ETV Bharat / state

মাইক্ৰ'ফাইনেন্সৰ ঋণঃ ফুটুকাৰ ফেনত পৰিণত চৰকাৰৰ প্ৰতিশ্ৰুতি

author img

By

Published : Sep 13, 2022, 9:04 PM IST

বিধানসভাত বিধায়ক অখিল গগৈৰ প্ৰশ্ন(Akhil Gogoi react on microfinance) । উত্তৰত মন্ত্রী অজন্তা নেওগ । অসমৰ মহিলাসকলে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা লোৱা ১২,৫০০ কোটি টকা ঋণৰ বিপৰীতে চৰকাৰে পৰিশোধ কৰিছে কেৱল ১,৬০০ কোটি টকা (Govt fails to fulfil promise to repay loans) ।

akhil gogoi react on microfinance in assembly
মাইক্ৰ'ফাইনেন্সৰ ঋণঃ চৰকাৰে প্ৰতিশ্ৰুতিৰ ১২.৭৯ শতাংশহে পূৰণ কৰিছে

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: নিৰ্বাচনৰ পূৰ্বে অসমৰ সকলো শ্ৰেণীৰ মহিলাৰ মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা লোৱা ঋণ বিজেপি ৰাজ্য চৰকাৰে পৰিশোধ কৰি দিব বুলি ঘোষণা কৰিছিল যদিও এতিয়ালৈকে চৰকাৰখনে ১২.৭৯ শতাংশ প্রতিশ্রুতিহে পালন কৰিছে । সকলো মহিলাৰ সমূদায় ঋণৰ ধন পৰিশোধ কৰি দিয়াৰ প্ৰতিশ্রুতি ফুটুকাৰ ফেনত পৰিণত হ’ল(Govt fails to fulfil promise to repay loans) । এই দাবী শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ(MLA Akhil Gogoi question in Assembly) ।

মঙলবাৰে অসম বিধান সভাত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এটা মৌখিক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্রী অজন্তা নেওগে দিয়া উত্তৰত কোৱা হয় যে ২০২১ চনৰ ৩১ মার্চ পর্যন্ত অসমৰ মহিলাসকলে মাইক্রফাইনেন্সৰ পৰা লোৱা সমূদায় ঋণৰ পৰিমাণ হ’ল ১২,৫০০ কোটি টকা । এই ঋণৰ বিপৰীতে ৰাজ্য চৰকাৰে 'অসম মাইক্র’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১' ৰ জৰিয়তে এতিয়ালৈকে ১,৫৯৯ কোটি ১৬ লাখ ৫৯ হাজাৰ ৫৯২ টকাৰ ঋণ পৰিশোধ কৰিছে ।

মুঠ ৮ লাখ ৭২ হাজাৰ ৭৪০ গৰাকী মহিলা হিতাধিকাৰীয়ে এই সকাহ লাভ কৰিছে । অৱশ্যে পৰৱৰ্তী সময়ত ২০২২-২৩ বৰ্ষত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ১৫ লাখ ঋণী মহিলাক সকাহ দিয়া হ'ব বুলি কোৱা হৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয় যে ১২ হাজাৰ ৫০০ কোটি টকাৰ ভিতৰত ১ হাজাৰ ৫৯৯ কোটি টকা ঋণ পৰিশোধ কৰাৰ অৰ্থ হ'ল ১২.৭৯ শতাংশ ঋণ পৰিশোধ কৰা(Akhil Gogoi react on microfinance) ।

অর্থাৎ বিজেপি চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ প্ৰায় তেৰ শতাংশহে পূৰ্ণ কৰিছে । অথচ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ বিধান সভাৰ নিৰ্বাচনী সভাবোৰত চিঞৰি চিঞৰি ১০০ শতাংশ ঋণ মাফ কৰাৰ কথা কৈছিল । মুখ্যমন্ত্ৰীয়ে প্রতিশ্রুতি দিছিল ১২,৫০০ কোটি টকা ঋণৰ নয়া পইচা এটাও মহিলাসকলে নিজে পৰিশোধ কৰিব নালাগে, সেই দায়িত্ব হ’ব বিজেপি চৰকাৰৰ । কিন্তু এতিয়া সেই প্রতিশ্রুতি ধোঁৱাচাঙত উঠিল । এতিয়া কেৱল সকাহ দিয়াৰ কথাহে কয় হিমন্ত বিশ্ব শৰ্মাই(Assam microfinance incentive and relief scheme) ।

সংবাদ মাধ্যমৰ সন্মুখত কৃষক নেতাজনে কয় যে মাইক্রফাইনেন্স কোম্পানীবোৰে ঋণ ঘূৰাই বিচাৰি পুনৰ অসমৰ মহিলাসকলৰ ওপৰত প্ৰবল হেঁচা প্ৰয়োগ কৰিছে, ভাবুকি দিছে আৰু সন্ত্রাস সৃষ্টি কৰিছে । অথচ এই ঋণ পৰিশোধৰ দায়িত্ব এতিয়া কেৱল চৰকাৰৰ । তেওঁ মাইক্ৰ'ফাইনেন্স কোম্পানীসমূহক অসমৰ কোনো মহিলাকে অনৈতিক আৰু বেআইনী হেঁচা নিদিবলৈ সকীয়াই দিয়ে(Akhil Gogoi demand microfinance loan waiver) ।

ৰাজ্য চৰকাৰক প্ৰতিশ্ৰুতি অনুসৰি এশ শতাংশ ঋণ পৰিশোধ কৰিবলৈ তেওঁ দাবী জনায় । তেওঁ কয় যে “দ্য আসাম মাইক্রফাইনেন্স ইষ্টিটিউচনচ (ৰেগুলেচন অব মনি লেণ্ডিং) এক্ট, ২০২২” কাৰ্যকৰী কৰিলেও ঋণী মহিলাসকল মাইক্ৰ'ফাইনেন্স কোম্পানীৰ উৎপাতৰ পৰা উদ্ধাৰ পাব । কিন্তু ৰাজ্য চৰকাৰে এইখন কাৰ্যকৰী নকৰাটোৱেই আচল ৰহস্য ।

লগতে পঢ়ক: চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক চোৰ-ডকাইত বুলি সম্বোধনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.