ETV Bharat / state

ন্যায় পাব লাগিব জোনমণি ৰাভাই; মাতৃৰ কাষত ৰৈ অলকা লাম্বাৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 10:24 PM IST

Alka Lamba in Guwahati: প্ৰয়াত এছ আই জোনমণি ৰাভাৰ বাসগৃহত কংগ্ৰেছ নেত্ৰী অলকা লাম্বা ৷ মাতৃক ন্যায়ৰ আশ্বাস দি অসমৰ মুখ্যমন্ত্ৰীক অসংবেদনশীল আখ্যা নেত্ৰীগৰাকীৰ ৷

SI Joonmoni Rabha
Alka Lamba in Guwahati

জোনমণি ৰাভাৰ মাতৃৰ কাষত অলকা লাম্বা

গুৱাহাটী ১৭ জানুৱাৰী: প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বা । জোনমণি ৰাভাৰ মাতৃৰ খবৰ ল’বলৈ উপস্থিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী । অলকা লাম্বাৰ লগতে উপস্থিত হয় ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি বহুকেইগৰাকী দলীয় সদস্য । জোনমণি ৰাভাৰ মাতৃক সাক্ষাতৰ সময়ত আবেগিক হৈ পৰা দেখা গ’ল কংগ্ৰেছ নেত্ৰীগৰাকীৰ লগতে প্ৰয়াত আৰক্ষী বিষয়াগৰাকীৰ মাতৃকো ৷

জোনমণিৰ মাতৃয়ে অলকা লাম্বাক প্ৰশ্ন কৰে, ‘‘মোৰ ছোৱালীজনীক কোনে মাৰিলে ? কিয় মাৰিলে ? মোক টকা পইচা নালাগে । এইখিনি কথা পুলিচৰ মানুহে জানে ।’’ নগাঁও আৰু লখিমপুৰৰ সকলো ডাঙৰ পুলিচ বিষয়াই সকলো জানে বুলিও জোনমণিৰ মাতৃয়ে নেতৃগৰাকীক জানিবলৈ দিয়ে । জোনমণিৰ মাতৃক সাৱটি ধৰি ন্যায়ৰ আশ্বাস দিয়ে অলকা লাম্বাই ৷

জোনমণিৰ মাতৃক সাক্ষাৎ কৰাৰ পিছতে অলকা লাম্বাই কয়, ‘‘ৰাহুল গান্ধীয়ে আৰম্ভ কৰা যি ন্যায় যাত্ৰা এই ন্যায় যাত্ৰাত জোনমণিয়ে ন্যায় পাব লাগিব । আমাৰ দেশৰ ৰাষ্ট্ৰপতিগৰাকী আদিবাসী মহিলা ৷ সেয়ে দেশৰ এগৰাকী আদিবাসী ছোৱালীক ন্যায় প্ৰদান কৰিব লাগিব ।’’

আনহাতে, জোনমণিৰ মৃত্যুৰ পিছত এদিনো মুখ্যমন্ত্ৰীগৰাকীয়ে খবৰ ল’বলৈ নহাৰ প্ৰসংগত নেত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে নিজৰ কন্যা নহয় বুলি ভাবে ৷ সেইবাবে আজিও খবৰ ল’বলৈ নাহিল । মুখ্যমন্ত্ৰী আচলতে সংবেদনশীল হোৱা হ'লে নিশ্চয় আহিলহেতেন খবৰ ল’বলৈ ৷ আমাৰ নেতৃত্ব জোনমণিৰ মাতৃৰ লগত সদায় আছে । জোনমণি সাহসী আছিল কৰ্মত ফাঁকি দিয়া নাছিল, দুৰ্নীতিক সুবিধা দিয়া নাছিল ।

কংগ্ৰেছৰ ফালৰ পৰা অসমৰ লগতে দিল্লীৰ CBI অফিচতো ধৰ্ণাত বহাৰ কথা জানিবলৈ দিয়ে নেত্ৰীগৰাকীয়ে । উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৫ মে’ তাৰিখে নগাঁও জিলাৰ জখলাবন্ধাত এক পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ । তাৰ পিছতে সমগ্ৰ ঘটনাত সেই সময়ত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাই পৰিছিল । পিছত যদিও সমগ্ৰ ঘটনাৰ তদন্ত CBI ক অৰ্পন কৰা হৈছিল বৰ্তমানলৈ পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ‌ ।

লগতে পঢ়ক: সংস্কাৰ তথা ধৰ্মৰ কথা কোৱাৰ অধিকাৰ নাই অসমৰ মুখ্যমন্ত্ৰীৰ: অলকা লাম্বা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.