Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই

author img

By

Published : Sep 28, 2022, 4:18 PM IST

Assam CM reaction on PFI Ban

ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি মাৰাথন অভিযান চলাৰ পাছত অৱশেষত মঙলবাৰ অৰ্থাৎ 27 ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংগঠনটোক নিষিদ্ধ ঘোষিত কৰে ৷ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)ৰ লগতে ইয়াৰ সহযোগী আন আঠটা সংগঠনকো ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছে (Centre bans PFI for 5 years)।

গুৱাহাটী, 27 ছেপ্টেম্বৰ: ইছলামিক সংগঠন পি এফ আইক পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে (Centre bans PFI) । অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত চলা অভিযানৰ পাছতে পি এফ আইক নিষিদ্ধ ঘোষণা কৰা হয় (Raids against PFI) । পি এফ আইক নিষিদ্ধ ঘোষণা কৰা সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ।

পি এফ আইৰ বিৰুদ্ধে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অভিনন্দন জনায় । এই সিদ্ধান্ত এক সাহসী সিদ্ধান্ত বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো সন্দৰ্ভত অসম চৰকাৰে ইতিমধ্যে ল'ব লগা পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিছে । তদুপৰি এই সন্দৰ্ভত নিৰ্দেশনাও জাৰি কৰা হৈছে । পৰৱৰ্তী সময়ত জিলাসমূহলৈ অধিসূচনা জাৰি কৰা হ'ব ।

ৰাজ্যৰ বিভিন্ন জিলাত থকা পি এফ আই আৰু চি এফ আইৰ কাৰ্যালয়সমূহ ছীল কৰা কাম ইতিমধ্যে আৰম্ভ হৈছে । নিষিদ্ধঘোষিত সংগঠনটোৰ সক্ৰিয় সকলো সদস্যক গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । গৰুখুটি কাণ্ডৰ আঁৰত পি এফ আই জড়িত আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 'কা' আন্দোলনৰ সময়তো পি এফ আই আৰু এছ এফ আইৰ গতিবিধি প্ৰত্যক্ষ কৰা হৈছিল গৈছিল ।

Assam CM reaction on PFI Ban:গৰুখুটি কাণ্ড আৰু 'কা' আন্দোলনটো জড়িত আছিল পি এফ আই

উল্লেখ্য যে, সন্ত্ৰাসবাদীক পুঁজি যোগানৰ গোচৰৰ তদন্ত চলি থকা পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পি এফ আইৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে (Popular front of India)। দেশৰ বিভিন্ন স্থানত পি এফ আইৰ বিৰুদ্ধে চলোৱা কেইবাটাও অভিযানৰ পিছত কেন্দ্ৰীয় চৰকাৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ)ৰ অধীনত সংগঠনটোক অবৈধ বুলি ঘোষণা কৰিছে । চৰকাৰে জাৰি কৰা এক জাননী অনুসৰি পি এফ আইক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে ।

ইয়াৰোপৰি পি এফ আইৰ সৈতে জড়িত থকা আন আঠটা সংগঠনকো নিষিদ্ধ কৰা হৈছে । গৃহ মন্ত্ৰণালয়ে তদন্তকাৰী সংস্থাসমূহৰ পৰা সন্ত্ৰাসবাদীৰে সম্পৰ্কৰ শক্তিশালী প্ৰমাণ পোৱাৰ পিছতহে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে । গৃহ মন্ত্ৰণালয়ৰ মতে পি এফ আই আৰু ইয়াৰ সকলো সহযোগী সংস্থাক তাৎক্ষণিকভাৱে পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে ।

নিষিদ্ধ সংগঠন ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া চমুকৈ চিমি(Students Islamic Movement of India) আৰু বাংলাদেশৰ জামাত-উল-মুজাহিদীন অৰ্থাৎ জে এম বি(Jamaat-ul-Mujahideen)ৰ সৈতে পি এফ আইৰ লিংক পোৱা গৈছিল আৰু ইয়াৰ পাছতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি গৃহ বিভাগৰ সূত্ৰত প্ৰকাশ । চলিত মাহৰ ২২ আৰু ২৭ ছেপ্টেম্বৰৰ দিনা পি এফ আইৰ বিৰুদ্ধে দেশজুৰি চলোৱা অভিযানত সংগঠনটোৰ বহু নেতা-কৰ্মী গ্ৰেপ্তাৰ হৈছিল ।

লগতে পঢ়ক: গৌৰীসাগৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.