ETV Bharat / state

অখিলক কৰা দুৰ্ব্যৱহাৰত তীব্ৰ প্ৰতিক্ৰিয়া ভাস্কো ডি শইকীয়াৰ

author img

By

Published : May 21, 2021, 1:03 PM IST

‘‘অখিল গগৈৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে ৷ তেওঁক এজন চোৰ-ডকাইতৰ দৰে ব্যৱহাৰ কৰিছে অসম আৰক্ষীয়ে’’ ৷ বিধানসভাৰ মজিয়ালৈ নিয়াৰ পূৰ্বে বিধায়ক অখিল গগৈক কৰা দুৰ্ব্যৱহাৰত এইদৰে মন্তব্য কৰে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই ।

bhasco de saikia react on akhil gogoi
ভাস্কো ডি শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 21 মে’ : নতুন চৰকাৰৰ বিধানসভাৰ প্ৰথমখন অধিৱেশনত শপত ল’ব 125গৰাকী বিধায়কে ৷ ইতিমধ্যে শপত গ্ৰহণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যক্ৰম সম্পন্ন হৈছে ৷ দ্বিতীয় পৰ্যায়ৰ কাৰ্যক্ৰম আৰম্ভ হ’ব বিয়লি 3 বজাৰ পৰা ৷

ইফালে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বিধানসভাত প্ৰৱেশ কৰোৱা হয় শিৱসাগৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক । জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত পোনে পোনে শপত গ্ৰহণৰ বাবে বিধানসভালৈ নিয়া হয় অখিল গগৈক ৷

ভাস্কো ডি শইকীয়াৰ প্ৰতিক্ৰিয়া

ক’ভিড প্ৰট’কল ভংগ কৰি বিধানসভাৰ মজিয়ালৈ নিয়াৰ বাবে বিধানসভাৰ চৌহদতে নিৰাপত্তা বেষ্টনীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী ৷ বিধানসভাৰ মজিয়ালৈ নিয়াৰ পূৰ্বে নিৰাপত্তাৰক্ষী, স্বাস্থ্যকৰ্মী আৰু দণ্ডাধীশে তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে অখিল গগৈয়ে ৷

বিধায়ক অখিল গগৈক বাধা প্ৰদান কৰিলেও তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে আৰু শিৱসাগৰৰ উন্নয়ন কেতিয়াও স্তব্ধ নহয় বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে অখিল গগৈয়ে ৷ ইফালে অখিল গগৈক কৰা দুৰ্ব্যৱহাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই ।

তেওঁ কয় যে, শিৱসাগৰবাসী ৰাইজে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ পাচতো অসম আৰক্ষীয়ে অখিল গগৈক এজন চোৰ-ডকাইতৰ দৰে ব্যৱহাৰ কৰিছে ৷ অখিল গগৈৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে ৷ আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ধিক্কাৰ দিছে ৰাইজৰ দলে ৷

লগতে পঢ়ক : মহামাৰীৰ সময়ত টীয়কৰ এফ আৰ ইউত নাই পৰ্যাপ্ত চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.