Akhil Gogoi Slams BJP govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ডকাইত আখ্যা অখিল গগৈৰ

author img

By

Published : Mar 15, 2023, 5:38 PM IST

Akhil Gogoi Slams BJP govt

অসম বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল বিধায়ক অখিল গগৈ (Akhil Gogoi on Assam govt) ৷ হিমন্ত বিশ্ব চৰকাৰে ডকাইতৰ দৰে সন্ত্ৰাস চলোৱাৰ অভিযোগ অখিল গগৈৰ ৷ কৰ বৃদ্ধিৰ বিৰুদ্ধেও সৰৱ হ’ল অখিল গগৈ ৷

গুৱাহাটী,15 মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰত্যেক দিনাই কিবা নহয় কিবা ইছ্যু লৈ বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ আজিও তাৰ ব্যতিক্ৰম নহ'ল ৷ বুধবাৰে অধিৱেশনৰ চতুৰ্থ দিনাও বিধায়ক অখিল গগৈ কৰৰ প্ৰসংগকলৈ বিধানসভা চৌহদত সৰৱ হৈ পৰে ৷ বিভিন্ন ক্ষেত্ৰত চৰকাৰখনে কৰৰ বোজা জাপি দিয়াৰ দিশটো প্ৰতীকী ৰূপত পোষ্ট‍ৰ আকাৰে দাঙি ধৰি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে (Assam assembly budget session 2023) ৷

অত্যাধিক কৰৰ বোজাৰে সৰ্বসাধাৰণক সন্ত্ৰাসিত কৰি তোলা বুলি অভিযোগ কৰি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ বিধায়কগৰাকীয়ে কয় যে কৰৰ বোজা আৰু জৰিমনাৰে কাম কৰি খোৱা মানুহৰ ওপৰত অত্যাধিক বোজা জাপি দি চৰকাৰখনে জনসাধাৰণক সৰ্বস্বান্ত কৰি পেলাইছে ৷ তেওঁ ব্যক্তিগত অভিজ্ঞতাৰ উদাহৰণ দি কয় যে জনজীৱনৰ সৈতে জড়িত প্ৰতিটো ক্ষেত্ৰতে কৰ আৰু জৰিমনা অত্যাধিক বৃদ্ধি পাইছে (Akhil Gogoi on tax hike) ৷

পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহৰ সম্পত্তি কৰ বৃদ্ধিৰ চৰকাৰী পৰিকল্পনাৰ কথাও তেওঁ উল্লেখ কৰে ৷ শিৱসাগৰ নগৰৰ উদ্ধৃতিৰে তেওঁ কয় যে যোৱা বছৰলৈকে শিৱসাগৰ নগৰৰ পৌৰসভাই সম্পত্তি কৰ সংগ্ৰহ কৰিছিল বছৰি 4 কোটি টকা ৷ তাৰ বিপৰীতে এই বছৰ সেই কৰ বছৰি 13 কোটি টকালৈ বৃদ্ধি পাইছে ৷ তেওঁ লগতে কয় যে বিগত বছৰলৈকে যিগৰাকী ব্যক্তিয়ে মাত্ৰ 1000 টকা সম্পত্তি কৰ দি আছিল, এতিয়া সেই কৰ 23,000 টকালৈ বৃদ্ধি পাইছে (Akhil Gogoi slams Himanta govt) ৷

তেওঁ উল্লেখ কৰে যে কেৱল শিৱসাগৰ চহৰতেই সম্পত্তি কৰ 325 শতাংশ পর্যন্ত বৃদ্ধি হৈছে ৷ তেওঁ নিশ্চিতি দি কয় যে সমগ্ৰ অসমৰ নগৰসমূহৰ জনসাধাৰণে এনে অত্যাধিক কৰ সংগ্ৰহৰ বিৰুদ্ধে যি প্ৰতিবাদ গঢ়ি তুলিছে, তাৰ প্ৰতি তেওঁৰ পূৰ্ণ সমর্থন আছে ৷ তেওঁ অসমবাসীক এই অন্যায়ভাৱে কৰ বৃদ্ধিৰ প্ৰতিবাদ তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় (Akhil Gogoi in Assam assembly) ৷

একেদৰে শক্তি খণ্ডৰ উদ্ধৃতি দি তেওঁ কয় যে বৰ্তমান অসমৰ বিদ্যুৎ মাচুল ভাৰতৰ ভিতৰতে নৱম স্থানত আছে ৷ কিন্তু নতুনকৈ প্ৰস্তাৱিত বিদ্যুৎ মাচুল কাৰ্যকৰী হ’লে এই পৰিসংখ্যা ভাৰতৰ ভিতৰতে দ্বিতীয় হৈ পৰিব ৷ তেওঁ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰক এই অত্যাধিক কৰ আৰু জৰিমনাৰ সন্ত্ৰাস চলাই সৰ্বসাধাৰণক লুটিপুতি খোৱাৰ নীতি বন্ধ কৰিবলৈ দাবী জনায় ৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডকাইতৰ দৰে সন্ত্ৰাস চলাই লুটিপুতি খাইছে বুলি অভিযোগ কৰি তেওঁ কয় যে কেৱল কৰৰ সন্ত্ৰাস নহয় সকলো ক্ষেত্ৰতে সন্ত্ৰাস চলাইছে ৷ তেওঁ কয় যে তেওঁক জে’লত ভৰাই টোলগেট আৰম্ভ কৰা হৈছে আৰু এতিয়া সেই টোলগেট সমূহত ভাবিব নোৱাৰা ধৰণে কৰ বৃদ্ধি কৰা হৈছে ৷ তেওঁ অসমৰ ৰাইজক পৌৰকৰ আৰু টোলকৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায় ৷ আনহাতে বিদ্যুৎ মাচুল বৃদ্ধি আৰু পৰিবহন আইনৰ নামত অত্যাধিক জৰিমনা আদায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেও তেওঁ আহ্বান জনায় ৷

লগতে পঢ়ক: Abolition of districts: হোজাই জিলা বিলুপ্তিকৰণৰ সন্দৰ্ভত চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.