ETV Bharat / state

Ajp Press Meet: মন্ত্ৰী শুক্লবৈদ্যৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন অজাপৰ

author img

By

Published : Apr 11, 2023, 9:13 PM IST

অজাপৰ‌ সভাপতি লুৰীণজ্যোতি গগৈক অপমানসূচক মন্তব্য কৰা বিজেপিৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক শিষ্টাচাৰ শিকিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানৰ (AJP reacts on Parimal Suklabaidya Behavior)৷

AJP reacts on Parimal Suklabaidya Behavio
মন্ত্ৰী শুক্লবৈদ্যৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন অজাপৰ

মন্ত্ৰী শুক্লবৈদ্যৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন অজাপৰ

গুৱাহাটী, 11 এপ্ৰিল: বিজেপিৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক শিষ্টাচাৰ শিকাৰ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানে (AJP reacts on Parimal Suklabaidya Behavior)। মঙলবাৰে গুৱাহাটীত অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানে এক সংবাদমেল অনুষ্ঠিত (AJP Press Meet in Guwahati) কৰি কয় যে, কিছুদিন পূৰ্বে হাজোত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে অজাপৰ‌ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি ১৪ টা প্ৰশ্ন উত্থাপন কৰিছিল ৷

ইয়াৰ পিচতে বিজেপিৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অজাপৰ‌ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতি অপমানসূচক মন্তব্য কৰে (Lurinjyoti Gogoi questioning PM)। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়, ‘‘প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ সি কোন ? আমি তাক কিয় উত্তৰ দিম ? সি হেডমাষ্টৰ নেকি ? এটা ৰাজনৈতিক দল হিচাপে এই প্ৰশ্ন কৰাটো আমাৰ অধিকাৰ ৷ আমি প্ৰশ্ন কৰিবই লাগিব ৷’’

লগতে নেতাজনে (AJP slams BJP) কয়, ‘‘অজাপৰ‌ সভাপতি লুৰীণজ্যোতি গগৈক সি বুলি সম্বোধন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অপসংস্কৃতিৰ পৰিচয় দিছে। এয়া‌ অসমীয়াৰ সংস্কৃতি নহয় । অসমীয়া‌‌ই সম্মানীয় লোকক সি বুলি সম্বোধন নকৰে । আমি আচৰিত হৈছো যে বিজেপি দল ইমান অহংকাৰী ৷ আমি এটা শাসকীয় দলৰ পৰা ভদ্ৰোচিত ব্যৱহাৰ প্ৰত্যাশা কৰো ৷ আমি প্ৰশ্ন কৰিছিলো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক ৷ পৰিমল শুক্লবৈদ্যক আমি জনাব বিচাৰিছো যে, প্ৰশ্ন কৰ্মচাৰীক কৰা নহয় , প্ৰশ্ন কৰা হয় মালিকক ৷ আমি এই প্ৰশ্ন আপোনাক কৰা নাছিলো ৷ আপুনি মন্ত্ৰী হিচাপে এই প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছে দিয়ক, কিন্তু উত্তৰ দিওঁতে আপুনি সৌজন্যতা ৰক্ষা কৰা উচিত ৷ অসমীয়া মানুহৰ সংস্কৃতি ভদ্ৰোচিত হোৱা উচিত ৷ আমি শাসকীয় দলৰ নেতৃত্বক আহ্বান জনাইছো আপোনালোকে আপোনালোকৰ দলৰ লোকক শিষ্টাচাৰৰ পাঠ দিয়াটো উচিত ৷’’

উল্লেখ্য যে, অহা ১৪ এপ্ৰিলত অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ১৪ টা প্ৰশ্নৰ উত্তৰ দাবী কৰি মঙলবাৰে প্ৰধানমন্ত্ৰী কাযালয়লৈ অজাপৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে বুলি সংবাদমেলখনত সদৰী কৰে ৰহমানে (AJP memorandum to PM)।

এই প্ৰশ্নকেইটাৰ ভিতৰত আছে অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কেতিয়া হ’ব ? বিদেশীয়ে টালি-টোপোলা বান্ধি কেতিয়া দেশ এৰিব ? খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ কেতিয়া নিশ্চিত হ’ব ? নামনি সোৱণশিৰি প্ৰকল্প সন্দৰ্ভত বিজেপি চৰকাৰে ওলোটা খৰ মাৰিলে কিয় ? আপুনি দিয়া প্ৰতিশ্ৰুতি মতে ১৫ লাখ টকা বেংক একাউন্টত কেতিয়া সোমাব ?

লগতে পঢ়ক: Accident Controversy: বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বাহনৰ খুন্দাত যুৱকৰ মৃত্যু; আপৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.