ETV Bharat / state

Air Force show in Guwahati: গুৱাহাটীৰ আকাশত উৰিছে যুদ্ধ বিমান

author img

By

Published : Dec 8, 2021, 8:19 PM IST

Air force show in Guwahati
গুৱাহাটীৰ আকাশত উৰিছে যুদ্ধ বিমান

গুৱাহাটীবাসীৰ বাবে এক আনন্দৰ খবৰ । গুৱাহাটীৰ মাছখোৱাৰ লাচিতঘাটত প্ৰদৰ্শন হ'ব যুদ্ধ বিমানৰ বৃহৎ কুচকাৱাজ (Air force show in Guwahati)। ১২ ডিচেম্বৰত হ'বলগীয়া এই কুচকাৱাজক লৈ ইতিমধ্যে বায়ুসেনাই অব্যাহত ৰাখিছে আখৰা ।

গুৱাহাটী,৮ ডিচেম্বৰ : ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ ৫০ বছৰীয়া গৌৰৱময় সোণালী বিজয় পূৰ্তি উপলক্ষ্যে ভাৰতীয় বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে অহা ১২ ডিচেম্বৰত গুৱাহাটীৰ মাছখোৱাৰ লাচিতঘাটত প্ৰদৰ্শন কৰিব যুদ্ধ বিমানৰ বৃহৎ কুচকাৱাজ (Air force show in Guwahati) । পুৱা ১০ বজাৰ পৰা ১১ বজালৈ এঘণ্টাৰ বাবে অনুষ্ঠিত হ'বলগীয়া কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী । আনহাতে যুদ্ধ বিমানৰ কুচকাৱাজৰ বিশেষ আকৰ্ষণ হ'ব ভাৰতীয় বায়ু সেনাৰ অলংকাৰ স্বৰূপ সূৰ্যকিৰণ বিমান (IAF SKAT to hold flypast over Guwahati)।

Air force show in Guwahati
গুৱাহাটীৰ আকাশত উৰিছে যুদ্ধ বিমান

তেনেদৰে ভাগ ল'ব SU-30 MKI যুঁজাৰু বিমান, MI 17 হেলিকপ্টাৰ, আৰু MI BS-17 শ্ৰেণীৰ শেহতীয়া প্ৰযুক্তিৰে নিৰ্মিত হেলিকপ্টাৰ । ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এক সূত্ৰই সদৰি কৰা অনুসৰি কুচকাৱাজত প্ৰায় ১৪ খন সূৰ্যকিৰণ যুদ্ধ বিমান, ২ খন SU-30 MKI যুদ্ধ বিমান আৰু কেইবাখনো হেলিকপ্টাৰে ভাগ ল'ব । তেনেদৰে আকাশৰ নিম্ন উচ্চতাৰে উৰণ কৰিব লগীয়া যুদ্ধ বিমান দুখন তেজপুৰৰ বায়ু সেনা ঘাটিৰ পৰা আৰু সূৰ্যকিৰণ যুদ্ধ বিমানৰ লগতে হেলিকপ্টাৰসমূহ বৰঝাৰস্থিত বায়ু সেনাৰ ঘাঁটিৰ পৰা উৰা মাৰিব ।

Air force show in Guwahati
গুৱাহাটীৰ আকাশত উৰিছে যুদ্ধ বিমান

ইতিমধ্যে বিগত তিনি চাৰিদিন ধৰি বৰঝাৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা মাছখোৱাত কুচকাৱাজ তথা প্ৰদৰ্শনৰ বাবে সূৰ্যকিৰণ বিমানৰ বিশেষ দলে (Suryakiran Aerobatic Team of Air Force) গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত আখৰা অব্যাহত ৰাখিছে । তেনেদৰে তেজপুৰৰ বায়ু সেনাৰ ঘাটিৰ পৰাও SU-30 MKI বিমানৰ আখৰা অব্যাহত আছে ।

অহা কেইদিনত পুনৰ গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ ৰাইজে আখৰাৰ সময়ত পুনৰ যুদ্ধ বিমানৰ প্ৰচণ্ড শব্দ শুনিবলৈ পাব । মূলত উঠি অহা নতুন প্ৰজন্মৰ শিক্ষিত যুৱক-যুৱতীসকলে যাতে ভাৰতীয় বায়ু সেনাত যোগদান কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে সেই উদ্দেশ্য আগত ৰাখিয়ে পাকিস্তান বিজয়ৰ ৫০ বছৰীয়া পূৰ্তিৰ লগত সংগতি ৰাখি এনে ধৰণৰ কুচকাৱাজৰ আয়োজন কৰা হৈছে বুলি বায়ু সেনাৰ সূত্ৰই সদৰি কৰিছে ।

লগতে পঢ়ক :দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হ'ব পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.