ETV Bharat / state

মেখেলা চাদৰ পিন্ধি ৰেম্পত লয়লাস ভংগিমা লাৰা দত্তৰ

author img

By

Published : Mar 21, 2021, 8:05 PM IST

lara_dutta_on_sanjukta_dutta_dress
সংযুক্তা দত্তৰ পোচাক পিন্ধি ৰেম্পত লাৰা দত্ত

দেওবাৰে লেকমী ফেশ্বন উইকত ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা মেখেলা চাদৰ পৰিধান কৰি ৰেম্পৱাক কৰে ফেশ্বন তথা বলীউড সুন্দৰী লাৰা দত্তই ৷ সংযুক্তাৰ শেহতীয়া ডিজাইনৰ পোচাক পৰিধানেৰে ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষণীয় ৰূপত দেখা যায় অভিনেত্ৰী গৰাকীক ৷

গুৱাহাটী,21 মাৰ্চ: মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি জনপ্ৰিয়তা লাভ কৰা ডিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমী ফেশ্বন উইকত দেওবাৰে প্ৰদৰ্শন কৰে তেওঁৰ নতুন সংগ্ৰহ ‘শুকুলা’ । ফেশ্বন তথা বলীউড সুন্দৰী লাৰা দত্তক সংযুক্তাৰ শেহতীয়া ডিজাইনৰ পোচাক পৰিধানেৰে ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষণীয় ৰূপত দেখা যায় ৷

এই সন্দৰ্ভত সংযুক্তা দত্তই কয় যে, ‘‘লেকমী ফেশ্বন উইকত মোৰ শেহতীয়া ডিজাইনৰ পোচাক প্ৰদৰ্শন কৰি অতিকৈ উৎসাহিত তথা আনন্দিত । সকলো প্ৰতিষ্ঠিত তথা প্ৰখ্যাত ডিজাইনাৰৰ বাবে তেওঁলোকৰ সৃষ্টিৰাজি প্ৰদৰ্শন কৰাৰ বাবে লেকমী ফেশ্বন উইক এক উত্তম প্লেটফৰ্ম । তেওঁলোকৰ মাজত মোৰ সংগ্ৰহখিনি প্ৰদৰ্শন কৰিব পৰাতো মোৰ বাবে যেনেদৰে গৌৰৱৰ কাৰণ, ঠিক তেনেদৰে এক প্ৰত্যাহ্বানো’’ ।

সংযুক্তা দত্তৰ পোচাক পিন্ধি ৰেম্পত লাৰা দত্ত

লগতে তেওঁ কয় কয়, ‘‘লাৰা দত্তৰ সৈতে কাম কৰাতো এক আনন্দদায়ক অভিজ্ঞতা । মোৰ নতুন সংগ্ৰহ ‘শুকুলা’ অৰ্থাৎ উজ্জ্বল শুধ বগা যেন শান্তি আৰু পবিত্ৰতাৰ এক বাংময় প্ৰকাশ’’ ।

আনহাতে সংযুক্তাৰ সংগ্ৰহৰ বিষয়ে লাৰা দত্তই কয় যে, ‘‘সংযুক্তাৰ এই সংগ্ৰহ ‘শুকুলা’ যেন সূতাৰে বোৱা এক কবিতা, য’ত অলেখ কাহিনী গাঁঠি থোৱা আছে । সেয়া যেন পৱিত্ৰ, শান্ত যদিও উজ্জ্বল এক প্ৰকাশ’’।

লগতে পঢ়ক : গন্ধমৌত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.