয়তে এহাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে প্ৰস্তাৱ দাখিল কৰিছে ।

লক্ষ্যণীয় বিষয় যে মুখ্যমন্ত্ৰী হিচাবে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাচত ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ আনকি বিগত তিনি মাহতে চৰকাৰখনে ৪৫০০ কোটি টকাৰ ঋণ লৈছে ৷ ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ধাৰৰ বোজা বৃদ্ধি কৰি ছেপ্টেম্বৰ মাহত ১৫০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে অক্টোবৰ মাহত ২০০০ কোটি আৰু নৱেম্বৰ মাহত ১০০০ কোটি টকাৰ ঋণ লৈছিল ।

ইয়াৰ পাচতো কিন্তু চৰকাৰ থমকি ৰোৱা নাই । ১২ ডিচেম্বৰত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল’ব চৰকাৰে । ঋণ-ধাৰ কৰি ঘিউ-মধু খোৱা নীতি গ্ৰহণ কৰা ৰাজ্য চৰকাৰখনে এই ঋণৰ ধন উৎপাদনশীল কামত ব্যয় কৰাৰ পৰিৱৰ্তে বিভিন্ন হিতাধিকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যয় আহিছে । অৰুণোদয়ৰ দৰে নগদ ধন প্ৰদানৰ আঁচনি ৰূপায়ণ কৰি বছৰত প্ৰায় চাৰি হাজাৰ কোটি টকা ব্যয় কৰা চৰকাৰখনে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই, উৎসৱ-পাৰ্বণ, গীনিজ ৰেকৰ্ড আদিৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ ফলত প্ৰতি বছৰে পৰিশোধ কৰিবলগীয়া সুদৰ পৰিমাণো বৃদ্ধি পাইছে ।

লক্ষ্যণীয় বিষয় যে চলিত বিত্তীয় বৰ্ষত চৰকাৰখনে প্ৰায় ২৫ হাজাৰ কোটি টকা ঋণ লোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু চৰকাৰখনে ঋণৰ সুদৰ বাবদ চলিত বৰ্ষত ব্যয় কৰিব লাগিব প্ৰায় ৮০০০ কোটি টকা । অহা বৰ্ষত এই সুদৰ পৰিমাণ ১০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

কিন্তু ইয়াৰ পাছতো ঋণ ল’বলৈ এৰা নাই ৰাজ্য চৰকাৰখনে । নতুন নতুন আঁচনিৰ জৰিয়তে হিতাধিকাৰীক চৰকাৰী সা-সুবিধা প্ৰদানেৰে চমক সৃষ্টি কৰা চৰকাৰখনৰ এতিয়া ৰাজকোষ খালী হৈ পৰিছে । তলি উদং হোৱা ৰাজকোষ চহকী কৰাৰ বাবে চৰকাৰে পুনৰ ঋণ ল’বলৈ বাধ্য হৈছে ৷ অতি উদ্বেগৰ বিষয় যে অর্থনীতিবিদ তথা বিশেষজ্ঞসকলে অনুৎপাদনশীল আঁচনিৰ নামত ৰাজকোষৰ ধন ব্যয় নকৰিবলৈ চৰকাৰক বাৰম্বাৰ সকীয়াই অহাৰ পাচতো একমাত্ৰ ভোটবেংকৰ ৰাজনীতিৰ স্বাৰ্থতে চৰকাৰে হিতাধিকাৰী আঁচনিৰ নামতেই হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আহিছে ।

ইফালে কেন্দ্ৰীয় চৰকাৰে জি এছ টি ক্ষতিপূৰ্ণ বন্ধ কৰি দিয়াৰ পাচৰে পৰা ৰাজ্যৰ বিত্তীয় অৱস্থা যেন অধিক সূচনীয় হোৱাৰ দিশে গতি কৰিছে । যাৰ বাবে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ঋণ লোৱাৰ বাহিৰে চৰকাৰৰ হাতত বিকল্প পথ নোহোৱা হৈ পৰিছে । ৰাজ্যত নতুন দিগন্তৰ সূচনা হোৱা বুলি ঢাক-ঢোল বজোৱা চৰকাৰে যাৰ বাবে পুনৰবাৰ এক হাজাৰ কোটি টকা ঋণ লোৱাৰ বাবে সাজু হৈছে ।

লক্ষ্যণীয়ভাৱে চলিত ডিচেম্বৰত নতুনকৈ ১০০০ কোটি টকা ঋণ লোৱাৰ বাবে সাজু হোৱা অসম চৰকাৰৰ ধাৰৰ বোজা সম্প্ৰতি ডেৰ লাখ কোটি টকাৰ অতিক্ৰম কৰিলে । উল্লেখ্য যে অসম চৰকাৰৰ বাৰ্ষিক বাজেট ১ লাখ ৪০ হাজাৰ কোটি টকা যদিও এতিয়া ঋণৰ পৰিমাণে বাৰ্ষিক বাজেট অতিক্ৰম কৰিলে । কিন্তু ইয়াৰ পাচতো চৰকাৰে ২০২৬ৰ কাৰ্যকালৰ ভিতৰত দুই লাখ কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়কঃ 100 শতাংশ অসমীয়াক চাকৰি প্ৰদান; সমষ্টি পুনৰ নিৰ্ধাৰণেৰে অসম চুক্তিৰ 6 নং দফা প্ৰায় ৰূপায়ন কৰিলো: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.