PFI ৰে সম্পৰ্ক থকা AIUDF নেতাক নিলম্বন

author img

By

Published : Sep 28, 2022, 11:01 PM IST

AIUDF leader arrested for involvement in PFI

পি এফ আইক নিষিদ্ধ ঘোষণা কৰাৰ পাছত দলৰ পৰা নিলম্বন কৰা হ'ল এ আই ইউ ডি এফৰ বৰপেটা জিলা কমিটিৰ সাধাৰণ সম্পাদক ফৰহাদ আলীক (AIUDF leader arrested for involvement in PFI) । মঙলবাৰৰ দিনটোত অসমৰ পৰা ২৫ জন পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল ।

গুৱাহাটী,২৮ ছেপ্টেম্বৰঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল এ আই ইউ ডি এফৰ বৰপেটা জিলা কমিটিৰ সাধাৰণ সম্পাদক ফৰহাদ আলী(AIUDF leader arrested for involvement in PFI) । জিলা পৰ্যায়ৰ নেতাজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে প্ৰেছ বিবৃত্তিযোগে সাধাৰণ সম্পাদকগৰাকীক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে দলে ৷ উল্লেখ্য যে, শেহতীয়াকৈ দেশজুৰি চলোৱা অভিযানৰ পাছতে পি এফ আইক ভাৰত চৰকাৰে ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে(Centre bans PFI for 5 years) ।

নিষিদ্ধ ঘোষণা কৰাৰ পাছতে অসমত অভিযান আৰু অধিক তীব্ৰতৰ কৰি তোলা হৈছে(Raids against PFI) । ছীল কৰি দিয়া হৈছে ৰাজ্যৰ এটাৰ পাছত আন এটাকৈ পি এফ আইৰ কাৰ্যালয় । লগতে গ্ৰেপ্তাৰ কৰা হৈছে পি এফ আইৰে জড়িত নেতা-কৰ্মীক ।

AIUDF leader arrested for involvement in PFI
PFI ৰে সম্পৰ্ক থকা AIUDF নেতাক নিলম্বন

ৰাজনৈতিক ছত্ৰছায়াত থাকি ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰে জড়িত আছিল এ আই ইউ ডি এফৰ নেতা ফৰহাদ আলী ৷ মঙলবাৰে নেতাজন গ্ৰেপ্তাৰ হোৱাৰ পাছতে দলৰ পৰা নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে দলে ৷ এক বিবৃত্তিযোগে দলটোয়ে এই কথা জানিবলৈ দিয়ে ৷

বুধবাৰে তৎকালে বলৱৎ হোৱাকৈ ফৰহাদ আলীক দলৰ প্ৰাথমিক সদস্য পদৰ লগতে দলৰ সকলো দায়িত্বৰ পৰাও অব্যাহতি দিয়া হয় । উল্লেখ্য যে, NIA আৰু ED য়ে যুটীয়াকৈ চলোৱা অভিযানত এই পৰ্যন্ত ৰাজ্যৰ পৰা ২৫ জন পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ৷

লগতে পঢ়ক: Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.