IIT Guwahati: সাগৰৰ পানী বিশুদ্ধিকৰণ পদ্ধতি উদ্ভাৱনত সফল আই আই টি গুৱাহাটীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:27 PM IST

IIT Guwahati

আই আই টি গুৱাহাটীৰ বিজ্ঞানীৰ আন এক সফলতা ৷ খোৱাপানীৰ অভাৱ দূৰ কৰিব পৰা বিশেষ পদ্ধতি উদ্ভাৱন কৰিছে আই আই টি গুৱাহাটীৰ বিজ্ঞানীৰ দলে ৷

সাগৰৰ পানী বিশুদ্ধিকৰণ পদ্ধতি উদ্ভাৱনত সফল আই আই টি গুৱাহাটীৰ

গুৱাহাটী, 14 অক্টোবৰ : ভৱিষ্যতলৈ মানৱ জাতিয়ে খোৱাপানীৰ সমস্যাত ভুগিব বুলি যি সময়ত বিজ্ঞানীয়ে আগজাননী দিছে তেনে সময়তে আই আই টি গুৱাহাটীৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰিছে বিশেষ প্ৰযুক্তি । যাৰ সহায়ত মানৱ জাতিয়ে ব্যৱহাৰ কৰিব পৰা পানীৰ অভাৱ দূৰ কৰিব পাৰিব ৷ আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক তামাল বেনাৰ্জীৰ নেতৃত্বত আই আই টিৰ এটা গৱেষকৰ দলে নেনো প্ৰযুক্তি ব্যৱহাৰ কৰি এক নতুন তাপ স্থানান্তৰ কৰিব পৰা তৰল পদাৰ্থৰ সৃষ্টি কৰিছে । এই তৰল পদাৰ্থটোৱে বিশেষভাৱে সৌৰ শক্তিক প্ৰৱাহিত কৰি সাগৰৰ পানীক নিৰ্মল কৰি খোৱা পানীলৈ ৰূপান্তৰিত কৰিব পাৰিব বুলি জানিবলৈ দিছে ।

এই সন্দৰ্ভত অধ্যাপক বেনাৰ্জীয়ে কয় যে, বিশ্বই সম্প্ৰতি খোৱাপানীৰ সংকটৰ সৈতে যুঁজি আছে । খোৱাপানীক নিৰ্মল কৰা পদ্ধতিৰ চাহিদা ব্যয়বহুল হৈ পৰিছে । পৰম্পৰাগত নিৰ্মলীকৰণ পদ্ধতিতো জীৱাশ্ম ইন্ধন-উৎপাদিত তাপৰ ওপৰত নিৰ্ভৰ কৰে । যাৰ ফলত অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি হয় । সৌৰ শক্তিয়ে এক আশাব্যঞ্জক বিকল্পৰ পথ দেখুৱাইছে । কিন্তু এই তাপ কাৰ্যকৰীভাৱে স্থানান্তৰ কৰাটো এক প্ৰত্যাহ্বান হৈ আহিছে ।

আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বেনাৰ্জীৰ নেতৃত্বত আই আই টি গুৱাহাটীৰ গৱেষকসকলে সমাধান হিচাপে ‘‘নেনপার্টিকেল ডিচপেচড ডিপ ইউটেকটিক ছলভেণ্ট’’ৰ দ্বাৰা তৰল পদাৰ্থৰ সৃষ্টি কৰিছে (Nanoparticle-dispesed deep eutectic solvent)। তেওঁলোকে এই পদ্ধতিত গ্ৰেফিন অক্সাইডৰ ব্যতিক্ৰমী তাপীয় পৰিবাহীতা ব্যৱহাৰ কৰিছিল ।

এই সফলতাই সৌৰ শক্তি ব্যৱহাৰ কৰি লুনীয়া‌ পানীক বিশুদ্ধিকৰণৰ ক্ষেত্ৰত অধিক খোৱাপানী উৎপাদন কৰাৰ সম্ভাৱনাৰ সৈতে এক বহনক্ষম দৃষ্টিভংগীৰ প্ৰতিশ্ৰুতি দিব বুলি আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বেনাৰ্জীয়ে সদৰী কৰে ।

লগতে পঢ়ক:Ring of Fire : ১৪ অক্টোবৰৰ সূৰ্যগ্ৰহণৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব নাছাই; কেনেদৰে চাব পাৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.