ETV Bharat / state

বিলাসীপাৰাত কা' আন্দোলনৰ পাঁচ গৰাকী শ্বহীদক সোঁৱৰণ

author img

By

Published : Dec 11, 2020, 5:12 PM IST

Updated : Dec 11, 2020, 6:52 PM IST

12 ডিচেম্বৰত প্ৰশাসনৰ গুলিত প্ৰাণ আহুতি দিয়া পাঁচ গৰাকীকৈ ছাত্ৰ দীপাঞ্জল দাস, ছেম ষ্টেফাৰ্ড, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দীজেন্দ্ৰ পাংগিংক আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনৰ সমীপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে AJYCP, আছু আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে ৷ লগতে গৰিকত্ব সংশোধিনী আইন 2019 বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

ajycp-assu-protest-demanding-cancellation-of-caa-at-biasipara
কা' আন্দোলনৰ পাঁচ গৰাকী শ্বহীদক সোঁৱৰিলে AJYCP, আছুৱে

পশ্চিম বিলাসীপাৰা, 11 ডিচেম্বৰ : এবছৰীয়া হ'ল কা' বিৰোধী আন্দোলন ৷ নাগৰিকত্ব সংশোধিনী আইন 2019 বাতিলৰ দাবীত পুনৰ দিল্লী-দিছপুৰক সকিয়নী প্ৰদান কৰিছে অসমীয়া ৰাইজে ৷ কিয়নো কা' আমি নামানো', ' শ্বহীদ তেজ অথলে যাব দিয়া নহ'ব', 'ইনক্লাব জিন্দাবাদ' আদি শ্লোগানেৰে শুকুবাৰে উত্তাল হয় বিলাসীপাৰাৰ ৰাজপথ ৷

ajycp-assu-protest-demanding-cancellation-of-caa-at-biasipara
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা সময়ত

এই উপলক্ষে 12 ডিচেম্বৰত প্ৰশাসনৰ গুলিত প্ৰাণ আহুতি দিয়া পাঁচ গৰাকীকৈ শ্বহীদ দীপাঞ্জল দাস, ছেম ষ্টেফাৰ্ড, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দীজেন্দ্ৰ পাংগিংক আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনৰ সমীপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে AJYCP, আছু আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে ৷

ইয়াৰ সমান্তৰালবাৱে AJYCP ৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত সংগঠন তিনিটাই শাখা সাহিত্য সভা ভৱনৰ সন্মুখৰ পৰা নাগৰিকত্ব সংশোধিনী আইন 2019 বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই ৷ এই সমদলক স্থানীয় আৰক্ষীৰ এটা সঁজাতি দলে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰাৰ কথা জানিবলৈ দিছে প্ৰতিবাদী জনতাই ৷

ajycp-assu-protest-demanding-cancellation-of-caa-at-biasipara
AJYCP ৰ হুংকাৰ কা' আমি নামানো

উল্লেখ্য যে, 2019 চনৰ আজি দিনটোতে সেই সময়ত সংসদত উত্থাপিত নাগৰিকত্ব সংশোধিনী বিধেয়ক 2019 ৰ বিৰোধে জাঙুৰ খাই উঠিছিল সমগ্ৰ অসমে ৷ কা' অসমীয়া মানি নোলোৱা প্ৰতিশ্ৰুতিৰে স্বতঃস্ফূৰ্ত ভাৱে ৰাজপথলে ওলাই আহিছিল অসমীয়া ৰাইজ ৷ নেতৃত্ববিহীন ভাৱে ছাত্ৰ সমাজে ঘেৰাও কৰিছিল দিছপুৰ ৷

লগতে পঢ়ক:CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

Last Updated :Dec 11, 2020, 6:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.